Jatin Mali:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শুকুৰবাৰে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু ঘটা অসম আন্দোলনৰ অগ্ৰণী নেতা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ পাৰ্থিৱ শৰীৰ শনিবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷ আছুৰ কৰ্মকৰ্তা সহ অগনন গুণমুগ্ধৰ উপস্থিতিত প্রাক্তন শিক্ষা মন্ত্ৰী গৰাকীৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হয় ৷
উল্লেখ্য যে ৰুক্মিণীগাঁৱৰ বাসগৃহত শুকুৰবাৰে দুপৰীয়াভাগত হঠাতে তেওঁৰ ষ্ট্ৰোক হৈ পৰি গৈছিল ঘৰতে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডাউন টাউন হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । হাস্পতালৰ পৰা প্ৰথমে ৰুক্মিণী গাঁৱৰ বাসগৃহত নিয়া হয় যতীন মালীৰ নশ্বৰদেহ । তাৰ পাছত পলাশবাৰীৰ বাসগৃহলৈ লৈ যোৱা হয় ৷ তাত দক্ষিণ পশ্চিম ছাত্ৰ সন্থা সহ বহু দল- সংগঠন সহ অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
উল্লেখযোগ্য অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক যতীন মালীৰ সমষ্টিটোৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল মালী। সদ্যসমাপ্ত তথা অহা চাৰি মে’ত ফলাফল ঘোষণা হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মালীয়ে।
১৯৮৫ চনত তেওঁ নিৰ্দলীয়ৰূপে প্ৰথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পাছতে তেওঁ অসম গণ পৰিষদত যোগদান কৰিছিল। ১৯৯১ আৰু ১৯৯৬ চনত তেওঁ অসম গণ পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰফুল্ল মহন্ত চৰকাৰত শিক্ষামন্ত্ৰী ৰূপে দায়িত্ব লাভ কৰিছিল। ২০১১ চনত তেওঁ পুনৰ নিৰ্দলীয়ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
উল্লেখ্য যে ২০০১ আৰু ২০০৬ত নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ কলিতাৰ হাতত পৰাস্ত হোৱা মালীয়ে ২০১১ত মাত্ৰ ৬৮০টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। ইয়াৰ পাছত তেওঁ ২০১৬ আৰু ২০২১ত তেওঁ পৰাস্ত হৈছিল। ২০২১ত তেওঁ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এইবাৰ তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।




































