Guwahati Sex Racket :
গুৱাহাটীত নাৰীদেহৰ অবৈধ ব্যৱসায়ৰ অন্যতম ঘাটিৰূপে চিহ্নিত হোৱা জয়ানগৰৰ বাপ্তিছ ইন নামৰ তথাকথিত লজটোৰ লগত কাৰ কাৰ সম্পৰ্ক নাছিল? আৰক্ষীৰ জেৰাত লজটোৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকাসহ ধৃত আটাইকেইজনৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে যে চৰকাৰৰ কে’বাজনো আমোলা, বিষয়া, মন্ত্ৰীৰ ঘনিষ্ঠ লোক আদিৰ বাপ্তিছ ইনৰ লগত সম্পর্ক আছিল। অৱশ্যে তেনে লোকসকলক আৰক্ষীয়ে কিমান দূৰলৈ ঢুকি পায়, সেয়া সময়েহে স্পষ্ট কৰিব। একে সময়তে এই কথাও স্পষ্ট হৈছে যে দ্রুত গতিত বাপ্তিছ ইনত চলা অবৈধ ব্যবসায়ে প্ৰসাৰ লাভ কৰিছিল। যুৱতী সংগ্ৰহ কৰিবলৈ কে’বাখনো জিলাত এজেন্ট নিয়োগ কৰিছিল। তেনে এজন এজেন্টক যোৱা নিশা নলবাৰীত গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোকজনৰ নাম চন্দন দাস। ইয়াকে ধৰি বাপ্তিছ ইনৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ছজনলৈ বৃদ্ধি পালে।
গুৱাহাটী পূব আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় যে চন্দন দাসে গ্রাহকে বিচৰা মতে সুবিধা প্ৰদানৰ দায়িত্বও পালন কৰিছিল। চন্দনৰ জৰিয়তেও বাপ্তিছ ইনলৈ বহু গ্রাহক আহিছিল। এই প্ৰসংগতে আৰক্ষী সূত্রই জনায় যে নাৰীৰ সংগ বিচাৰিও বহু লোকে চন্দনক যোগাযোগ কৰিছিল। তেনে লোকে যি ধৰণৰ যুৱতী বিচাৰিছিল, সেইদৰেই চন্দনে যোগাৰ কৰি দিছিল। গতিকে বাপ্তিছ ইনৰ চক্ৰটোত চন্দনৰ বিশেষ প্ৰভাৱ আছিল।
সূত্রটোরে লগতে কয় যে বহু প্রভাৱশালী লোকে নিজে পছন্দ কৰা যুৱতীৰ লগত নৈশ যাপন অথবা সময় পাৰ কৰিবলৈ বাপ্তিছ ইনলৈ গৈছিল। তথাকথিত লজটোত ইয়াৰ বাবে আঠটা বিশেষ কোঠাৰ ব্যৱস্থা আছিল। ইতিমধ্যে স্পষ্ট হৈছে যে কামৰ সন্ধানত গুৱাহাটীলৈ অহা বহু যুৱতীক বাপতি হাজৰিকাই নিজে অথবা এজেণ্টৰ জৰিয়তে দেহ ব্যৱসায়ত জড়িত কৰিবলৈ সক্ষম হৈছিল।
আকৌ, একাংশ যুৱতীয়ে সহজলভ্য ধনৰ লালসাত স্বেচ্ছাই এই পথত ভৰি দিছিল। গ্ৰাহকৰ চাহিদা অনুসৰি এজেণ্টৰ জৰিয়তে বাপতিয়ে বিভিন্ন জিলাৰ পৰাও যুৱতী আনিছিল। চন্দন দাসৰ উপৰি মানকাচৰৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ লেন্সনায়ক খাইৰুল ইছলামে এনে দায়িত্ব পালন কৰিছিল। ধৃত এই দুজনৰ লগতে চক্ৰটোৰ লগত জড়িত আন আন এজেণ্টৰো সন্ধান আৰক্ষীয়ে অব্যাহত ৰাখিছে।
এইবোৰ তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে লজটোৰ চিচি টিভি পৰীক্ষা কৰে; কিন্তু চিচি কেমেৰা বিকল অৱস্থাত পোৱা হয়। ইচ্ছাকৃতভাৱেই এই কাম কৰাৰো সন্দেহ কৰা হৈছে। ইপিনে, নাৰীদেহৰ ব্যৱসায়ত হোৱা ধনৰ লেনদেন পৰীক্ষা কৰিবলৈ ধৃত আটাইৰে বেংক একাউন্ট জব্দ কৰা হৈছে বুলি উপ-আৰক্ষী আয়ুক্তজনে জনায়। উল্লেখ্য যে গ্ৰাহকৰ লগত বার্তালাপ কৰা এটা অডিঅ’ৰ আঁত ধৰি বাপ্তিছ ইনত চলা সমস্ত ঘটনা পোহৰলৈ আহে।






























