Nadaur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেতবোৰ অঞ্চলত ইটোৰ পিছত সিটোকৈ বৃদ্ধি পাইছে নিৰ্বাচন কেন্দ্ৰীক হিংসা ৷ সোমবাৰে বিজেপি সমৰ্থকৰ অৰ্তকিতে চলোৱা আক্ৰমণত নদুৱাৰৰ কংগ্ৰেছ প্রার্থী সুনীল ছেত্রী আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উদ্থাপিত হৈছে। আহত ছেত্রীক কংগ্ৰেছ সমৰ্থকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ বিজেপি সমৰ্থকৰ এই কাৰ্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ শীৰ্ঘেই দোষী বিজেপি সমৰ্থক কেইজনক আটক কৰাৰ দাবী কৰে।
উল্লেখ্য যে দুদিন পূৰ্বে বিজেপি কর্মীক কংগ্ৰেছৰ সমর্থকে আক্রমণ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল । কংগ্ৰেছ – বিজেপি সমৰ্থকৰ মাজত সঘনাই সৃষ্টি হোৱা হিংসাত্মক কাৰ্যক আৰক্ষীয়ে কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷






























