Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্রত জটিলতা থাকিব যদিও সাফল্য আহিব। আর্থিক আয় উন্নতিৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব। দুপৰীয়াৰ পাছতস কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব। ঘনিষ্ঠ বন্ধুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত সফলতা দেখা দিব।
বৃষ: বিশেষ কোনো কামৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। সামাজিক কর্মত সাফল্য আহিব। অযথা মানসিক চিন্তা বৃদ্ধিৰ ফলত পাৰিবাৰিক সমস্যা দেখা দিব পাৰে। আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব।
মিথুন: কর্মক্ষেত্রত অশান্তি বৃদ্ধি পাব। শত্রুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। নতুন কামত হাত নিদিব। সন্তানৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থ ব্যয়। নতুন প্ৰচেষ্টাত সাফল্যৰ যোগ।
কর্কট: মানসিক চঞ্চলতাৰ কাৰণে দৈনন্দিন কামৰ ক্ষতি। আর্থিক ক্ষেত্রত পৰিৱৰ্তন আহিব। নিজৰ ভুলৰ কাৰণে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে।
সিংহ: কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। ঘনিষ্ঠ বন্ধুৰ লগত কিবা বিষয়লৈ ভুল বুজাবুজি হ’ব পাৰে। ব্যৱসায়ত শুভ যদিও যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত মতানৈক্য হ’ব পাৰে। নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ’ব পাৰে।
কন্যা: চাকৰি ক্ষেত্ৰত অপ্রত্যাশিতভাবে জটিলতা দেখা দিব পাৰে। ব্যৱসায় বাণিজ্যত আগতকৈ ভাল ফল আশা কৰিব পাৰে। নতুন যোগাযোগত সাফল্য আহিব। অযথা ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে।
তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। পৰিশ্ৰমৰ তুলনাত আয় কম হ’ব। পত্নীৰ শৰীৰৰ কাৰণে চিন্তা আৰো অর্থ ব্যয়। গুৰুত্ব নিদিয়াৰ কাৰণে একাধিক সুযোগ হাত এৰা হ’ব পাৰে। শত্রুপক্ষই বদনাম কৰাৰ চেষ্টা কৰিব।
বৃশ্চিক: কর্মক্ষেত্রত সহকৰ্মীৰ লগতে মতবিৰোধ হ’ পাৰে। মনৰ আশা পূৰণৰ যোগ। ভবা মতো আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। বিষয় সম্পদলৈ পাৰিবাৰিক অশান্তি। শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ, গতিকে সতর্কতা অবলম্বন কৰিব।
ধনু: কর্মক্ষেত্রত সম্মান প্রাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। অধিক খং আৰো জিদৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। কর্মসূত্রে কমলৰ সুযোগ আহিব পাৰে।
মকৰ : সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিজৰ শৰীৰ স্বাস্থ্যৰ বিষয়ে সতর্ক হ’ব লাগিব। নিজৰ ঘনিষ্ঠ লোকে শত্রুতা কৰিব পাৰে। শত্রুরে প্রতিমুহূর্তত ব্যাখ্যা দিয়াৰ চেষ্টা কৰিব।
কুম্ভ: কর্মক্ষেত্রত সহক্ষেত্ৰত সহকৰ্মীৰ পৰা মানসিক আঘাত পাব পাৰে। অপৰিচিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব যদিও সেই অনুপাতে ফল নাপাব।
মীন: চাকৰি ক্ষেত্ৰত উন্নতি। পাৰিবাৰিক বিষয়লৈ কাজিয়া পেচাৰ হব পাৰে। বন্ধুৰ কামত ব্যস্ত থকাৰ ফলত নিজৰ কামৰ ক্ষতি। শৰীৰৰ প্রতি লক্ষ্য ৰাখি চলিব।
































