বেংক ডুবিলেও গ্রাহকসকলৰ শংকাৰ কোনো কাৰণ নাই । গ্রাহকসকলে তেওঁলোকৰ টকা ঘূৰাই পাব ।
আজি দিল্লীত বেংকৰ এটা অনুষ্ঠানত এই আশ্বাস দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । প্রধানমন্ত্রীগৰাকীয়ে কয় যে বেংক ডুবিলে তিনি মাহৰ ভিতৰত সর্বোচ্চ পাঁচ লাখ টকা পাব গ্ৰাহকসকলে । এই নিয়মৰ অধীনত দেশৰ ৯৮ শতাংশ গ্রাহক উপকৃত হ’ব ।
প্রধানমন্ত্রী মোদীয়ে আজি কয়, ‘সমস্যা জিয়াই ৰখাৰ সংস্কৃতি বহু বছৰৰ পৰা চলি আহিছে । কিন্তু এতিয়া পলম নকৰাকৈ সেইসমূহ সমস্যাৰ দ্রুত সমাধান কৰা হৈছে । যদি বেংক ডুবিও যায়, ৯০ দিনৰ ভিতৰত গ্রাহকে তেওঁৰ ‘টকা’ পায় যাব । দেশৰ বহু পণ্ডিত, অর্থনীতিবিদে নিজৰ দৰে কথা কয় । মই অতি সৰল ভাষাত কওঁ । দেশৰ সকলোৱে উন্নতি বিচাৰে । কিন্তু দেশৰ উন্নয়নত বেংকৰ বৃহৎ ভূমিকা আছে । বেংকৰ উন্নতিৰ বাবে গ্রাহকসকলৰ জমা ধন সুৰক্ষিত ৰখা অতি প্ৰয়োজনীয় । বেংক বচাবলৈ গ্রাহকসকলক ৰক্ষাৱেক্ষণ দিব লাগিব । আমি এইটো কৰিছো ।’
তেওঁ লগতে কয়, ‘আমাৰ বেংক দেশৰ আর্থিক অৱস্থাৰ প্রতীক । সেই বেংকক শক্তিশালী কৰাৰ চেষ্টা কৰি আছো । বিগত কিছু বছৰত বহু ক্ষুদ্ৰ বেংকক বৃহৎ বেংকৰ স’তে সংযুক্ত কৰি ক্ষমতা বৃদ্ধি কৰা হৈছে । কো-অপাৰেটিভ বেংকৰ বাবে নতুন মন্ত্রণালয় তৈয়াৰ কৰা হৈছে । উদ্দেশ্য কো-অপাৰেটিভ বেংকক শক্তিশালী কৰা ।’
#WATCH | When I was CM, I repeatedly requested Centre to increase bank deposit insurance cover to Rs 5 lakhs from Rs 1 lakh but to no avail. So people sent me here to do it: PM Modi at an event on 'Depositors First: Guaranteed Time-bound Deposit Insurance Payment up to Rs 5 Lakh' pic.twitter.com/GoEE34Jy2r
— ANI (@ANI) December 12, 2021
তেওঁ পুনৰ কয়, ‘যেতিয়া গুজৰাটাৰ মুখ্যমন্ত্রী আছিলো তেতিয়া কেন্দ্রক বহুবাৰ অনুৰোধ কৰিছিলো বেংক ডিপজিট ইনছুৰেন্সৰ পৰিমাণ এক লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হওক । কিন্তু একো কাম নহয় । এতিয়া মই ইয়াত আৰু সেই কাম মই কৰি দিছো । আগতে কোনো বেংক দেউলিয়া হৈ গ’লে ৫০ হেজাৰ টকা পাইছিল । পাছত এক লাখ টকালৈ বৃদ্ধি কৰা হয় । পাছত পুনৰ বৃদ্ধি কৰি পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।’






























