Basistha :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে নাকা চেকিং ৷ ইয়াৰ মাজতে মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ নাকা চেকিঙত জব্দ হ’ল প্ৰায় ১৫ লাখ টকা ৷ এজন ব্যক্তিয়ে এখন বাহনত সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ ধনখিনি ৷ ইতিমধ্যে ধনখিনি বশিষ্ঠ আৰক্ষীয়ে ফ্লায়িং স্কোৱাড টীম আৰু আয়কৰ বিভাগক হস্তান্তৰ কৰিছে ৷ আনহাতে জব্দকৃত ধনখিনিৰ উৎস সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
ADVERTISEMENT






























