ৰাছিয়া আৰু ইউক্রেইনৰ যুঁজৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি অব্যাহত আছে । প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্য পুনৰ পাঁচ ডলাৰ বৃদ্ধি পালে ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত বুধবাৰে প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰলৈ বৃদ্ধি পোৱাৰ ফলত খাৰুৱা তেলৰ মূল্য সৰ্বকালৰ সৰ্বাধিক হ’ল । খাৰুৱা তেলৰ দ্ৰুত মূল্যবৃদ্ধিৰ ফলত ভাৰতসহ অন্যান্য দেশতো পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ শংকা প্ৰকট হৈছে ।
বিশেষজ্ঞৰ মতে ৰুছ-ইউক্ৰেইনৰ সংঘাত অব্যাহত থাকিলে আগন্তুক সময়ত খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধিৰ শংকা আছে । ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য যিকোনো সময়তে ১০ৰ পৰা ১৫ টকালৈকে লিটাৰত বৃদ্ধিৰ সম্ভাৱনা আছে বুলিও বিশেষজ্ঞই মন্তব্য কৰিছে ।





























