Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ULFA(I) Finance Secretary Surrenders:ম্যানমাৰ সীমান্তত আত্মসমর্পণ আলফা (স্বাধীন)ৰ বিত্ত সচিব অৰুণোদয় অসমৰ

publisher by publisher
November 24, 2025
in Assam
Reading Time: 1 min read
0
ULFA(I) Finance Secretary Surrenders:ম্যানমাৰ সীমান্তত আত্মসমর্পণ আলফা (স্বাধীন)ৰ বিত্ত সচিব অৰুণোদয় অসমৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

ULFA (I) Members Surrender in Indo-myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাওত আলফা (স্বাধীন) সদস্যৰ আত্মসমৰ্পণ

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

ULFA(I) Finance Secretary Surrenders:

ADVERTISEMENT

আলফা (স্বাধীন)ত পৰেশ বৰুৱাৰ সোঁহাত স্বৰূপ বুলি পৰিচিত সংগঠনটোৰ বিত্ত সচিব অৰুণোদয় দহোতীয়া ওৰফে অৰুণোদয় অসমে দেওবাৰে দেহৰক্ষীসহ আত্মসমর্পণ কৰা বিষয়টোবে তুমুল চর্চা লাভ কৰিছে। দেওবাৰে পুৱাতেই অৰুণাচল-ম্যানমাৰ সীমান্তবর্তী পাংচাও পাছত অসম আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলৰ ওচৰত দহোতীয়াই আত্মসমর্পণ কৰে। একে পথ লোৱা দহোতীয়াৰ দেহৰক্ষীজন হ’ল ফ্রান্সিচ অসম। অৰুণোদয় দহোতীয়াৰ প্রকৃত নাম বিজিত গগৈ।

বিগত ১৯৯৭ত আলফাত যোগদান কৰা সংগঠনটোৰ এইজন জ্যেষ্ঠ নেতাই কি পৰিস্থিতিত আত্মসমর্পণ কৰিবলৈ বাধ্য হ’ল, সেয়া অদ্যাপি কোনো পক্ষই স্পষ্ট কৰা নাই। অৱশ্যে ম্যানমাৰ প্ৰশাসনৰ সহায়ত ভাৰত চৰকাৰে অৰুণোদয় অসমক মূলসুঁতিলৈ উভতি আহিবলৈ দীর্ঘদিনৰ পৰা বিভিন্ন ধৰণে চাপ সৃষ্টি কৰি আহিছিল। আলফা (স্বাঃ)ৰ মেজৰ জেনেৰেল পদত কার্যনির্বাহ কৰা অৰুণোদয় অসমে সংগঠন পৰিচালনাৰ প্রতিটো দিশৰ লগত ওতঃপ্রোতভাবে জড়িত আছিল।

সেই অনুযায়ী সংগঠন শক্তিশালীকৰণৰ পৰা আৰম্ভ কৰি সামৰিক অভিযানলৈকে প্রতিটো দিশত চকু ৰাখিছিল। সেয়েহে পৰেশ বৰুৱাৰ বিকল্প হিচাপে অৰুণোদয় অসমৰ নাম দীর্ঘদিনৰ পৰা চৰ্চাত আছিল। পৰেশ বৰুৱাৰো অতি বিশ্বস্তৰূপে বিবেচিত হোৱা বাবেই অৰুণোদয় অসমৰ প্ৰভাৱ সংগঠনটোত মজবুত আছিল। সেইজন নেতাই আজি আত্মসমর্পণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অৰুণোদয় অসম অবিহনে পৰেশ বৰুৱাৰ বিশ্বস্ত সহযোগী নতুনকৈ কোন হ’ব, সেয়াও এতিয়া চর্চালৈ আহিছে।

নিৰাপত্তা বাহিনীৰ শীর্ষ সূত্ৰই সদৰী কৰা অনুসৰি, পৰেশ বৰুৱাৰ ঘনিষ্ঠ নেতাক মূলসুঁতিলৈ অনাৰ দীঘলীয়া প্রচেষ্টা চলি আহিছিল। অৰুণোদয় অসমকে ধৰি আৰু দুই-তিনিজন নেতাৰ ওপৰত বিশেষ দৃষ্টি আছিল। অৰুণোদয় অসমৰ জৰিয়তেই যে সেই সফলতা আহিব, কেইদিনমান আগলৈ সেই নিশ্চয়তা স্পষ্ট হোৱা নাছিল। অবশেষত অৰুণোদয় অসমেই মূলসুঁতিলৈ উভতি আহে।

অসম আৰক্ষীৰ অভিযান শাখাৰ মহাপৰিদৰ্শক জিৎমল দলেই ‘দৈনিক অগ্রদূত’ৰ আগত সদৰী কৰা অনুসৰি, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ নেতৃত্বত পাংচাও পাছলৈ যোৱা আৰক্ষীৰ এটা দলৰ ওচৰত আলফা (স্বাঃ) ব শীর্ষ নেতাজনে একমাত্র দেহৰক্ষীক লগত লৈ আজি আত্মসমর্পণ কৰে।

উল্লেখ্য যে ১৯৯৭ত ডিব্ৰুগড়ৰ চাবুৱাৰ নাদুৱা গাঁৱৰ যুৱক বিজিত গগৈয়ে ডিব্রুগড়ত পঢ়িবলৈ গৈ আলফাত যোগদান কৰিছিল। মেধাবী ছাত্র বিজিতে সংগঠনত নাম লৈছিল অৰুণোদয় দহোতীয়া। অতি কম দিনৰ ভিতৰত আলফাৰ এজন সৈনিকৰূপে নিজক প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অৰুণোদয় দহোতীয়াই ম্যানমাৰৰ কাছিনৰ উপৰি পাকিস্তানতো প্রশিক্ষণ গ্রহণ কৰিছিল। গেৰিলা যুদ্ধৰ দুর্ধর্ষ যোদ্ধাৰূপে সংগঠনত আন এক পৰিচয় থকা দহোতীয়াই তেওঁৰ সাংগঠনিক পাৰদৰ্শিতাও প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ আলফাৰ ইজনৰ পাছত সিজন শীর্ষ নেতাই আত্মসমর্পণ কৰাৰ পাছত দহোতীয়াই সংগঠনটোক শক্তিশালী ৰূপত ধৰি ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিছিল। সেইবাবে সংগঠনৰ সামৰিক কাম-কাজ, সংগঠন শক্তিশালীকৰণ, পুঁজি সংগ্রহ, বিভিন্ন ৰাষ্ট্ৰৰ লগত যোগসূত্র স্থাপন কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ আন আন উগ্রপন্থী সংগঠনৰ লগত আলফা (স্বাঃ)ৰ গভীৰ সম্পর্ক গঢ়ি তোলা আদি সকলো দায়িত্ব পালন কৰিছিল।

এনে দক্ষতাৰ বাবেই সংগঠনটোৰ মেজৰ জেনেৰেল পদত তেওঁক অধিষ্ঠিত কৰা হৈছিল। আলফা (স্বাঃ)ৰ ৭৭৯ শিবিৰ পৰিচালনা কৰা দহোতীয়াৰ ওপৰতে সংগঠনটোৰ বিত্তীয় দিশটোও নিৰ্ভৰ আছিল। সেইজন শীর্ষ নেতাই  আত্মসমর্পণ কৰাৰ পাছত আলফা (স্বাঃ)ত অভাবনীয় মোক্ষম আঘাত পৰিল বুলি চর্চিত হৈছে। অপহৰণ, বিভিন্ন কূটাঘাতমূলক কার্য আদিত জড়িত দহোতীয়া দীর্ঘদিন আৰক্ষী-নিৰাপত্তা বাহিনীৰ মূৰৰ কামোৰণিও হৈ আহিছিল। তেওঁৰ পৰিচালনাতে কে’বাটাও দুর্ধর্ষ আক্ৰমণৰ ঘটনা অসমত সংঘটিত হৈছিল।

উদাহৰণ স্বৰূপে যোৱা বছৰ যোৰহাটৰ সেনাৰ শিবিৰত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰা ঘটনাটো পৰিচালনা কৰিছিল অৰুণোদয় দহোতীয়াই। নিৰাপত্তা বাহিনীৰ সূত্রই সদৰী কৰা অনুসৰি, দহোতীয়াই আছিল পাকিস্তানত উচ্চ প্রশিক্ষণ গ্রহণ কৰা আলফা (স্বাঃ)ৰ অন্তিমজন সদস্য।

প্রসংগক্রমে উল্লেখ্য যে অৰুণোদয় অসমক জালত পেলাবলৈ বিভিন্ন চোৰাংচোৱা সংস্থাসমূহে দীর্ঘদিন বিভিন্ন কৌশল অৱলম্বন কৰি আহিছিল। আনকি অৰুণাচল প্রদেশত যোৱা বছৰ তেওঁক জালত পেলাবলৈ অসম ৰাইফলছ আৰু কে’বাটাও নিৰাপত্তা সংস্থাই বেহু ৰচিছিল। অৰুণাচলৰ এক গোপন স্থানত আত্মগোপন কৰি থকা দহোতীয়াই অত্যন্ত চতুৰালিৰে বেহু ফালি ম্যানমাৰলৈ পলাই যাবলৈ সক্ষম হৈছিল। তেনে এজন দুর্ধর্ষ নেতাইআত্মসমর্পণ কৰা বিষয়টো সর্বদিশেৰে গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে।

শেহতীয়াকৈ ম্যানমাৰত আলফা (স্বাঃ)ৰ শিবিৰৰ ওপৰত ড্র’ণ আক্ৰমণ সংঘটিত হোৱাৰ পাছতো অৰুণোদয় অসমক মানসিক চাপ সৃষ্টিৰে জালত পেলোৱাৰ কৌশল ৰচনা কৰা হৈছিল। সেই প্রক্রিয়াৰে আগবাঢ়ি অৱশেষত আলফা (স্বাঃ)ব শীর্ষ নেতাজনে আত্মসমর্পণ কৰিবলৈ যেন বাধ্য হয়।

আৰক্ষী মহাপবিদর্শক দলেই সদৰী কৰে যে আত্মসমর্পণ কৰা ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা আলফা (স্বাঃ) ব নেতাজনক পোনে পোনে গুৱাহাটীলৈ লৈ যোৱা হৈছে। অসম আৰক্ষীৰ বিশেষ শাখাত ৰখা দহোতীয়াক আগন্তুক দিনকেইটাত বিভিন্ন নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাই জেৰা কৰিব। জেৰাৰ অন্ততহে দহোতীয়াৰ ওপৰত আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলি দলেই জানিবলৈ দিয়ে।

অৰুণোদয় দহোতীয়াৰ দৰে নেতাৰ আত্মসমর্পণৰ অন্তৰালত আলফা (স্বাঃ)ত আভ্যন্তৰীণ সংঘাতো তীব্রতৰ হোৱা বুলি চর্চা চলিছে; কিন্তু কাৰণ যিয়েই নহওক কিয়, পৰেশ বৰুৱাৰ বিকল্প হিচাপে নাম চর্চাত থকা নেতাজনৰ আত্মসমর্পণে আলফা (স্বাঃ)ৰ কঁকালত যে প্রচণ্ড কোব এটা শোধালে, সেয়া স্পষ্ট হৈ পৰিছে।

শান্তি আলোচনাৰ বিষয়টোও আজি পুনৰ চর্চালৈ আহিছে। অৱশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আলফা (স্বাঃ)ৰ স’তে শান্তি আলোচনা পৰেশ বৰুৱাৰ লগতহে হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arunodoi DohotiyaAssam PoliceAssam RiflesIndo-myanmar BorderULFA(I) Finance Secretary Surrenders
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
জুৰীয়াত শ শ শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

October 31, 2026
Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d