STF Raid:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–উত্তৰ-পূৰ্বৰ ৰাজ্য কেইখনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে কৰিডৰত পৰিণত হৈছে গুৱাহাটী ৷ আৰক্ষীৰ কঠোৰস্থিতি পিছতো অব্যাহত আছে ড্ৰাগছ সৰবৰাহ ৷ আনহাতে অসম আৰক্ষীৰ এছটিএফে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে আমিনগাঁৱত এছটিএফৰ জালত পৰিল মণিপুৰৰ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । এখন চাৰিচকীয়া বাহনৰ গোপন চেম্বাৰত ২৫টা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল ৩৫০গ্রাম হে’ৰইন । বিশেষ সূত্ৰৰ পমখেদি এছটিএফে বাহন খনত অভিযান চলাই উল্লিখিত হে’ৰইন খিনি জব্দ কৰে ৷ জব্দকৃত হে’ৰইন খিনিৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
ADVERTISEMENT






























