kokrajhar :
ৰাজপথত গৈ থকা এখন যাত্ৰীবাহী হঠাতে জ্বলি উঠিল ৷ সম্ভাব্য অঘটন আশংকা কৰি বাছচালকে পথৰ দাঁতিত অৱস্থান কৰে নৈশবাছখন ৷ ততাতৈয়াকৈ যাত্ৰীসকলক বাছ খনৰ পৰা নমাই সুকলমে ৷ বাছখনত আছিল ২২গৰাকী যাত্ৰী ৷
ইতিমধ্যে জুয়ে পলকতে আগুৰি লয় বাছখন ৷ নিমিষতে দাওদাওকৈ জ্বলি উঠা বাছখন ভস্মীভূত হয় ৷ এই আকস্মিক অঘটন সংঘটিত হয় কোকোৰাঝাৰৰ পাটগাঁৱৰ ঘাইপথত যোৱা নিশা ১২.৪০ মান বজাত ৷ যাত্ৰীবাহী নৈশ বাছখন শিলিগুড়িৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল I ঘটনা খবৰ লাভ কৰাৰ পিছতে পাটগাঁও থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও ইতিমধ্যেই বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় । পাটগাঁও থানাৰ আৰক্ষীয়ে নিশাই যাত্ৰীসকলক নিৰাপদ স্থানত বিশ্ৰামৰ ব্যৱস্থা কৰে I






























