Accident:
ADVERTISEMENT
কামৰূপ জিলাৰ গৰৈমাৰী বৰভিঠাত ভয়ংকৰ অঘটন ৷নিশা নিয়ন্ত্ৰণ হেৰুৱাই এটা বাসগৃহত বাগৰি পৰে এখন ডাম্পাৰ ৷ ফলত কৰুণ মৃত্যু ঘটে মাতৃ- কন্যা। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালৰ দুই শিশু পাঁচজন সদস্য ডাম্পাৰৰ তলত আবদ্ধ হৈ পৰে ৷ পিছত স্থানীয় লোকে জেচিবিে বহু ঘন্টাৰ চেষ্টাৰ অন্তত তিনিজনক জীৱন্তে উদ্ধাৰ কৰে যদিও ইতিমধ্যে কৰুণ মৃত্যুক সাৱটি লয় মাতৃ- কন্যাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ড্ৰাম্পাৰ খন জব্দ কৰে যদিও ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালকজন। মাতৃ – কন্যাৰ কৰুণ মৃত্যুত শোকাহ হৈ পৰে বৰভিঠা অঞ্চল৷



































