সফলতা প্রাপ্তিয়ে সকলোকে আনন্দিত কৰে; কিন্তু প্রিয় নেতাৰ নিৰ্বাচনত জয়লাভৰ আনন্দত দলগাঁৱত এজন মৎস্য ব্যৱসায়ীয়ে সংঘটিত কৰা কাণ্ডই চৌদিশে চর্চা লাভ কৰিছে। দলগাঁও সমষ্টিৰ এইবাৰৰ এআইইউডিএফৰ প্রার্থী মজিবৰ ৰহমানে জয়লাভকৰে।
ৰহমানৰ এই জয়ত আনন্দত আত্মহাৰা হৈ মৎস্য ব্যৱসায়ী জাগিৰ আলী ওৰফে বাবুৱে ১৬০ জন লোকৰ মাজত বিতৰণ কৰিলে এপোৱাকৈ ৪০ কিলোগ্রাম মাছ। আশ্চর্যজনক যে প্রতি ২৫০ গ্রামত তেওঁ লোকসকলৰ পৰা এটকাকৈহে সংগ্ৰহ কৰে। মৎস্য ব্যৱসায়ীজনে জনোৱা মতে, তেওঁ এই ৪০ কিলোগ্রাম মাছৰ প্ৰপ্রতি কিলোগ্রাম ১৩০ দৰত ক্ৰয় কৰি আনিছিল।
এনেদৰে ক্ৰয় কৰি তেওঁ প্রায় বিনামূল্যে বিতৰণ কৰে। ৰাইজৰ পৰা মাথোঁ তেওঁ মাছ ক্রয় কৰিবলৈ যোৱা যাতায়াত আৰু বজাৰৰ খাজনাৰ বাবদ এটকাকৈ ৪০ টকা সংগ্ৰহ কৰে। এনেদৰে একপ্ৰকাৰ বিনামূল্যে মাছ পাই তেওঁৰ পৰা মাছ সংগ্ৰহ কৰিবলৈ বহুতে উত্পথপ লগায়।
এই সন্দৰ্ভত মৎস্য ব্যৱসায়ীজনে কয়, ‘লাভ-লোকচানৰ কথা ভবা নাই, প্রিয় নেতাজন জিকিছে, সেয়াই মোৰ বাবে ডাঙৰ লাভ। ৰাইজক দিয়া কথা ৰাখিবলৈ মই আজি পৰম সন্তুষ্টি লাভ কৰিছো।’
আনহাতে, এটকাৰ ৰৌ মাছেৰে দুপৰীয়াৰ সাঁজ জুতি লগাই খোৱাৰ পাছত স্থানীয় ৰাইজে এতিয়া বাবুক ‘দলগাঁৱৰ আটাইতকৈ জনপ্রিয় মাছ বেপাৰী’ খিতাপ দিছে। মজিবৰ ৰহমানৰ জয়ত এতিয়া নেতাৰ লগতে জনতাৰো পেট ভৰিল।





























