TRIPURA:
চুবুৰীয়া দেশ বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সীমামুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৷ ৰাজ্য খনৰ ইণ্ডো- বাংলা সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেহু ৷ একেদৰে হাই এলার্ট জাৰি কৰা হৈছে ত্ৰিপুৰাত ৷
ADVERTISEMENT
আনহাতে ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডীয়ে বক্সাৰ নগৰ সীমান্তত উপস্থিত হৈ নিৰাপত্তাৰ বুজ লোৱাৰ লগতে সীমান্তৰ কাঁটা তাঁৰৰ বেৰ পৰ্যবেক্ষণ কৰে ৷ৰাজ্যপাল গৰাকীয়ে সীমান্তৰ দায়িত্বত থকা বিএছএফৰ কৰ্তব্যৰত জোৱান আৰু শীৰ্ষ বিষয়াৰে মতবিনিময় কৰে ৷



































