Horoscope:✒️মেষঃ ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্রত জটিলতা কমিব। বিদ্যা আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।
বৃষ: বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কৰ্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
মিথুন: আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং সোণালী
কর্কট: আর্থিক উন্নতিত বাধা. বিদ্যাত যত্নৰ ত্রুটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং গোলাপী।
সিংহ: ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্রত শুভ ফল পাব। শুভৰং মেৰুণ।
কন্যা: শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুনত ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং নীলা।
তুলা: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে. প্ৰেমত অশান্তি। আর্থিকত আশানুৰূপ ফল পাব। শুভ ৰং কজলা।
বৃশ্চিক: বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ। শুভৰং বগা।
ধনুঃ বিবাহৰ যোগাযোগত শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যানবাহন ক্রয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং সেউজীয়া
মকৰ: চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অৰ্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্ৰেমত আন্তৰিকতা। শুভ ৰং সেউজীয়া।
কুম্ভ: আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম-প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং কমলা।
মীন: কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকিব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং ক’লা।
































