আজি এক সংবাদমেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় ,এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কৰলত৷ ডিমা হাচাওৰ অৱস্থা অবর্ণনীয়ই সম্প্রতি এক ধংসস্তুপত পৰিণত হৈছে৷
ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুর্গতসকলক উৰ্দ্ধাৰৰ কাৰণে কি কৰিছে, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ৷ পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে।
অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়৷কিন্তু, পৰিতাপৰ কথা যে নির্মাণ কেন্দ্রীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্রশ্ন সমূহ সমুলি আওকাণ কৰিছে।
ডিমা হাচাওত নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ যাত্রীবাহী ৰেল চলাচলৰ বাবে উপযোগী নহয় বুলি হেনো ২০১৫ চনতে কোৱা হৈছিল।তেন্তে কোনে সেই সতৰ্কীকৰণ অমান্য কৰিলে? তাৰ দায়িত্ব এতিয়া কোনে ল’ব?
আজি ডিমা হাচাওৰ এই অৱস্থা।কাইলৈ বৃহৎ নদীবান্ধে সমগ্র অসম উটুৱাই নিব পাৰে! আনহাতে, এই দুৰ্যোগৰ মাজতে চৰকাৰে আজি অ’ত, কাইলৈ ত’ত উচ্ছেদ আৰম্ভ কৰিছে৷




























