পাকিস্তানৰ চৰকাৰক বিগত ৭০ বছৰৰ অধিক সময় বিশেষভাৱে প্ৰভাৱিত কৰি আহিছে দেশখনৰ সেনা বাহিনীয়ে । পাকিস্তানৰ সেনা বাহিনীয়ে দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লোৱাই নহয়, সেনাই পৰিচালনা কৰি আহিছে দেশখনত ৫০টাৰো অধিক বৃহৎ ব্যৱসায় ।
পাকিস্তানৰ সংসদত দাখিল কৰা তথ্য অনুসৰি দেশখনৰ সেনা বাহিনীয়ে পৰিচালনা কৰা ব্যৱসায়ৰ পৰিমাণ ১.৫ লাখ কোটি টকাৰো অধিক । পাকিস্তানৰ সেনাই হৈছে দেশখনৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান এই কাৰণতে সেনাই পাকিস্তানৰ চৰকাৰৰ কাম-কাজত অবাধে হস্তক্ষেপ কৰি আহিছে ।
পাকিস্তানী সেনাই পৰিচালনা কৰা ব্যৱসায়ৰ মাজত আছে পেট্ৰ’ল পাম্পৰ পৰা আৰম্ভ কৰি বেকাৰীলৈকে । সেনাৰ স’তে জড়িত পৃথক ন্যাসে দেশখনত পেট্ৰ’ল-পাম্পৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক পাৰ্ক, বেকাৰী, বিদ্যালয়, বিশ্ববিদ্যালয়, ডেইৰী ফাৰ্ম, চিমেণ্ট কাৰখানা ইত্যাদি পৰিচালনা কৰি আহিছে ।
ইফালে, ক্ৰেডিট ছুইচে যোৱা অক্টোবৰত প্ৰকাশ কৰা এটা প্ৰতিবেদনৰ তথ্য অনুসৰি পাকিস্তানৰ সেনাৰ ২৫ জন প্ৰাক্তন বিষয়াৰ ছুইচ বেংকত একাউণ্ট আছে । এইসকল সেনা বাহিনীৰ প্ৰাক্তন বিষয়াই কমেও ৮০ হেজাৰ কোটি টকা অঘোষিত ধন ছুইচ বেংকত জমা আছে । এইদৰে ছুইচ বেংকত ধন জমা ৰখা পাকিস্তানত সামৰিক বিষয়াৰ মাজত আই এছ আইৰ প্ৰাক্তন মুৰব্বী জেনেৰেল আখতাৰ আব্দুল ৰহমান খানৰ নামো আছে ।
ছুইচ বেংকত আই এছ আইৰ প্ৰাক্তন বিষয়াজনক ১৫ হেজাৰ কোটি টকা জমা আছে । স্মৰ্তব্য যে পাকিস্তানৰ ইতিহাসত বৰ্তমানলৈকে মেজৰ পৰ্যায়ৰ পৰা ওপৰৰ পদত কাৰ্যনিৰ্বাহ কৰা ৭২ জন সেনা শীৰ্ষ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে আৰু তেওঁলোকক নিলম্বন কৰা হৈছিল । ইমৰান খানৰ কাৰ্যকালতো দেশখনৰ ছজন সামৰিক বিষয়াৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ তদন্ত অব্যাহত আছে ।
পানামা পেপাৰ্ছে ফাদিল কৰা তথ্যত পূৰ্বে দাবী কৰা হৈছিল যে পাকিস্তানৰ সেনা বাহিনীত লেফটেনেন্ট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা ছফতুল্লা শ্বাহে লণ্ডনত পাঁচ হেজাৰ কোটি টকাৰ সম্পত্তি আহৰণ কৰিছিল যে আই এছ আইৰ প্ৰাক্তন মুৰব্বী মেজৰ জেনেৰেল নুছৰত নইমৰ বিদেশত ২৭০০ কোটি টকাৰ সা-সম্পত্তি থকাৰ তথ্যও পূৰ্বে ফাদিল হৈছিল ।






























