Flights Tickets: ✒️আমেৰিকাৰ ভিছা লাভ কৰাটো সম্প্রতি জটিল হৈছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্ৰশাসনে শেহতীয়াভাৱে ‘ৱান বিগ বিউটিফুল’ নামৰে এখন নতুন আইন আমেৰিকাত প্ৰৱৰ্তন কৰিলে।
এই আইন প্ৰৱৰ্তনৰ ফলত বিদেশীৰ বাবে আমেৰিকালৈ যোৱাটো অধিক কঠিন হ’ব। এই নতুন আইনৰ অধীনত ২০২৬ৰ পৰা আমেৰিকাত এক নতুন শুল্ক আৰোপ কৰা হ’ব।
ভিছা ইন্টেগ্রিটি মাচুল নামৰে ট্রাম্প প্রশাসনে নতুন কৰ আৰোপ কৰিব। নতুন কৰৰ ফলত মার্কিন ভিছাৰ মাচুল পূৰ্বৰ তুলনাত আঢ়ৈ গুণ বৃদ্ধি পাব।
ইয়াৰ ফলত আমেৰিকালৈ যাব বিচৰা শিক্ষার্থী, ভ্রমণকাৰী আৰু তথ্য প্রযুক্তি খণ্ডত কাম কৰিব বিচৰা পেছাদাৰীসকল প্ৰভাৱিত হ’ব। এতিয়াৰে পৰা ভিছাৰ বাবদ অতিৰিক্ত ২৫০ ডলাৰ অৰ্থাৎ ২১,৪০০ টকা মূল্যৰ শুল্ক আদায় দিব লাগিব।
পূর্বে ১৬ হেজাৰ টকাতে ভিছা লাভ কৰা গৈছিল যদিও নতুন শুল্ক আৰোপৰ পাছত মার্কিন ভিছাৰ মূল্য ৪০ হেজাৰ টকাৰ অধিক হ’ব পাৰে। টুৰিষ্ট, বিজনেছ ভিছা, স্টুডেন্ট ভিছা, প্রফেছনেল ভিছা, এক্সচেঞ্জ ভিজিটৰ ভিছাৰ ক্ষেত্রত এই শুল্ক আৰোপ কৰিব ট্রাম্প প্রশাসনে।
ভাৰতৰ পৰা প্ৰতি বছৰে যথেষ্টসংখ্যক শিক্ষার্থী আৰু পেছাদাৰী লোকে আমেৰিকালৈ গমন কৰি আহিছে আৰু নতুন ভিছা শুল্কৰ ফলত এইসকল ভাৰতীয়ই অহা বছৰৰ পৰা মার্কিন ভিছা সংগ্ৰহৰ ক্ষেত্রত অধিক ধন ভৰিব লাগিব।






























