Helicopter:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি প্ৰাৰ্থীৰ মনোনয়নৰ অন্তিম দিন ৷ আজিৰ পৰাই শাসক- বিৰোধী সহ নিৰ্দলীয় প্ৰাৰ্থী সকলে আৰম্ভ কৰিব প্ৰচাৰাভিযান ৷ বিজেপি দলে এইবাৰ প্ৰচাৰাভিযানৰ বাবে ইতিমধ্যে খানাপাৰাৰ খেলপথাৰত সাজু কৰিছে কেইবাখনো হেলিকপ্টাৰ। মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা মাৰাথান প্ৰচাৰাভিযানত এই হেলিকপ্টাৰ ব্যৱহাৰ কৰিব ৷ একেদৰে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ,কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰেও প্ৰচাৰাভিযানত ব্যৱহাৰ কৰিব হেলিকপ্টাৰ ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কে’বাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰচাৰাভিযানৰ বাবেও বৰঝাৰ বিমানকোঠত সাজু কৰিছে এখন চার্টাড প্লেনেও ৷
আনহাতে বিৰোধী কংগ্ৰেছ আৰু শাসক গোষ্ঠীৰ অংশীদাৰ অগপ – বিপিএফেও সাজু কৰিছে ৩ খনকৈ হেলিকপ্তাৰ ৷






























