Meta:✒️ফেচবুকৰ নিয়ন্ত্রক সংস্থা মেটাই নতুনকৈ কৰ্মচাৰী হ্রাস কৰাৰ পথত খোজ দিয়াৰ সিদ্ধান্ত লৈছে। তিনিটা সূত্ৰক উদ্ধৃত কৰি সংবাদ সংস্থা ৰয়টাৰ্ছে এই তথ্য প্রকাশ কৰিছে। তেওঁলোকৰ দাবী, ধনকুবেৰ-শিল্পপতি মার্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে ঢাপে ঢাপে কর্মী সংকোচনৰ প্রক্রিয়া সম্পন্ন কৰিব।
প্রকাশিত তথ্য অনুসৰি, চলিত বছৰৰ ২০ মে’ৰ ভিতৰত ছাটাইৰ প্রথম পর্যায় শেষ কৰাৰ পৰিকল্পনা আছে। এই পৰ্যায়ত মেটাৰ প্রায় ১০ শতাংশ কর্মী ছাটাই কৰা হ’ব বুলি ৰয়টাৰ্ছৰ প্ৰতিবেদনত দাবী কৰা হৈছে।
ফেচবুক আৰু ইনস্টাগ্রামৰ মালিক প্রতিষ্ঠানটোৱে প্রথম পৰ্যায়ত বিশ্বজুৰি প্রায় ৮,০০০ কর্মী ছাটাই কৰিব। সংস্থাটোৱে বছৰৰ দ্বিতীয়ার্ধত আৰু এবাৰ কৰ্মী ছাটাইৰ পৰিকল্পনা কৰিছে। যদিও সেই ছাটাইৰ দিন আৰু সংখ্যা এতিয়াও চূড়ান্ত হোৱা নাই।
উল্লেখ্য যে ৰয়টাছে যোৱা মাহতেই জনাইছিল যে সংস্থাটোরে বিশ্বব্যাপী কৰ্মচাৰীৰ ২০ শতাংশ বা তাতোকৈ অধিক ছাটাই কৰাৰ পৰিকল্পনা কৰিছে। মেটাৰ চিইতা’ জুকাৰবার্গে কৃত্রিম বুদ্ধিমত্তা (এআই)ত কোটি কোটি ডলাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।
এআইৰ জৰিয়তেই সংস্থাৰ আভ্যন্তৰীণ কাম-কাজৰ ধাৰাত আমূল পৰিৱৰ্তন আনিব বিচাৰিছে মেটাই।
বিশ্বজুৰি প্ৰযুক্তি খণ্ডত কর্মী ছাটাইৰ তথ্য সংগ্ৰহকাৰী ৱেবছাইট layoffs.fyiৰ মতে, এই বছৰ এতিয়ালৈকে ৭৩,২১২ জন কর্মীয়ে চাকৰি হেৰুৱাইছে। ২০২৪ চন জুৰি এই সংখ্যা আছিল ১,৫৩,০০০।
২০২২ৰ শেষৰফালে আৰু ২০২৩ৰ আৰম্ভণিতে মেটাই পুনর্গঠনৰ বাবে প্রায় ২১,০০০ কর্মী ছাটাই কৰিছিল। সেই সময়ত মেটাৰ শ্বেয়াৰৰ দাম দ্রুতভাবে কমিছিল। উল্লেখ্য এই বছৰৰ আৰম্ভণিতে তুলনামূলকভাবে স্বস্তিদায়ক অৱস্থাত আছে মেটা।
বছৰটোৰ আৰম্ভণিৰে পৰা মেটাৰ শ্বেয়াৰৰ দাম ৩.৬৮ শতাংশ বৃদ্ধি পাইছে। কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত বিপুল ব্যয় সত্ত্বেও, যোৱা বছৰ সংস্থাটোরে ২০ হেজাৰ কোটি ডলাৰতকৈ অধিক ৰাজহ অর্জন কৰিছে আৰু ছয় হেজাৰ কোটি ডলাৰ মুনাফা অর্জন কৰিছে।






























