Chargesheet:
আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ পিআইত দাখিল কৰি হয় জুবিন গাৰ্গ মৃত্যু গোচৰৰ তদন্তৰ অভিযোগনামা ৷ অভিযোগনামা দাখিল কৰে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতা আৰু সহযোগি বিষয়া মৰমী মেধিয়ে ৷
উল্লেখ্য যে চিআইডিৰ এছ আই টিৰ দুজনীয়া দলটিয়ে চাৰিটাকৈ ট্ৰাংকত অনা ৭০০০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট আৰু ৩৫০০ৰ নথিৰ টোপোলা জমা দিয়ে চিজেএম আদালতৰ PI কাৰ্যালয়ত ৷ ইয়াৰ পিছত অভিযোগনামা জি আৰ বাঞ্চলৈ আহিব ৷ জিআৰ বাঞ্চৰ মাধ্যমৰে মুখ্য ন্যায়িক দণ্ডাধীশে অভিযোগনামা চীন কৰাৰ লগে লগে আৰম্ভ হ’ব আইনী টাৱেল প্ৰক্ৰিয়া ৷ গোচৰটো অতি স্পৰ্শকাতৰ হোৱা হেতুকে প্ৰায় ৪৮ ঘন্টাৰ সময়ৰ ভিতৰত চিজেএমে অভিযোগনামা পঢ়াৰ কাম সম্পন্ন কৰিব ৷ তাৰ পিছত কোনো অধিবক্তা বা আন নাগৰিকে অভিযোগনামা লাভ কৰিবৰ বাবে বা চাবৰ বাবে আদালতৰ অনুমতি নিতান্তই প্ৰয়োজন। আদালতৰ অনুমতি সাপেক্ষে চাৰ্টিফাইট কপি উলিয়াই চাব পাৰিব I


































