২০১৮-১৯ বৰ্ষত প্রথমবাৰৰ বাবে অসমত অত্যাধুনিক ৰূপত সাজু কৰি তােলা হৈছিল ভ্রাম্যমান যাদু প্রদর্শনী প্রাগ মায়া মেজিক থিয়েটাৰ । হাতত লৈছিল যাদু সম্রাট বিক্রমে।
২০১৮-১৯ বৰ্ষত ৰাইজৰ বিপুল সঁহাৰি আৰু জন সমাগমৰ পাছত দুটা বছৰ ক’ভিড ১৯ আৰু চৰকাৰৰ এছঅ’পি ৰ পৰিপ্ৰেক্ষিতত স্থবিৰ হৈ পৰিছিল প্রাগ মায়া মেজিক থিয়েটাৰ ।
কিন্তু বিগত দুটা বছৰৰ বিৰতিৰ পাছত ২০২১-২২ বৰ্ষৰ বাবে পুনৰ ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে প্রাগ মায়া মেজিক থিয়েটাৰ ।
যাদু জগতৰ সর্ববৃহৎ প্রকল্পটোৰ সবিশেষ অসমৰ ৰাইজ আৰু আয়ােজক সমিতি সকলক জনাবলৈ আজি এক সংবাদ মেল অনুষ্ঠিত কৰে যাদু সম্রাট বিক্রমে।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই সংবাদ মেলত তেওঁ কয়, “অসমৰ যাদুৰ জগতত ভ্রাম্যমান যাদু প্রদর্শনী হৈছে এক অভিনৱ সংযােজন। দীর্ঘদিনীয়া চিন্তা চর্চাৰে এই ভ্রাম্যমান যাদু প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছিল আৰু ইয়াক পূর্ণাংগ ৰূপ দিবলৈ সক্ষম হৈছিলাে ২০১৮-১৯ বৰ্ষত প্রাগ মায়া মেজিক থিয়েটাৰৰ নামত।”
লগতে তেওঁ জনাই যে নিমন্ত্রণকাৰীয়ে অতি কম কষ্টত, কম ব্যৱস্থাত প্রায় পূর্ণাংগ ভ্রাম্যমান থিয়েটাৰৰ সমানে আয় পাবলৈ সক্ষম হব পাৰে।
২০১৮-১৯ বৰ্ষত ৰাইজৰ বিপুল সহাৰি পােৱাৰ পাছত অতি সুখেৰে আমি জনাও যে পুনৰ ২০২১-২২ বৰ্ষৰ বাবে সাজু হৈছাে। প্রাগ মায়া মেজিক থিয়েটাৰ বিগত বাৰৰ দৰেই এইবাৰাে দুদিনীয়া যাদু প্রদর্শনৰ ব্যৱস্থা থাকিব।
ন-পুৰণি আকর্ষণীয়,আচৰিত, অদ্ভুত শিহৰণকাৰী যাদুৰ মাজেৰে যাদু প্রেমিক যাদুৰ আমােদ দিবলৈ সাজু হৈছে এই পূর্ণাংগ যাদু দল। এই দলত থাকিব বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত ১৫ জন সদস্য।
৫০০ আশনযুক্ত এই ভ্রাম্যমান যাদুৰ প্রেক্ষাগৃহত অত্যাধুনিক পােহৰ আৰু কাৰুকাৰ্য্য সংযােজন থাকিব। ইতিমধ্য ২০২১-২২ বৰ্ষৰ বাবে নগাওঁ, লখিমপুৰ, ধেমাজি ইত্যাদি ঠাইলৈ নিমন্ত্রিত হৈছে।
প্রাগ মায়া মেজিক থিয়েটাৰক নিমন্ত্রণ কৰিব বিচাৰিলে ৮৮২ ২৯৯২২০০ ফোন নম্বৰত যােগাযােগ কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে।




























