Dr.Hitesh Baruah :
অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিকিৎসাৰ দীৰ্ঘদিনীয়া পৰামৰ্শদাতা বিশিষ্ট চিকিৎসক ডা: হিতেশ বৰুৱা শনিবাৰে চিআইডি হেৰ্ড কোৱাৰ্টাৰত উপস্থিত হৈ এছ আইটিক ভাষ্য প্ৰদান ৷
তৃতীয়বাৰৰ বাবে চিআইডি হেৰ্ড কোৱাৰ্টাৰলৈ অহা মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ মুৰব্বী গৰাকীয়ে এছআইটিক ভাষ্য প্ৰদান কৰি আহিসংবাদ মাধ্যমক কয়, জুবিন গাৰ্গবিদেশলৈ লৈ যোৱাটোৱেই এটা ডাঙৰ ভুল আছিল ৷ একেদৰে সমুদ্ৰতনামিব দিয়াটো আৰু ডাঙৰ ভুল ৷
জুবিনৰ স’ততে চিকিৎসা কৰি অহা সূত্ৰে জুই, পানীৰ ওচৰলৈ যাবলৈ নিদিয়াৰ লগতে ল’ব লগা সাৱধানতাৰ সম্পৰ্কে আমি পৰিয়াল আৰু জুবিনৰ লগত থকা সকলোকে জনাইছিলো ৷ আনহাতে জুবিনৰ স্বাস্থ্য সুস্থিৰ নথকা হেতুকে জুবিনে কেইবাবিধো দৰৱ খাইছিল ৷ইয়াৰ ভিতৰত এটা দৰৱ নিয়মিত খোৱাটো বাধ্যতামূলক আছিল ৷ এনে প্ৰেক্ষাপটত ছিংগাপুৰত উপস্থিত থকা সময়ছোৱাত তেওঁৰ তদাৰক কৰা সকলে এই সমূহ দায়িত্ব লৈছিল নে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বিশিষ্ট চিকিৎসক গৰাকীয়ে ৷
ADVERTISEMENT



































