Accident:✒️হিমাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ছজন লোকে প্ৰাণ হেৰুৱালে। বৃহস্পতিবাৰে নিশা চাম্বা জিলাৰ টিছা মহকুমাৰ চানৱাছ অঞ্চলত এখন চুইফট গাড়ী ৫০০ ফুট দ খাৱৈত বাগৰি পৰে। গাড়ীখনত থকা ছয়জন লোকৰ থিতাতে মৃত্যু হয়।
আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ নিশা মৃতদেহ উদ্ধাৰ কৰে।
সূত্ৰ অনুসৰি ৰাজেশ কুমাৰ চানৱাছৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। তেওঁৰ কন্যা (১৭) আৰু পুত্ৰ (১৫) বাণীখেতৰ এখন বৰ্ডিং স্কুলত পঢ়ি আছিল।ৰাজেশৰ পত্নী আৰু দেউতাকৰ স’তে বৰ্ডিং স্কুলৰ পৰা ল’ৰা-ছোৱালীক আনিবলৈ গৈ আছিল ।
গাড়ীখনত ৰাজেশ, তেওঁৰ পত্নী, তেওঁৰ দেউতাক, তেওঁৰ পুত্ৰ-কন্যা থকাৰ লগতে তেওঁলোকৰ গাঁৱৰ এজন বাসিন্দাও আছিল। ভাঞ্জৰাডু-চানৱাছ পথত নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে, চুইফট গাড়ীখন বাগৰি খাৱৈত পৰে।
খাৱৈত গাড়ীখন পৰি যোৱাৰ শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। চুৰা বিধান সভা সমষ্টিৰ বিজেপিৰ বিধায়ক হন্স ৰাজে কয়, “এই পথটো মাত্ৰ চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ই এক অতি দুখজনক ঘটনা।”
মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও শোক প্ৰকাশ কৰি লিখিছে, “চাম্বা জিলাৰ তিছাৰৰ চানৱাছত সংঘটিত গাড়ী দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু অতি দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”





























