অসমীয়া মানুহৰ আন এটি চিনাকি হৈছে তামােল-পাণ। এনে খুব কম লােক আছে যি তামােল-পাণ নাখায় বা ব্যৱহাৰ নকৰে। ভাতসাঁজ খাই তামােল এখন মুখত ভৰােৱাৰ অভ্যাস আজিও বর্তি আছে অসমীয়া সমাজত।
তামােল পাণৰ এনে চাহিদাৰ বাবেই বাবেই তাৰ মূল্যও সময়ে সময়ে বৃদ্ধি পাই গৈ আছে; কিন্তু হঠাৎ একোখন তামােলৰ দাম পাঁচ টকালৈ বৃদ্ধি পােৱাত স্বাভাৱিকতে তামােল খােৱা প্ৰতিজন লােক অসন্তুষ্ট হৈছে। বর্তমান গুৱাহাটী চহৰৰ বিভিন্ন দোকানত চাৰি-পাঁচ টকালৈ বৃদ্ধি পাইছে একোখন তামােলৰ মূল্য।
কিছুদিন আগলৈ তিনি টকাত উপলব্ধ হােৱা একোখন তামােলৰ আজি গুৱাহাটীত ঠাই ভেদে দাম ভিন্ন। তলাবন্ধৰ পাছত তামােলৰ মূল্য তিনি টকাৰ পৰা বৃদ্ধি হৈ চাৰি টকা হৈছিল; কিন্তু যােৱা কিছুদিনৰ পৰা ই পাঁচ টকালৈ বৃদ্ধি পালে। পাইকাৰী বজাৰত তামােল-পাণৰ দাম বৃদ্ধি হােৱা বুলি সদৰী কৰি এচাম দোকানীয়ে বৃদ্ধি কৰিছে একোখন তামােলৰ দাম।
বিশেষকৈ পাণৰ দাম বৃদ্ধিৰ বাবেই একোখন তামােলৰ দাম বৃদ্ধি কৰিব লগা হৈছে বুলি ব্যৱসায়ীসকলে উল্লেখ কৰে। বর্তমান পাণৰ নাটনি হােৱা বাবেই পাণৰ পাইকাৰী দৰ বৃদ্ধি পােৱা বুলি তেওঁলােকে জানিবলৈ দিয়ে; কিন্তু এই কথা নস্যাৎ কৰিছে ফাঁচী বজাৰ পাণ তামােল ব্যৱসায়ী সন্থাই।
তেওঁলােকে জানিবলৈ দিয়া অনুসৰি তামােল-পাণৰ দাম বৃদ্ধি পাইছে যদিও এই দামে খুচুৰা ব্যৱসায়ীক লােকচানৰ মুখ দেখুৱাব পৰাকৈ বৃদ্ধি হােৱা নাই। মাঘ বিহুৰ পাছৰ পৰা পাণ-তামােলৰ দাম পূর্বতকৈ কিছু পৰিমাণে বৃদ্ধি পাইছে, কিন্তু বজাৰত এতিয়া তামােলৰ নাটনি হােৱা নাই।
কিয়নাে বর্তমান শিলং আৰু শিলচৰৰ তামােলে গুৱাহাটীৰ বজাৰ দখল কৰিছে। যাৰ বাবে বজাৰত ইয়াৰ বিশেষ প্ৰভাৱ পৰা নাই বুলি তেওঁলােকে জানিবলৈ দিয়ে। ফাঁচিবজাৰৰ পাণ তামােল ব্যৱসায়ী সন্থাৰ উপ-সভাপতি ৰজনী কলিতাই এই সম্পর্কত কয়, ‘পাইকাৰী বজাৰত বর্তমান শ্বিলঙৰ তামােল (বাকলি এৱা)ৰ মূল্য প্রতি পােণত চাৰিশ-৪৫০ টকা।
তেনেদৰে বাকলি থকা তামােল প্রতি পােণত ২৫০ টকা। তেনেদৰে শিলচৰ আৰু থলুৱা তামােল প্রতি পােণত দুশ টকা। যােৱা এমাহত প্রতি পােণত ১০-১৫ টকাহে দাম বাঢ়িছে। তেনেদৰে বাৰৈ পাণ প্রতি মুঠা ২০ খনত ২০ টকা, থলুৱা (অসমীয়া) পাণ প্রতি মুঠাত ২৫টকা।
মাঘৰ বিহুলৈ পাণৰ দাম আছিল প্রতি মুঠাত ১০ টকা। এয়া অস্বাভাৱিক বৃদ্ধি নহয়। বতৰত এইদৰে দাম উঠা-নমা কৰি থাকে। বর্তমান পাণৰ উৎপাদন কিছু কমাৰ বাবেই দাম বৃদ্ধি পাইছে। নতুন পাণ ওলালে আকৌ দাম কমিব। কিন্তু সেই অজুহাত লৈ অসাধু পাণ দোকানীয়ে একোখন তামােল চাৰি-পাঁচ টকালৈ বৃদ্ধি কৰাটো মুঠেই গ্রহণযােগ্য নহয়।
কিয়নাে ডেৰ-দুমাহৰ পাছত পাণ তামােলৰ দাম পাইকাৰী বজাৰত কমি। কিন্তু একোখন তামােলৰ দাম এবাৰ বাঢ়িলে তাক পাছত নকমায়। একোজন পাণ।
দোকানীয়ে এপােণ তামােলত ২৪০-৩২০ খনলৈ তামােল উলিয়ায়। এপােণ তামােলত তেওঁলােকৰ খৰচ হয় চাৰিশ-৪৫০ টকা। তেনেদৰে এমুঠি পাণৰ দাম ২০টকা। প্রতিখন পাণৰ বাবদ খৰচ হয় এটকা। তেনেকৈ হ’লে এটা তামােলত দোকানীৰ খৰচ হয় প্রায় পাঁচ-৫.৫০ টকা; কিন্তু এটা তামােলৰ পৰা দোকানীয়ে উলিয়াই চাৰিখন তামােল।
যদি এখনত পাঁচ টকাকৈ বিক্ৰী কৰে তেনেহলে তাৰ তেওঁ লাভ কৰে ২০ টকা। প্রায় পাঁচ-ছয় টকা খৰচ কৰি এটা তামােলত তেওঁলােকে লাভ পায় ১৪-১৫ টকা। তেনেহ’লে তেওঁলােকৰ লােকচান ক’ত? একোখন তামােল তিনি টকাত দিলেও তেওঁলােকৰ এটা তামােলত ছয় টকাকৈ লাভ থাকে। তেওঁলােকৰ তাত লােকচান নেদেখো।
তেনে স্থলত যি হাৰত তেওঁলােকে তামােলৰ দাম বৃদ্ধি কৰিছে সেয়া মানি লব নােৱাৰি।’ উল্লেখ্য, তলাবন্ধই সর্বৰ্তৰৰ ৰাইজক মাধমাৰ শােধাইছে। এতিয়ালৈ বহু লােক ধাৰত পােত গৈ আছে। আর্থিক দিশটো এতিয়াও টনকিয়াল কৰিব পৰা নাই। তাৰ পাছতাে দিনক দিনে বৃদ্ধি পাই আহিছে নিত্য প্রয়ােজনীয় সামগ্ৰীৰ দাম।
বজাৰৰ ওপৰত চৰকাৰৰ যােগান বিভাগৰ নাই কোনাে নিয়ন্ত্রণ। সক্রিয় নহয় যােগান বিভাগ। যাৰ বাবে এই সুযােগ গ্রহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ মতে বৃদ্ধি কৰি গৈছে নিত্য ব্যৱহার্য সামগ্ৰীৰ দাম।





























