Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ বাবে মাটিৰ জোখ-মাখ

publisher by publisher
February 13, 2022
in Assam, News
Reading Time: 1 min read
0
ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ বাবে মাটিৰ জোখ-মাখ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

‘মােৰ বয়স বর্তমান প্রায় ৬০ বছৰ। জন্মলগ্নৰে পৰা শ্যামপুৰ চাপৰিতে কৃষিকৰ্ম কৰি আহিছাে। মই সেইফালৰ পৰা চাবলৈ গ’লে আমাৰ গাঁৱৰ ৰাইজে শ্যামপুৰ চাপৰিত যােৱা ৫০ বছৰে খেতি-বাতি কৰি জীৱন নির্বাহ কৰি আহিছাে। পৰিয়াল চলাইছাে। বেমাৰ- আজাৰে, ল’ৰা-ছােৱালীৰ পৰা পঢ়াই-শুনাই সকলাে খৰচ খেতিডৰাৰ পৰাই ওলায়।

ADVERTISEMENT

এতিয়া হঠাৎ চৰকাৰে কৈছে শ্যামপুৰ চাপৰি চৰকাৰৰ। আমাৰ পৰা ঘূৰাই ল’ব আৰু ছিপাঝাৰৰ উচ্ছেদিতসকলক ইয়াতে পুনৰ সংস্থাপন দিব। আমি প্রতিবাদ কৰা নাই। কাৰণ আমাক কৈছে, চৰকাৰৰ তথা জিলা প্রশাসনৰ সিদ্ধান্তত বিধি-পথালি দিয়াজনক গুলীয়াই মৰা হ’ব।

গতিকে নীৰৱে চকুলাে টুকি মাটি এৰি দিছাে চৰকাৰক।’ কথাখিনি কৈ শ্যামপুৰ লাটৰ গাঁওবুঢ়া প্রায় ৬০ বছৰীয়া আলী আকবৰে উচুপি উঠিল। মূৰৰ টুপী খুলি দুগালেদি বৈ অহা চকুপানী মচি কিছু সময় নীৰৱে আছিল। আজি তেওঁ নিজৰ চোতালৰ পৰা আগফাললৈ ওলাই অহা নাই। কাৰণ আজিৰ পৰা তেওঁলােকৰ খেতিডৰাত জিলা প্রশাসনৰ বিষয়া-কৰ্মচাৰী আহি ধলপুৰৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিবলৈ মাটিৰ জোখ-মাখ আৰম্ভ কৰিছে।

গাঁওবাসীক বিশেষকৈ গাঁও পঞ্চায়ত, গাঁওৰক্ষী আৰু গাঁওবুঢ়া সকলােকে সতর্ক কৰি দিয়া হৈছে যে ওলাই আহি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলেই উচিত প্রত্যুত্তৰ দিয়া হ’ব। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীৰ নেতৃত্বত আৰু আৰক্ষী, চিআৰপি বাহিনীৰ উপস্থিতিত শুকুৰবাৰে পুৱাৰ পৰাই দলগাঁৱৰ শ্যামপুৰ পঞ্চায়তৰ অন্তৰ্গত শ্যামপুৰ চাপৰিত জিলাখনৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ উদ্দেশ্যে নির্ধাৰিত ভূমিৰ জোখ-মাখ আৰম্ভ কৰিছে।

শ্যামপুৰ লাটৰ গাঁওবুঢ়া আকবৰ আলীয়ে দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰাৰম্ভিক পর্যায়ত দৰং জিলা প্রশাসনে ধলপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ কাৰণে চিনাক্ত কৰা আৰু জোখ-মাখ কৰা মাটিত কমেও তিনিশ পৰিয়ালে খেতি-বাতি কৰি জীৱন নির্বাহ কৰি আহিছে। আকবৰে জনােৱা মতে, উক্ত মাটিডৰাৰ বাহিৰে শতাধিক পৰিয়ালৰ কোনাে বিকল্প খেতি-মাটি নাই।

এনে পৰিপ্ৰেক্ষিতত বহু পৰিয়ালৰ জীৱন-জীৱিকালৈ অমানিশা নামি আহিব। আকবৰে পুনৰ কয়,’ধলপুৰৰ কৃষক পৰিয়ালসমূহকতাে মাৰি পেলালেই, এতিয়া আমাকো মাৰিছে। আহি থকা দিন বিলাকত আমি ক’লৈ যাম, কি কৰিম, কেনেকৈ জীয়াই থাকিম আদি এশ এবুৰি প্রশ্নই আমাৰ মন-মগজুক ছানি ধৰিছে। শ্ৰম কৰিবলৈ সুযােগ নাপালে, খাবলৈ নাপালে, আমাৰ ল’ৰা-ছােৱালীয়ে চুৰি-ডকাইতি কৰিব লাগিব আৰু আমি পিতৃ-মাতৃসকলে আত্মহত্যা কৰিব লাগিব।’

শ্যামপুৰৰ মুখিয়াল তথা সমাজসেৱী আনােৱাৰ আলীয়ে এই সম্পর্কত ‘দৈনিক অগ্রদূত’ক কয় যে কিছুদিন পূর্বে শ্যামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু দৰং জিলাৰ জিলা উপায়ুক্তই ভাগে ভাগে শ্যামপুৰ গাঁও পঞ্চায়তৰ সভাপতি মহিদুল ইছলাম প্রমুখ্যে দুই নম্বৰ শ্যামপুৰৰ মুখিয়াল আবু বাক্কাৰ, এক নম্বৰ শ্যামপুৰৰ মুখিয়াল জালাল উদ্দিন, তিনি নম্বৰ শ্যামপুৰৰ মুখিয়াল আশাক উল্লাহ আৰু শ্যামপুৰ লাটৰ গাঁওবুঢ়া আকবৰ আলীকে ধৰি সংশ্লিষ্ট সকলাে গাঁওবুঢ়া, পঞ্চায়ত সদস্য, গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক নিজ নিজ কার্যালয়লৈ মাতি নি সন্মতিপত্ৰত হস্তাক্ষৰ আদায় কৰি সমগ্ৰ আলােচনাৰ মুহূৰ্তৰ ফটোগ্রাফ আৰু ভিডিঅ’গ্রাফ গ্ৰহণ কৰি ঊর্ধ্বতন কর্তৃপক্ষলৈ প্ৰেৰণ কৰে।

উক্ত আলােচনাত শ্যামপুৰবাসীক জিলা প্রশাসনে স্পষ্ট কৰি দিয়ে যে সন্মতি প্রদানৰ অবিহনে স্থানীয় কৃষকৰ আন কোনাে বিকল্প নাই। আলীয়ে কয়, ‘উক্ত আলােচনাত আমাক স্পষ্ট কৰি দিছিল যে শ্যামপুৰ চাপৰিৰ মাটি পুনৰ সংস্থাপনৰ কাৰণে ঘূৰাই লােৱাৰ সিদ্ধান্ত চৰকাৰৰ।

গতিকে জিলা প্রশাসনাে চৰকাৰৰ নির্দেশ পালন কৰিবলৈ বাধ্য অন্যথা যে আমাৰ ওপৰত আইনী ব্যৱস্থাৰ লগতে বন্দুকৰ নলীৰে উত্তৰ দিয়া হ’ব তাক বুজাই দিয়া হৈছিল। গতিকে আমি সকলাে এৰি দিছাে। আমি মাথোঁ নিজকে নিজে প্রশ্ন কৰিছাে— চৰকাৰে অন্য ঠাইত মানুহৰ বসতি, খেতি-বাতি নথকা চাপৰি বিচাৰি নাপালে নেকি? কাৰােবাক সংস্থাপন দিবলৈ গৈ আমাক কিয় মাৰি পেলালে?’উল্লেখ্য যে শ্যামপুৰ চাপৰিলৈ দলগাঁও ৰাজহ চক্র কার্যালয়ৰ পৰা পাঁচ কিলােমিটাৰ দূৰত্বত অৱস্থিত।

অর্থাৎ দলগাঁও নগৰৰ পৰা দক্ষিণ দিশে ঢেকেৰীগাঁও হৈ ৰৌমাৰী, শিয়ালমাৰী আৰু খেৰণি হৈ ব্ৰহ্মপুত্ৰৰ নাতিদূৰৈত শ্যামপুৰ চাপৰি। শ্যামপুৰ চাপৰিৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুলৈ মাজত মাত্র দুই কিলােমিটাৰ। অৱশ্যে শ্যামপুৰ চাপৰিৰ পশ্চিমে আন এক নদী শুকাজান বৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ।

ব্ৰহ্মপুত্ৰৰ পৰা দুই কিলােমিটাৰ নিলগত শ্যামপুৰ চাপৰি অৱস্থিত যদিও বাৰিষা সমগ্ৰ চাপৰি অঞ্চলটো জলমগ্ন হৈ কমেও পাঁচ ফুট পর্যন্ত ডুব যায়। ফলস্বৰূপে স্থানীয় কৃষকে বছৰৰ পাঁচমাহহে খৰালিত শাক-পাচলিৰ খেতি কৰিবলৈ সুযােগ পায়। শ্যামপুৰ চাপৰিত কালিৰে পৰা আৰম্ভ হােৱা মাটিৰ জোখ-মাখ সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰীয়ে ‘দৈনিক অগ্রদূত’ক কয়, ‘নির্ধাৰিত ভূমিত পুনৰ সংস্থাপনৰ উদ্দেশ্যে আজিৰ পৰা জোখ-মাখ আৰম্ভ হৈছে যদিও এয়া একেবাৰে প্ৰাৰম্ভিক পর্যায়।

ইয়াত কিমান মাটি আছে, কিমান পৰিয়ালক সংস্থাপন কৰিব পৰা যাব আৰু পুনৰ সংস্থাপনৰ প্রক্রিয়া কেতিয়াৰ পৰা হ’ব আদি সবিশেষ একোৱেই ক’ব পৰ হােৱা নাই। ‘কেৱল শ্যামপুৰ চাপৰিতে ধলপুৰৰ সকলাে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰিব পৰা নাযাব আৰু দাঁতি-কাষৰীয়া আন আন অঞ্চলতাে ভূমি বিচাৰিব লাগিব বুলিও ৰাজহ চক্ৰ বিষয়া চৌধুৰীয়ে প্রকাশ কৰে।

তেওঁ কয়, সমগ্র ‘অঞ্চলটোত ক’ত কিমান চৰকাৰী মাটি আছে চালি-জাৰি চাই উলিয়াব লাগিব। আজি তাত জোখ-মাখ কৰিছাে কেৱল এয়াই পর্যাপ্ত নহয়।’ উল্লেখ্য যে শুকুৰবাৰে জোখ-মাখ কৰা ঠাইৰ চাৰিওদিশত প্রশাসনে দীঘল দীঘল বাঁহৰ মূৰত ৰঙা কাপােৰ বান্ধি চিন দি থয়।

এই জৰীপৰ সময়ত স্থানীয় কৃষকসকলে শান্তিপূর্ণভাৱে সমগ্র প্রশাসনিক প্রক্রিয়াটো নীৰৱ দর্শক হৈ প্রত্যক্ষ কৰে। ‘তাৎপর্যপূর্ণ যে শুকুৰবাৰে জোখ-মাখ কৰা মাটিৰ সীমা বহু পৰিয়ালৰ আগ চোতালৰ পৰাই আৰম্ভ হৈছে। পাঁচটা সন্তানৰ মাতৃ চালেহা বেগমে ‘দৈনিক অগ্রদূত’ৰ আগত কয়,’চৰকাৰে চাপৰিত মাটি বিচাৰি নাপালে। আমাৰ খেতিডৰাহে নিবলৈ ওলাইছে।

মােৰ তিনিটা ল’ৰাই খৰালি তিনি বিঘা মাটিত শাক-পাচলিৰ খেতি কৰিছিল। বাৰিষা মাটিডৰা পানীত তল যায়, গতিকে কেৰালা, কর্ণাটক আদি ৰাজ্যত কোম্পানীৰ কাম কৰিবলৈ যায়। এতিয়াৰ পৰা আমাৰ খেতি-মাটি নাথাকিব। ঘৰৰ ভেটি মাত্র ডেৰ কঠা।

গতিকে তিনিওটা ল’ৰাই এতিয়াৰ পৰা গােটেই বছৰটো বহিঃৰাজ্যত হাজিৰা কৰিব লাগিব। ‘আন এজন স্থানীয় কৃষক মজিবুৰ ৰহমানে কয়, ‘জিলা প্ৰশাসনৰ মানুহে হঠাৎ আহি আজি মাটিডৰাত ৰঙা চিন দি দিছে। মােৰ পাঁচ বিঘা মাটিত মাকৈ খেতি কৰিছিলাে।

এফুটমান ওখ হৈছিলহে মাথোঁ। আনৰ পৰা আৰু ছবিঘা বন্ধকত লৈ ফুলকবি, জলকীয়া, বন্ধাকবি, জাতি লাও ইত্যাদি ৰুইছিলাে। ভাবিছিলাে ল’ৰাটোৰ কলেজৰ মাচুল আৰু ছােৱালীজনীৰ স্কুলৰ বছৰটোৰ খৰচ ওলাব। আজি কেৱল ময়েই নহয়, মােৰ গােটেই পৰিয়ালটোৰ একপ্ৰকাৰ মৃত্যু হৈছে। মােৰ আৰু অন্য কোনাে পথ নাথাকিল।

মােৰ বয়সত দূৰলৈ হাজিৰা কৰিবলৈও যাব নােৱাৰিম। মােৰ ল’ৰা-ছােৱালীৰ জীৱন দিনৰ পােহৰতে নিঃশেষ হ’ল। ‘স্থানীয় লােকে ‘ দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা অনুসৰি সমগ্ৰ অঞ্চলটোৰ কে’বা ঠাইতাে দৰং জিলা প্রশাসনে পুনৰ সংস্থাপনৰ কাৰণে ভূমিৰ জৰীপ চলাই আছে।

কৃষকসকলে উদ্বেগ প্রকাশ কৰে যে প্রশাসনে জৰিপে চলােৱা সমুদায় ভূমিত শাক-পাচলি খেতিৰে শস্য-শ্যামলা হৈ আছে। জৰীপ কৰা সকলােখিনি ভূমিয়ে যদি প্রশাসনে অধিগ্রহণ কৰে তেন্তে কেবাখনাে গাঁৱৰ কৃষকৰ কে’বা কোটি টকাৰ শস্য নষ্ট হ’ব। তদুপৰি তেওঁলােকৰ জীৱন-জীৱিকা হেৰাই যাব। চৰকাৰৰ তথ্য-পাতিত শ্যামপুৰ চাপৰি বুলি উল্লেখ আছে যদিও যােৱা কে’বা দশক পূর্বেই সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে ঘন জনবসতি আৰু খেতিপথাৰত পৰিণত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDholpur
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ
India

চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

September 12, 2026
তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি

September 12, 2026
ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

September 12, 2026
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা
Assam

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

September 12, 2026
পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d