Horoscope :✒️মেষ: সাৱধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰীৰ বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেমত বিবাদ। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।
বৃষ: উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব। ব্যৱসায়ত বেয়া নহ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।
মিথুন: সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যান্ত শুভকথাতো আপুনি সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুর্বলতা থাকিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।
কর্কট: ফৰকাল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক কথাত যোগদান। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।
সিংহ: আনন্দ প্ৰাপ্তিৰ যোগ। কোনো কৰ্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাধা কম। ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্ৰতি আস্থা আথিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
কন্যা: আকস্মিক অর্থপ্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
তুলা: দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা কৰক। শৰীৰ মধ্যম। শুভ ৰং, ক্ৰীম বা নীলা, শুভ সংখ্যা ৪।
বৃশ্চিক: আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈপ্সিত আশা পূৰণৰ কাৰক। কর্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং কমলা, শুভ সংখ্যা ৬।
ধনু: শৰীৰ সম্পর্কে সচেতন থাকক। আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক। কিন্তু দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২।
মকৰ উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত। আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আনন্দ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।
কুম্ভ: কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা শুনা কৰি ল’ব। কৰ্মত নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি পাব। প্রেমপ্রীতিত মধ্যম। পঢ়া-শুনাত খেলিমেলি থাকিব। শুভৰং আকাশী বা ৰঙা, শুভ সংখ্যা ৮।
মীন: পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব। ঘৰুৱাত শুভ সম্পাদন। আর্থিকত মজলীয়া। শুভ ৰং ক্রীম, শুভ সংখ্যা ১১।
































