আজি বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি৷বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি বিটিআৰ সদৰ কোকৰাঝাৰৰ লগতে বাগসাৰ শালবাৰীতো উদযাপন কৰা হয়৷
বিটিআৰ চৰকাৰৰ নিৰ্দেশমৰ্মে শালবাৰী কলেজত উদযাপন কৰা কাৰ্যসূচীৰ পাতনিতে ৰাতিপুৱা পতাকা উত্তোলন কৰা হয়৷তাৰ পাছতেই বিটিআৰৰ লগতে সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা হোৱাৰ উদ্দেশ্যে শালবাৰী কলেজৰ ফালৰপৰা শান্তিৰ প্ৰতীক এযোৰ পাৰ চৰাই উৰুৱাই দিয়া হয়৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি শালবাৰী কলেজৰ অধ্যক্ষ জগত বসুমতাৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োই যিবোৰ পদক্ষেপ হাতত লৈছিল সেয়া এটাৰ পাছত আনটোৰ প্ৰতিফলন হৈ আছে বুলি মন্তব্য কৰি বিটিআৰ আৰু অসম চৰকাৰৰ পদক্ষেপ আৰু প্ৰচেষ্টা খুবেই ভাল বুলি উল্লেখ কৰে৷
তেওঁ অসমৰ পৰা হত্যা হিংসা মুক্ত কৰাৰ্থে অহোপুৰুষাৰ্থ চেষ্টা চলোৱাৰ বাবে আজিৰ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷


































