Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
August 19, 2024
in Uncategorized
Reading Time: 3 mins read
0
violence 1
2
SHARES
18
VIEWS
ShareShareShareShare

Preventing rape: In sloganeering or in reality?:কেৱল ভাষণতে ৰোধ হ’বনে ধর্ষণ?

#প্রাঞ্জলসেন ডেকা

মহিলাৰ ওপৰত যৌন নির্যাতন, ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনাই প্রতিদিনে দেশৰ কোনোবা নহয় কোনোবা এক বা একাধিক অঞ্চলক জোকাৰি গৈছে। লক্ষ্যণীয়ভাবে এনেবোৰ ঘটনাৰ বিৰুদ্ধে যথেষ্ট প্রতিবাদ তথা ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে যদিও ইয়াৰ সংখ্যাতো হ্রাস পোৱা নায়েই, বৰঞ্চ দিনে দিনে ব্যাপক ৰূপহে পৰিগ্ৰহ কৰিছে।

ADVERTISEMENT

আইন- শৃংখলা ৰক্ষাকাৰী বাহিনীৰ লগতে বিভিন্ন চৰকাৰে অপৰাধীসকলক সততে সতর্কবাণী শুনাই আছে যদিও সেইবোৰৰ বিন্দুমাত্রও প্রভাৱ পৰিলক্ষিত হোৱা নাই। ক্রমশঃ এক সামাজিক ব্যাধিত পৰিণত হ’বলৈ ধৰা এনেবোৰ অপৰাধৰ আধিক্যই যিকোনো সাধাৰণ লোককে হতাশ কৰি তুলিছে। কৰি তুলিছে ভীতিগ্রস্ত।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

সম্প্রতি পৰিস্থিতি এনে পর্যায় পাইছে যে স্বাধীনতা দিৱসৰ দৰে পৱিত্ৰ তথা গুৰুত্বপূর্ণ কাৰ্যসূচী উদযাপনৰ ভাষণত ঐতিহাসিক লালকিল্লাৰ পৰা স্বয়ং প্রধানমন্ত্রীয়ে দেশৰ ভগ্নী-মাতৃসকলৰ ওপৰত সংঘটিত নির্যাতনক লৈ সৰব হ’বলগীয়া হৈছে। নির্দিষ্ট কোনো ঘটনাৰ বিষয়ে পোনপটীয়াকৈ উল্লেখ নকৰিলেও কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ উদ্ভৱ হোৱা প্ৰবল জনৰোষৰ প্ৰতি লক্ষ্য কৰিয়েই যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই প্রসংগ উত্থাপন কৰে, সেয়া স্পষ্ট। এনে ঘটনাৱলীক লৈ লালকিল্লাৰ পৰাই নিজৰ গভীৰ বেদনা প্রকাশ কৰি মোদীয়ে কয় যে এখন সমাজ হিচাপে আজি মহিলাৰ ওপৰত যিবোৰ আতিশয্যৰ ঘটনা ঘটিছে সইবোৰৰ সন্দৰ্ভত গভীৰভাবে চিন্তা কৰিব লাগিব ইয়াৰ বিৰুদ্ধে দেশত প্রবল জনৰোষৰ সৃষ্টি হৈছে।

নিজেও তেনে আক্রোশ অনুভৱ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই দেশ, এই সমাজ আৰু ৰাজ্য চৰকাৰসমূহে ইয়াক অতি, গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব। মহিলাৰ বিৰুদ্ধে অপৰাধসমূহৰ দ্রুত তদন্ত কৰি এনে নাৰকীয় ঘটনা সংঘটিত কৰাসকলক শীঘ্ৰে কঠোৰ শাস্তি নিশ্চিত কৰিব লাগিব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে। ধৰ্ষণৰ দৰে ঘটনাত জড়িত অপৰাধীৰ কি নির্মম পৰিণতি হ’ব পাৰে, তাক লৈ ভীতিগ্রস্ততা সৃষ্টিৰো পোষকতা কৰে প্রধানমন্ত্রীয়ে। এনে অপৰাধীসকলৰ বিৰুদ্ধে কি ব্যবস্থা গ্রহণ কৰা হয়, সেই সম্পৰ্কত প্ৰচাৰৰ প্ৰয়োজন, যাতে ইয়েই এনেবোৰ ঘটনাত এক প্রতিবন্ধকতাৰ সৃষ্টি কৰে।

দেশৰ ইতিহাসত সর্বাধিক ৯৮ মিনিট দৈৰ্ঘ্যৰ স্বাধীনতা দিৱসৰ ভাষণৰ এক বুজন সময় মহিলাৰ বিৰুদ্ধে অপৰাধক লৈ উদ্বেগ প্রকাশ কৰাৰ লগতে তেওঁৰ চৰকাৰে বিগত ১০ বছৰত মহিলাৰ সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ
কথাও মোদীয়ে বিস্তৃতভাৱে উল্লেখ কৰে। পৰিতাপৰ বিষয় এয়ে যে কলকাতাৰ মহিলা চিকিৎসকগৰাকীৰ নৃশংস ধর্ষণ-হত্যাৰ ঘটনাটোক লৈ দেশজুৰি সৃষ্টি হোৱা ক্ষোভ আৰু তাৰ লগে লগে পশ্চিমবংগ চৰকাৰ, আনকি স্বয়ং প্রধানমন্ত্রীৰ সকীয়নিৰ পাছতো একে ধৰণৰ ঘটনা দেশত ঘটিয়েই আছে।

ইয়াৰ পূর্বেও ২০১২ত দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পাছতো দেশজুৰি একে ধৰণৰ জনৰোষে কেন্দ্ৰৰ মছনদ কঁপাই তুলিছিল। তাৰ পাছতে ধর্ষণ আৰু ধর্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্রণয়ন কৰা হয় যাতে অপৰাধীৰ মাজত ভীতি জাগ্রত হয়। তৎসত্ত্বেও পৰিস্থিতি যে অধিক শোচনীয়হে হ’ল, সেয়া দেশবাসীৰ সম্মুখত স্পষ্ট হৈ আছে। নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ তথ্য অনুসৰি২০১২ পর্যন্ত দেশত প্রতিবছৰে ২৫ হেজাৰ ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল।

বহুচর্চিত নির্ভয়া কাণ্ডৰ পাছত সেই সংখ্যা কমক ছাৰি পৰৱৰ্তী বছৰ অর্থাৎ ২০১৩ত ৩৩,৭০৭ টালৈ বৃদ্ধিহে পায়। প্ৰতিবছৰে ইয়াৰ ক্ৰমবর্দ্ধমান গতি অব্যাহত আছে। ২০১৬ত ই ৩৯ হেজাৰৰ সংখ্যা স্পৰ্শ কৰে। ২০১৮ত প্রতি ১৫ মিনিটত দেশত এগৰাকী মহিলা ধৰ্ষণৰ বলি হোৱা বুলি গোচৰ ৰুজু হয় চৰকাৰী তথ্য অনুসৰিয়েই। এই সংখ্যা সামান্য (২৮.০৪৬) হ্রাস পায় ক’ভিডকালীন ২০২০ বর্ষত।

শেহতীয়া তথ্য অনুসৰি ২০২২ত দেশত ৩১,৫১৬টা ধৰ্ষণৰ গোচৰ কজু হয়। সর্বনিম্ন ১০ বছৰৰ পৰা সৰ্বাধিক যাবজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি তথা দ্রুত আদালত, ১৬ বছৰ বয়স পর্যন্ত এনে অভিযুক্তক সাবালকৰূপে গণ্য কৰাকে ধবি অন্যান্য সংশোধনৰ পাছতো ধর্ষণ তথা যৌন নির্যাতনৰ ঘটনা বৃদ্ধিৰ আঁৰত কিহে ক্ৰিয়া কৰিছে তাৰ গভীৰ বিশ্লেষণৰ প্ৰয়োজন আছে।

আমাৰ বোধেৰে ইয়াৰ এক অন্যতম প্রধান কাৰণ হ’ব পাৰে- আইনৰ প্ৰতি ভয়হীনতা। অধিকাংশ এনে অপৰাধীয়েই ধাৰণা কৰে যে তেওঁলোকে অপৰাধ কৰিও সাৰি যাবলৈ সক্ষম হ’ব। ইয়াৰ কাৰণো অৱশ্যে নথকা নহয়, এনচিআৰবিৰ তথ্য অনুসৰি যোৱা ২০১৮ৰ পৰা ২০২২ বৰ্ষৰ কালছোৱাত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছে মাত্র ২৭-২৮ শতাংশ অপৰাধী: অর্থাৎ ৭০ শতাংশবো অধিক অপৰাধী দোষী সাব্যস্ত নোহোৱাকৈ সাৰি যাবলৈ সক্ষম হৈছে।

অথচ যোৱা ২০১২ৰ নির্ভয়া কাণ্ডৰ পাছবে পৰা ধর্ষণ আৰু ধর্ষণকাৰীৰ বিৰুদ্ধে কি চৰকাৰ, কি আৰক্ষী বাহিনী প্রত্যেকেই ব্যাপক সজাগতা আৰু সতর্কতা প্রদর্শন কৰি আহিছে। এইবোৰ যে তেনেই জনসাধাৰণৰ চকুত ধূলি দিয়াহে কাৰবাৰ চৰকাৰী পৰিসংখ্যাই তাকেই নির্লজ্জভাবে উদঙাই দিয়া নাই নে? এই একে সময়ছোৱাতে হত্যা, অপহৰণ, সংঘর্ষ আক গুৰুতৰ আঘাত হনাৰ লগতে পাঁচটা গুৰুতৰ অপৰাধৰ ভিতৰত ধৰ্ষণত দ্বিতীয় সর্বনিম্ন সংখ্যক দোষী সাব্যস্ত হৈছিল।

ইয়াৰ বিপৰীতে আন দেশৰ স’তে তুলনা কৰিলে দেখা যায় যে ধৰ্ষণৰ দৰে গোচৰত ব্রিটেইনত ২০২২-২৩ ত ৬৩.৫ শতাংশ আৰু ২০২৩-২৪ত ৬০.২ শতাংশ অভিযুক্তই শাস্তিৰ সম্মুখীন হৈছিল।

এইক্ষেত্রত আন এক গুৰুত্বপূর্ণ কাৰণ হৈছে আৰক্ষীৰ ভূমিকা। দৰাচলতে দেশৰ বহু ৰাজ্যতে আৰক্ষী বাহিনীয়ে নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষা তথা শান্তি-শৃংখলা বজাই ৰখাৰ নিজৰ দায়িত্ব পালনত ব্যর্থ হোৱাৰ পৰিণতিত ৰাইজৰ আস্থা হেৰুৱাই পেলাইছে; বৰঞ্চ একাংশ আৰক্ষীয়েই অপৰাধ আৰু অপৰাধীৰ কেন্দ্রত পৰিণত হৈছে। সেই বাবে মহিলাৰ সুৰক্ষা নিশ্চিতকৰণ অথবা এনে অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ঘোষণাই কাকোৱেই আশ্বস্ত কৰিবলৈ সক্ষম নহয়। উদাহৰণ স্বৰূপে যোৱা ১৪ আগষ্টৰ মাজনিশা কলকাতাসহ সমগ্র পশ্চিমবংগৰ লগতে দেশৰ বিভিন্ন প্রান্তত চিকিৎসক গৰাকীৰ ধর্ষণ আৰু হত্যাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত এদল। দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ সমুখতে আক্রমণ কৰি ধ্বংসলীলা চলায়।

সেই সময়ত তাত নিয়োজিত আৰক্ষীসকলে আক্রমণকাৰীক বাধাদানৰ পৰিৱৰ্তে নিজৰ পোছাক খুলি, নাৰ্ছৰ পোছাক পৰিধান কৰি, চকী-টেবুলৰ তলত লুকাই আত্মৰক্ষা কৰে। এক জঘন্য ঘটনা পোহৰলৈ অহাৰ এসপ্তাহ ধৰি সমগ্ৰ দেশৰ দৃষ্টিত থকা মেডিকেল কলেজ হাস্পতালখনতে তেনে নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সৃষ্টি হ’লে সেই আৰক্ষী বাহিনীয়ে কর্তব্যৰ তাগিদাত নিশা আহ-যাহ কৰা মহিলাসকলক সুৰক্ষা দিব বুলিনো কোন সতে আশা কৰিব পাৰি?

মহিলা বুলিয়েই নহয়, যিকোনো নাগৰিকক সুৰক্ষা দিবলৈ ৰাষ্ট্ৰ দায়বদ্ধ। সেই দায়িত্ব পালনৰ ভাৰ অর্পণ কৰা হৈছে আৰক্ষী বাহিনীক। আৰক্ষী বাহিনীয়ে সেই দায়িত্ব পালন কৰিব পাৰিছে বুলি কোনোবাই ভাবিব পাৰেনে? আৰক্ষীৰ এনে ব্যর্থতাৰ বাবেই প্রতিদিনে দেশত অলেখ মহিলা কেবল ধর্ষণেই নহয়, অন্যান্য বিভিন্ন ধৰণে নির্যাতিত- শোষিত হ’বলগীয়া হৈছে।

আৰক্ষী বাহিনী যে নিজেই আকণ্ঠ অপৰাধত নিমজ্জিত হৈ পৰিছে, সেই কথা সাধাৰণ জনতাই নুবুজাকৈ থকা নাই। ৰাজনৈতিক ক্ষমতাসীন তথা দুষ্কৃতিকাৰীৰ স’তে মিত্রতাপাশৰ পৰা মুক্ত হ’ব নোৱাৰিলে সেই আৰক্ষী বাহিনীয়ে মহিলাৰ ওপৰত নিৰ্যাতনেই নহয়, কোনো ধৰণৰ অপৰাধেই প্রতিৰোধ কৰিব নোৱাৰে। অৱশ্যে পৰিসংখ্যা উন্নত কৰাৰ কাৰণে হয়তো অপৰাধৰ গোচৰ ৰুজুৰ পৰা ভুক্তভোগীক ভয়ৰ ভাবুকি অথবা অন্যান্য উপায়েৰে বিৰত ৰাখিব পাৰিব। এনে আৰক্ষী বাহিনী নাগৰিকৰ সুৰক্ষাৰ প্ৰতি কেতিয়াও দায়বদ্ধ নহয় আৰু এইসকলৰ অধীনত অপৰাধ আৰু অপৰাধী বৃদ্ধি পাই গৈ থাকিব। নাবীৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ আন এক কাৰণ হৈ দেখা দিছে, আইনৰ সুষম, প্রয়োগ নোহোৱাটো।

ইয়াৰ সমান্তৰালভাবে বিপজ্জনক হৈছে, চৰকাৰৰ পক্ষপাতদুষ্ট আচৰণ। ৰাজনৈতিক স্বার্থ সমুখত ৰাখি চৰকাৰসমূহে যেনে ধৰণে নৃশংস অপৰাধীকো সুৰক্ষা প্রদান কৰিছে, অথবা বিভিন্ন অবাঞ্ছিত সা-সুবিধা আগবঢ়াইছে, সিয়ে সমগ্র ব্যৱস্থাটোৰ প্রতিয়েই সাধাৰণ নাগৰিকৰ আস্থা বিলোপ কৰিছে। প্রধানমন্ত্রী মোদীয়ে মহিলা নির্যাতনকাৰীক দৃষ্টান্তমূলক শাস্তিৰ পোষকতা কৰি ভাষণ দিয়াৰ দুদিন পূর্বে ডেৰা চচ্চা ছৌডা নামৰ ধর্মীয় অনুষ্ঠানৰ মুৰব্বী ধৰ্ষণ আৰু হত্যাৰ অপৰাধী হৈ কাৰাবাস খাটি থকা কুখ্যাত বাবা ৰাম ৰহিম সিঙক পেৰলত মুক্তি দিয়া হৈছে।

হাৰিয়ানাৰ বিধানসভা নির্বাচন ঘোষণাৰ এন প্রাকক্ষণত পৰিকল্পিতভাবে এইদৰে ৰাম ৰহিমক ২১ দিনৰ বাবে ৰোহটকৰ ছুনাবিয়া কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে ৰাজ্যৰ বিজেপি চৰকাৰৰ নিৰ্দেশত। ২০১৭ৰ ২৫ আগষ্টৰ পৰা নিজৰেই দুগৰাকী শিষ্যাক ধৰ্ষণৰ অপৰাধত বাবাই ত ২০ বছৰৰ কাৰাদণ্ড ভোগ কৰি কাৰাবাস খাটি আছে। ইয়াৰ উপৰি এগৰাকী সাংবাদিকক হত্যাৰ অপৰাধত ২০১৯ৰ জানুৱাৰীত নিজৰ সংস্থাৰ প্ৰাক্তন প্ৰৱন্ধক এজনক হত্যাৰ অপৰাধত ২০২১ৰ অক্টোবৰত তেওঁৰ দুটাকৈ যাবজ্জীৱন কাৰাদণ্ড হয়।

অৱশ্যে যোৱা মে’ত ইয়াৰে দ্বিতীয়টো হত্যাৰ গোচৰত তেওঁক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে।অতি দুর্ভাগ্যজনক এয়ে যে ধর্ষণ- হত্যাৰ দৰে গুৰুতৰ অপৰাধত একাধিক শাস্তি ভোগ কৰি থকা ৰাম ৰহিমে কেৱল বিজেপি চৰকাৰৰ নিৰ্দেশতে এই পর্যন্ত ১০ বাৰকৈ পেৰলত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। এনে এজন কুখ্যাত অপৰাধীক কেবল নির্বাচনত ভোট লাভৰ উদ্দেশ্যেই এনেদৰে বাৰে বাৰে মুক্তি দিয়া চৰকাৰৰ মুৰব্বীসকলেই অপৰাধীৰ কঠোৰ শাস্তিৰ ব্যৱস্থাৰ বিষয়ে ৰাইজক ক’বলৈ যোৱাটো ধৃষ্টতা নে আত্মপ্রতাৰণা?

ডেৰা চচ্চা ছৌডাব হাৰিয়ানা, পঞ্জাৱ আৰু ৰাজস্থানৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত বৃহৎ পৰিমাণৰ ভক্ত-শিষ্য-প্রশিষ্য আছে। সেয়ে ইয়াৰ মুৰব্বীৰূপে বাবা ৰাম ৰহিমে সেইকেইখন ৰাজ্যত প্রতিটো নির্বাচনতে যথেষ্ট প্রভাৱ বিস্তাৰ কৰি আহিছে। তেওঁৰ এই ধর্মীয় তথা ৰাজনৈতিক অনুগামীৰ ভোট-লাভৰ উদ্দেশ্যেই প্রতিটো নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক বিজেপি চৰকাৰে মুক্তি দি আহিছে।

স্বয়ং প্রধানমন্ত্রী মোদীৰ পৰা আৰম্ভ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ৰাজহুৱাভাৱে বাবা ৰাম ৰহিমব গুণগান কৰি অহাই নহয়, নির্বাচনৰ পূর্বে তেওঁৰ আশীর্বাদ গ্রহণ কৰি নিৰ্বাচনত সুফল লাভ কৰিবলৈ সক্ষম হৈছে।

২০১৪ত হাৰিয়ানাৰ বিধানসভা নির্বাচনত বাবাই বিজেপিলৈ মুকলি সমর্থন ঘোষণা কৰে। ফলস্বৰূপে সেইবাৰ বিজেপিয়ে ৰাজ্যখনত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এনে অশুভ বুজাবুজিৰ অংশৰূপেই ২০২২ত ক্রমে পঞ্জাৱৰ বিধানসভা নির্বাচন, হাৰিয়ানাৰ পৌৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক তিনিবাৰ ৯১ দিনৰ বাবে পেৰলত মুক্তি দিয়া হয়।

তেনেদৰেই ২০২৩ ত হাৰিয়ানাৰ পঞ্চায়ত নিৰ্বাচন আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ তিনিবাৰ ১১ দিনৰ বাবে বাবাক কাৰাগাৰৰ পৰা ওলাই মুক্ত বিচৰণৰ সুযোগ দিয়া হয়। আনহাতে, চলিত বর্ষত লোকসভা নিৰ্বাচনৰ পূর্বে ৫০ দিনৰ বাবে আৰু সম্প্ৰতি ঘোষিত হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ২১ দিনৰ বাবে মুক্তি দিয়া হৈছে। লক্ষ্যণীয় যে হাৰিয়ানাৰ বিজেপি চৰকাৰে সদাচাৰণৰ যুক্তি দিয়েই এনেদৰে বাবাৰ বাৰে বাৰে মুক্তি লাভৰ পথ প্রশস্ত কৰিছে; অথচ ২০১৭ত বৰ্ষণৰ গোচৰত ৰাম ৰহিম দোষী সাব্যস্ত হোৱাৰ পাছত হোৱা হিংসাত ৩৬ জন লোকে প্রাণ হেৰুওৱাৰ উপৰি কে’বাশ কোটি টকাৰ ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি ধ্বংস হোৱাৰ বিষয়ে সমগ্র দেশবাসী অবগত।

অকল সেয়ে নহয়, এবছৰৰো অধিক কাল ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰত হৃদয় কঁপোৱা নাৰী নিৰ্যাতনৰ ঘটনাত প্রধানমন্ত্রী মোদীৰ নীৰৱতা দেশে-বিদেশে নিন্দিত হৈছে। তেনেদৰেই গুজৰাটৰ সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনাত জঘন্য ধৰ্ষণৰ বলি হোৱা বিলকিছ বানোৰ অপৰাধীসকলক অবৈধভাবে কাৰাগাৰৰ পৰা মুক্তিদান কৰি মালা পিন্ধাই, মিঠাই খুৱাই আদৰণি জনোৱাসকলৰ কথাইবা কোনে পাহৰিছে?

ইয়াৰ বিপৰীতে চৰকাৰৰ নীতিক সমালোচনা অথবা বিৰোধ কৰা বাবেই বহু সংখ্যক ৰাজহুৱা কর্মী, অধিবক্তা, সাংবাদিক, ছাত্রনেতা আৰু বিৰোধী দলৰ নেতাই কোনো বিচাৰ অবিহনেই মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি জেলৰ বন্ধ কুঠৰীত দিন অতিবাহিত কৰিবলগীয়া হৈছে। এই কথাত কোনো সন্দেহ নাই যে এনে ধৰণৰ চূড়ান্ত ভণ্ডামিৰ জৰিয়তে সাময়িকভাবে কোনো চৰকাৰ অথবা ৰাজনৈতিক দলে মুনাফা আদায় কৰিব পাৰে; কিন্তু দেশ বা সমাজৰ কোনো স্থায়ী উপকাৰ সাধিব নোৱাৰে। উদ্দেশ্য সৎ নহ’লে যে কোনো ক্ষেত্রত সাফল্য লাভ কৰাটো সম্ভৱ নহয়, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

দৰাচলতে নাৰী নিৰ্যাতনৰ দৰে লজ্জাজনক ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো চৰকাৰ, আইন-শৃংখলা ৰক্ষাকাৰী বাহিনী অথবা অধিকাংশ ৰাজনৈতিক দলবেই যে কোনো সদিচ্ছা নাই, সেয়া তেওঁলোকৰ কার্যকলাপেই উদঙাই দিছে। ৰাজনৈতিক দলসমূহে প্রতিপক্ষৰ চৰকাৰৰ অধীনত সংঘটিত ঘটনাৱলীক লৈহে অধিক সৰব। সামগ্রিক এনে পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেশত নাৰীৰ ওপৰত নিৰ্যাতন অথবা ধৰ্ষণৰ দৰে ঘটনা হ্রাস পাৰ বুলি আশা কৰিব পাৰি কেনেকৈ?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pranjalsen DekaPreventing raperealitysloganeeringSpl Articles
publisher

publisher

Related Posts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
Uncategorized

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী
Uncategorized

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
Uncategorized

Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

April 22, 2026
Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 
Uncategorized

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

April 21, 2026
Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ
Uncategorized

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d