Dipor bil:✒️পূৰ্বৰ দৰে এইবেলিও দীপৰ বিললৈ আগমন ঘটিছে পৰিভ্ৰমী চৰাই। শীতৰ আগমনৰ লগে লগে আলহী পক্ষীৰে ভৰি পৰিছে দীপৰ বিল। এইবেলি ৰাজ্যলৈ শীত যথেষ্ট পলমকৈ অহাৰ বাবে পৰিভ্ৰমী চৰাইৰ আগমনৰ ক্ষেত্ৰত বহু পলম হোৱা দেখা গ’ল।
সচৰাচৰ অক্টোবৰৰ পৰাই প্রত্যেক বছৰে ঐতিহ্যমণ্ডিত তথা প্রাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিললৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। শেহতীয়াকৈ হ’লেও নৱেম্বৰৰ আৰম্ভণিৰ পৰাই শীতৰ আগমন হোৱাত বিলখনলৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে।
উল্লেখ্য যে প্রতি বছৰে চাইবেৰিয়া, নর্থ আমেৰিকাকে ধৰি বিভিন্ন দেশৰ পৰা পৰিভ্ৰমী চৰাই দীপৰ বিললৈ আহে।বিশেষকৈ নডার্ণ লেপ উইং, কমন পার্চোদ, লিটিল গ্রেব, গ্লে লেগ লপিং, গ্র লেগ গোছ আদি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে বুলি প্রকৃতিপ্রেমীসকলে জানিবলৈ দিয়ে।
উল্লেখ্য যে দীপৰ বিলৰ জলবায়ু, প্রাকৃতিক খাদ্য সম্ভাৰ আৰু শান্ত-সমাহিত পৰিৱেশৰ বাবে বছৰ বছৰ ধৰি দীপৰ বিললৈ দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ চৰাই আহে। প্রতি বছৰে এই বিলখনলৈ প্রায় ১৭০ বিধ প্ৰজাতিৰ চৰাইৰ আগমন ঘটে। আন্তর্জাতিক সংগঠন বর্ল্ড লাইফ ইণ্টাৰনেচনেলে দীপৰ বিলক মহত্বপূৰ্ণ চৰাইৰ আৱাস হিচাপে স্বীকৃতি দিছে।
শেহতীয়াকৈ দেশ-বিদেশৰ নানা পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰ হৈছে ঐতিহাসিক জলাশয়টো। হেজাৰ হেজাৰ মাইল দূৰৰ পৰা অহা বিভিন্ন প্রজাতিৰ চৰায়ে দীপৰৰ বুকুত জলকেলি কৰা দেখা গৈছে।
সুদূৰ চাইবেৰিয়া, নর্থ ইউৰোপ, চীন, জাপান, অস্ট্রেলিয়া আৰু ভাৰতৰ সাগৰীয় চৰাইৰ আগমন ঘটিছে বিলখনলৈ। এইবোৰৰ ভিতৰত কমক্সন চেন্দপাইপাৰ, ৱাগটেইল, পেডি ফিল্ড পিপ্ত, ৰিকাৰ্ড পিপ্ট, ব্লেক কাইট, লিটিল ৰিং প্লোভাৰ, ৰোজী পিপ্ত, বান চোৱালো, উড চান্দপিপাৰ, গ্রে হেডেড লেপোউইং, গ্রে লেগ গোচ, ব্রাউণ হেডেড গুল, চাইবেৰিয়ান স্টোনচাট আদিয়ে প্রধান বুলি প্রকৃতিপ্রেমী প্রমোদ কলিতাই সদৰী কৰিছে।
ইয়াৰ উপৰি ভাৰতৰ সাগৰীয় চৰাইৰ লগতে বৰটোকোলা, হার্গিলা, শামুক খোৱা, কণামুচৰি, বালিমাহী, বালি ঘোৰা আদি থলুৱা প্ৰজাতিৰ চৰায়ো বিলখনত জলকেলি কৰিবলৈ ধৰিছে।






























