Daily horoscope:✒️মেষঃ ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিদ্যার্থীসকলৰ বেয়া নহয়। প্রাপ্যধন লাভৰ সম্ভাৱনা। শুভ কর্ম পাতল হালধীয়া বা ক্রীম ৰং। যাত্ৰাৰ সময়ত এই ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ১।
বৃষ: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। দাম্পত্যত ভালেই দেখা যায়। আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ বর্ণ নীলা। নীলা ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব। শুভ সংখ্যা ৪।
মিথুন: হঠাৎ ধন প্রাপ্তিৰ যোগ আছে। ব্যৱসায়ত মধ্যম। আকস্মিক সংযোগত সুখ। যাত্রা কৰিলে পুৱা ভাগত কৰিব আৰু প্ৰথম যাত্রাটো পূব দিশত কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।
কর্কট: ব্যৱসায়ত লাভৰ সংযোগ। প্রাপ্য ধন পোৱাৰ সম্ভাৱনা। যাত্রা দিনৰ ১০ বজাৰ পাছত কৰিব। সন্ধিয়া শিৱ মন্দিৰত চাকি জ্বলাব। শুভবর্ণ পাতল সেউজীয়া। শুভ সংখ্যা ২।
সিংহ: অনুকুল দিন। বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰিব হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব। আজি ৰঙা আপোনাৰ শুভ ৰং। যাত্রাদি কৰিব পাৰে। শুভ সংখ্যা ৩।
কন্যা: ঘৰুৱা সমস্যা বৃদ্ধি পাব। কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল। শুভ বর্ণ গুলপীয়া। শুভ কর্মত আগবাঢ়িব পাৰে। যাত্রা শুভ। শুভ সংখ্যা ৯।
তুলা: শৰীৰ ভালেৰে যোৱা টান। আর্থিকত বেয়া নহয়। কর্মক্ষেত্রত যোগ্যতা থাকিব। আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব। এই ৰঙৰ ব্যৱহাৰ আপোনাৰ সফলতা অটুট ৰাখিব। শুভ সংখ্যা ৬।
বৃশ্চিকঃ শুভ সংকট। বুদ্ধিৰ প্ৰসাৰ বৃদ্ধি পাব। পুৱা গধূলি শিৱৰ মন্ত্র জপ কৰিব। ৰাতি নিৰামিষ আহাৰ খাব। কমলা আপোনাৰ শুভ বর্ণ। লগত এখন বগা ৰুমাল ৰাখিব। শুভ সংখ্যা ৭।
ধনু: আর্থিক প্রাপ্তি থাকিলেও খৰচ নকমিব। ৰাজহুৱা কামত যোগাযোগ। বিদ্যার্থীসকলৰ শুভ। শুভ বর্ণ মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰক। পৰাপক্ষত যাত্রা নকৰিব। শুভ সংখ্যা ২।
মকৰ ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক দিশত উন্নত নহ’ব। সন্তানৰ চিন্তা থাকিব। আজি আপুনি কলা ৰঙৰ কাপোৰ পিন্ধিব। কলা আপোনাৰ শুভ ৰং। যাত্ৰাদিত ভালেই। শুভ সংখ্যা ৩।
কুম্ভ: ঘৰুৱা পৰিৱেশ মজলীয়া। আর্থিত লেনদেনত সাৱধান হওক। দূৰ ভ্ৰমণৰ যোগ আছে। শুভ কৰ্ম কৰিব পাৰে। শুভ বৰ্ণ ক্ৰীম ৰঙা। ভ্ৰমণৰ সময়ত এই ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৬।
মীন: ব্যৱহাৰিক দিশত শান্তি থাকিব। পঢ়া-শুনাত শুভ। কর্মক্ষেত্রত খ্যাতি লভিব। আপোনাৰ শুভ বৰ্ণ হালধীয়। আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ১।































