Donald Trump:✒️চলি থকা পশ্চিম এছিয়া সংঘাতৰ মাজতে পুনৰ উত্তেজনা বৃদ্ধি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (Donald Trump) আৰু ইৰাণৰ মাজৰ বাক্যুদ্ধই। যুদ্ধবিৰতি বিচাৰি ইৰাণে আমেৰিকাৰ স’তে যোগাযোগ কৰিছে বুলি কৰা দাবীক স্পষ্টভাৱে নাকচ কৰিছে তেহৰানে।
ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে, আমেৰিকাৰ এই দাবী সম্পূৰ্ণ “ভুৱা আৰু ভিত্তিহীন”। দেশখনে কোনো ধৰণৰ যুদ্ধবিৰতিৰ আবেদন কৰা নাই আৰু নিজৰ সুৰক্ষাৰ বাবে যুঁজ চলাই যাব বুলিও স্পষ্ট কৰা হৈছে।
ইফালে, ড’নাল্ড ট্ৰাম্পে(Donald Trump) দাবী কৰিছিল যে, ইৰাণৰ নেতৃত্বে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু এখন চুক্তি কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু তেহৰানে এই বক্তব্য সম্পূৰ্ণকৈ খাৰিজ কৰি কৈছে যে, এইধৰণৰ কোনো আলোচনা বা অনুৰোধ কৰা হোৱা নাই।
ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই স্পষ্টকৈ জনাইছে যে, দেশখনে কোনো ধৰণৰ চাপ বা সময়সীমাৰ অধীনত সিদ্ধান্ত নল’ব আৰু নিজৰ স্বাৰ্থ অনুসৰি যুদ্ধৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।
তেওঁলোকে লগতে কয় যে, যুঁজ শেষ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণভাৱে ইৰাণৰ নিজৰ চৰ্ত আৰু সময় অনুসৰি হ’ব।
বৰ্তমান পশ্চিম এছিয়াত চলি থকা এই সংঘাত ক্ৰমাৎ অধিক জটিল ৰূপ লৈছে। একপক্ষীয় দাবী আৰু ওলোটাই কৰা বক্তব্যৰ মাজতে কূটনৈতিক সমাধানৰ সম্ভাৱনা আৰু অধিক অনিশ্চিত হৈ পৰিছে।
বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, এইধৰণৰ পৰস্পৰবিৰোধী বক্তব্যই সংঘাত শেষ কৰাৰ পথ আৰু জটিল কৰি তোলে। যুদ্ধবিৰতি বা আলোচনাৰ সম্ভাৱনা থাকিলেও দুয়ো পক্ষৰ মাজত বিশ্বাসৰ অভাৱ স্পষ্টকৈ দেখা গৈছে।
এই পৰিস্থিতিত স্পষ্ট হৈছে—পশ্চিম এছিয়াৰ এই সংঘাত এতিয়াও সমাপ্তিৰ কোনো স্পষ্ট সংকেত নেদেখুৱাইছে আৰু আগন্তুক দিনত উত্তেজনা আৰু বৃদ্ধি পোৱাৰ আশংকা অব্যাহত আছে।






























