Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

ৰাহুল গান্ধীৰ ‘টি’ ছাৰ্ট বনাম বিৰোধৰ মূল্য

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
September 12, 2022
in Opinion
Reading Time: 1 min read
0
ৰাহুল গান্ধীৰ ‘টি’ ছাৰ্ট বনাম বিৰোধৰ মূল্য
1
SHARES
13
VIEWS
ShareShareShareShare

মুখেৰে যিয়েই কোৱা নহওক কিয়, দেশত যে এক বিৰোধীশূন্য একচ্ছত্ৰী শাসন ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যেৰ অভিযান চলিছে, সেয়া দিনে দিনে অধিক স্পষ্ট হ’বলৈ ধৰিছে । ভাৰতে যদি গণতান্ত্ৰিক পৰম্পৰাকে গ্ৰহণ কৰি লৈছে, তেন্তে তাক গণতান্ত্ৰিক প্ৰদ্ধতিৰেই চলিবলৈ দিব লাগিব; কিন্তু সেয়া ক্ৰমশঃ ধূসৰ হ’বলৈ ধৰা পৰিলক্ষিত হৈছে । শাসক পক্ষৰ কেতবোৰ কাৰ্যকলাপেই তেনে আশংকাৰ সৃষ্টি কৰিছে । বিভিন্ন ৰাজনৈতিক দলে পৰস্পৰক সমালোচনা কৰাত কোনো অস্বাভাৱিকতা নাই ।

ADVERTISEMENT

কিয়নো গণতান্ত্ৰিক ব্যৱস্থাত শাসক দলৰ সমানেই বিৰোধীৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অপৰিসীম, অথচ শেহতীয়া সময়ছোৱাত এনে এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে যে দেশৰ কোনো ৰাজ্যত বিৰোধী দলৰ চৰকাৰ গঠন হ’লেও সি তিষ্ঠি থাকিব নোৱাৰে, যিকোনো উপায়েৰে সেই চৰকাৰ ভংগ কৰি পেলোৱা হৈছে । আন বাদেই, কোনো বিৰোধী দলে কোনো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ল’লেও বিভিন্ন প্ৰকাৰে তাত বাধাদান কৰা হৈছে । যেন এই দেশত শাসক দলৰ বাহিৰে আন কাৰোৱেই কোনো কাৰ্যসূচী ৰূপায়ণ কৰাৰ অধিকাৰ নাই; তেহেলৈ বিষয়বোৰ যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয় !

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰস্তুতিপৰ্ব আৰম্ভ কৰিছে । প্ৰতিটো দলৰে নিজাববীয়া কাৰ্যসূচী গ্ৰহণৰ আৰু তাক ৰূপায়ণৰ অধিকাৰ আছে । অৱশ্যে এই ক্ষেত্ৰত আন সকলো নিৰ্বাচনৰ লেখীয়াকৈ বিজেপি সকলোতকৈ আগত আছে । যিয়েই নহওক, শেহতীয়াভাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিল্লীত তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈ বিৰোধীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে অধিকাংশ দলৰে শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰে ।

কিছুদিনৰ আগলৈকে বিজেপিৰ স’তে মিত্ৰতাৰে বিহাৰত চৰকাৰ চলাই থকা নীতিশ কুমাৰে এই মৰ্চা ত্যাগ কৰি আৰজেডি-কংগ্ৰেছ আদিৰ স’তে চৰকাৰ গঠন কৰে এনে পদক্ষেপৰ বাবে বিজেপিৰ দ্বাৰা মুখ্যমন্ত্ৰী নীতিশ তীব্ৰভাৱে সমালোচিত হ’বলগীয়া হৈছে । তাৰ পাছতে বিৰোধীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে দিল্লী ভ্ৰমণ কৰি তেওঁ যেন কোনো গুৰুতৰ অপৰাধহে সংঘটিত কৰিলে ! বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ নেতাৰ দ্বাৰা প্ৰতিটো মুহূৰ্ততে নীতিশ কুমাৰক ঠাট্টা-বিদ্ৰুপৰে উপচাই পেলোৱা হৈছে ।

ইয়াৰ অৰ্থ এয়ে নেকি যে এই দেশত আৰু বিজেপিৰ বাহিৰে আন কোনো দলৰ কোনো কাৰ্যসূচী গ্ৰহণৰ অধিকাৰ নাই ? ভাৰতৰ দৰে দেশত যিকোনো ৰাজনৈতিক দলৰে অন্তিম লক্ষ্য ক্ষমতা দখল । সেই উদ্দেশ্যেই দলসমূহে বিভিন্ন পৰিকল্পনা তথা কাৰ্যসূচী গ্ৰহণ কৰি জনতাৰ কাষ চপাৰ চেষ্টা চলায় । যদিহে নীতিশ কুমাৰে বিৰোধীক ঐক্যবদ্ধ কৰাৰ চেষ্টা চলায়, তেন্তে তাক প্ৰতিৰোধ কৰিবলৈ যোৱাটো গ্ৰহণযোগ্য নে ?

তেনেদৰেই আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দলৰ ভেটি অন্যান্য ৰাজ্যলৈ সম্প্ৰসাৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে; কিন্তু তেনে প্ৰতিটো কাৰ্যসূচীতে তেওঁক বিজেপিয়ে বিভিন্ন প্ৰকাৰে বাধা প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে । শেহতীয়াভাৱে নিৰ্বাচন আসন্ন গুজৰাটত কেজৰিৱালে বিশেষ গুৰুত্ব প্ৰদান কৰি প্ৰচাৰ অভিযান চলাই আহিছে । প্ৰতিবাৰেই তেওঁক এনেদৰে সমালোচনােৰ থকা-সৰকা কৰা হৈছে যেন গুজৰাটত ভৰি দি কেজৰিৱাল আৰু তেওঁৰ দলে গুৰুতৰ অপৰাধহে সংঘটিত কৰিলে !

কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ ক্ষেত্ৰততো কথাই নাই ! সম্প্ৰতি ৰাহুলৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছে । ভয়াৱহ মূল্যবৃদ্ধিকে ধৰি দেশত সম্প্ৰতি সন্মুখীন হোৱা সমস্যাসমূহ দাঙি ধৰি বিভিন্ন ৰাজ্যৰ জনতাৰ স’তে মত-বিনিময় কৰাই এই যাত্ৰাৰ অন্যতম লক্ষ্য । তদুপৰি দেশত ঘৃণা আৰু হিংসাৰ পৰিপ্ৰেক্ষিতত বিভাজনৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তাৰ পৰিৱৰ্তে দেশক এক কৰাৰ লক্ষ্যৰেই এই যাত্ৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি কংগ্ৰেছে ঘোষণা কৰিছে ।

এই কাৰ্যসূচীৰ আৰম্ভণিৰে পৰাই বিজেপিৰ দ্বিতীয় শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি অধিকাংশ কেবিনেট মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা সকলো পৰ্যায়ৰ দলীয় নেতাই বিভিন্ন ভাষ্যৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক থকা-সৰকা কৰিছে । ৰাহুলে ১৪ হেজাৰটকীয়া জোতা আৰু ৪১ হেজাৰটকীয়া ব্ৰিটিছ বাৰবেৰী কোম্পানীৰ টি ছাৰ্ট পিন্ধি এই যাত্ৰাত অংশ লৈছে বুলি বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰচাৰ চলাইছে আৰু ভাৰতবাসীক সেয়া প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছে ।

ইয়াৰ প্ৰত্যুত্তৰত অৱশ্যে কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতাই কৈছে যে বিজেপিয়ে এই কথা পাহৰি যোৱা উচিত নহয় যে তেওঁলোকৰ নেতাই ১০ লাখটকীয়া ছ্যুট, ডেৰ লাখটকীয়া চশমাকে ধৰি কিমান বহুমূলীয়া বস্ত্ৰ তথা অন্যান্য সা-সামগ্ৰী পৰিধান কৰে ! এনেবোৰ ব্যক্তিগত বিষয়ক লৈ অপ্ৰয়োজনীয় বিতৰ্ক সৃষ্টি কৰাতকৈ দেশে সম্প্ৰতি সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহৰহে আলোচনা কৰা উচিত বুলিও বিজেপিক সোঁৱৰাই দিয়া পৰিলক্ষিত হৈছে । অৱশ্যে এই কথা ঠিক যে দেশবাসীয়ে সততে দেখি অহা বিজেপি, কংগ্ৰেছ আদি দলৰ নেতাসকললৈ লক্ষ্য কৰি চাৰিবাৰৰ সাংসদ ৰাহুল গান্ধীয়ে পৰিধান কৰা জোতা আৰু টি ছাৰ্ট সস্তীয়া বুলিয়েই ক’ব লাগিব ।

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কংগ্ৰেছক ‘উপদেশ’ দি কৈছে যে এই যাত্ৰাত ব্যৱহাৰ হোৱা বাহনসমূহে বিজেপিশাসিত ৰাজ্যত ইন্ধন ক্ৰয় কৰিলে যথেষ্ট ধন ৰাহি কৰিব পাৰিব; কিয়নো বিজেপিশাসিত আৰু অ-বিজেপি দলৰ দ্বাৰা শাসিত ৰাজ্যত ইন্ধনৰ মূল্যত সৰ্বাধিক ১৪.৫ টকা পৰ্যন্ত পাৰ্থক্য আছে । এতিয়া কেন্দ্ৰীয় মন্ত্ৰীজনক কোনে সোঁৱৰাই দিব যে ২০১৪ত বিজেপি কেন্দ্ৰত ক্ষমতালৈ অহাৰ পূৰ্বে ইন্ধনৰ মূল্য কিমান আছিল আৰু এতিয়া ই কেনেকৈ এশ টকা পাৰ কৰিলে ?

কংগ্ৰেছৰ সাম্প্ৰতিক শোচনীয় অৱস্থাৰ সম্পৰ্কত ইতিমধ্যে বিস্তৃত আলোচনা-বিলোচনা হৈছে । বিগত দুটা লোকসভা আৰু কে’বাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ধাৰাবাহিক পৰাজয়ৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীৰ নেতৃত্ব প্ৰদানৰ সক্ষমতাক লৈও প্ৰশ্নচিহ্ন উত্থাপিত হৈ আহিছে । আন বাদেই, কংগ্ৰেছৰেই বহু প্ৰভাৱশালী নেতাই ৰাহুলক ব্যৰ্থ বুলিয়েই অভিহিত কৰিছে । ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কে’বা দশকৰ বিৰতিৰ পাছত কেন্দ্ৰত একক সংখ্যাগৰিষ্ঠতা অৰ্জনৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে । আনকি বিজেপিয়ে বিশ্বৰে সবৰ্বৃহৎ ৰাজনৈতিক দলৰ খিতাপো দাবী কৰিছে ।

বিগত আঠ বছৰত বহুবোৰ গুৰুতৰ প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোদীয়ে সন্মুখৰ পৰা মোকাবিলা কৰাৰ চেষ্টা চলাইছে । অৱশ্যে সেইবোৰৰ সাফল্যৰ হিচাপ-নিকাচ অব্যাহত আছে । তথাপি দেশৰ গৰিষ্ঠসংখ্যক নাগৰিক তেওঁৰ নেতৃত্ব আৰু ভূমিকাক লৈ আশাবাদী কাৰণেই ২০২৪তো মোদীয়ে তৃতীয়বাৰলৈ নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল বুলি এই পৰ্যন্ত প্ৰকাশ পোৱা বিশ্লেষণসমূহে ইংগিত দিছে । এনে পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ বিজেপিৰ শীৰ্ষ মহলৰ পৰা বিভিন্ন পৰ্যায়ৰ নেতাসকল উঠিপৰি লগাটোৱে কেতবোৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে ।

প্ৰথমতে, ‘ভাৰত জোড়ো যাত্ৰা’ৰ জৰিয়তে কংগ্ৰেছে হেৰুওৱা ভেটি পুনৰুদ্ধাৰ কৰি ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হ’ব পাৰে বুলি বিজেপি শংকিত নেকি ? দ্বিতীয়তে, প্ৰধানমন্ত্ৰী মোদীৰ বিশাল ব্যক্তিত্বক লৈ বিজেপি আজিও আশ্বস্ত হ’ব পৰা নাই নেকি ? নে মোদীয়ে দলক বিজয় কৰাব পৰা চমৎকাৰিতা হেৰুৱাই পেলাইছে বুলি শংকিত ?

তৃতীয়তে, বিজেপিৰ প্ৰতিটো কাৰ্যসূচীতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ লগতে বিভিন্ন ৰাজ্যৰ চৰকাৰে জনতাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ আৰু ইয়াৰ সুফল লাভৰ বিষয়ে প্ৰচাৰ কৰা হয় । লগতে এই বিষয়ে প্ৰতিটো চুকে-কোণে বিস্তৃত প্ৰচাৰ চলাবলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনোৱা হয় । তেন্তে ইমান বৃহৎসংখ্যক লোক উপকৃত হোৱা আঁচনিসমূহো ৰাহুল গান্ধীৰ ‘যাত্ৰা’ৰ সন্মুখত বৃথা হৈ পৰিল নেকি ?

দৰাচলতে বিজেপিত শেহতীয়া সময়ছোৱাত কংগ্ৰেছ প্ৰমুখ্যে বিভিন্ন দলৰ নেতা ভৰি পৰিছে আৰু গুৰুত্বপূৰ্ণ পদবী দখল কৰিছে । এইসকলে নিজৰ পদবী বাহাল ৰখাৰ লগতে আনুগত্য প্ৰমাণৰ বাবেই এনেদৰে কেতিয়াবা ৰাহুল গান্ধী, কেতিয়াবা নীতিশ কুমাৰ, কেতিয়াবা মমতা বেনাৰ্জী অথবা অৰবিন্দ কেজৰিৱাল আদিক সমালোচনাৰ লক্ষ্য কৰি লৈছে । লক্ষ্যণীয় এয়ে যে ইয়াৰে অধিকাংশই অতি তুচ্ছ পৰ্যায়ৰ কথা-বতৰা, যিবোৰ তেনেই অপ্ৰয়োজনীয় ।

ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাসমূহকহে হেয় প্ৰতিপন্ন কৰি তুচ্ছ-তাচ্ছিল্যলৈ পৰ্যবসিত কৰিছে । গণতন্ত্ৰৰ বৈশিষ্ট্যই হ’ল যে ই সকলোকে সুযোগ প্ৰদান কৰে । শেষ বিচাৰ জনতাৰ হাতত । গতিকে কোনো দলে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ল’লে শাসক দলে তাত অযথা নাক গলোৱাৰ প্ৰয়োজন কি ? তাৰ পৰিৱৰ্তে দেশত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানসূত্ৰ উলিওৱাৰ বাবেহে সুস্থ বিতৰ্ক কাম্য । গণতন্ত্ৰৰ মৰ্যাদা আৰু আত্মাও তেতিয়াহে সুৰক্ষিত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPCongresspranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d