Opration Against 420: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেৰগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত এএছপি সন্মিলনৰ পিছতে একশ্যন মুডত অসম আৰক্ষী ৷ শনিবাৰে পুৱতি নিশা ৩ বজাৰ পৰা ৰাজ্যৰ ২৯ খন জিলাত আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত আটক হয় প্ৰায় ৩৫০টা ঠগ-প্ৰৱঞ্চক ৷ আনহাতে আৰক্ষীৰ ই বৃহৎ অভিযান সন্দৰ্ভত শনিবাৰে এক সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয়, দেৰগাঁৱত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এএছপি সন্মিলনত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে আজি পুৱতি নিশাৰে পৰা ৰাজ্যজৰি আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় প্ৰায় ৩৫০ জন ঠগ-প্ৰৱঞ্চক। আটক কৰা অধিকাংশৰ বিৰুদ্ধে চাকৰিৰ নামত, বিভিন্ন কার্যালয়ত কাম কৰাই দিয়াৰ নামত বিভিন্নজনক কৰি আহিছিল প্ৰৱঞ্চনা৷ আনকি আৰক্ষী অলক্ষিতে ব্যৱহাৰ কৰিছিল আৰক্ষী আৰু অধিবক্তাৰ নাম৷ একেদৰে ভুৱা ফোনকল, মেছেজেৰে বিত্তীয় প্ৰৱঞ্চনা কৰা বহু কেইজন অপৰাধীক আৰক্ষীৰ অভিযানত আটক কৰা হয়৷
ডিজিপি গৰাকীয়ে কয় যে, থানালৈ বিভিন্ন বিষয়ত গোচৰ দিবলৈ অহা সহজ সৰল লোকক প্ৰৱঞ্চনাৰো প্ৰলোভিত কৰি থানাত কাম সম্পন্ন কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা, এজাহাৰকাৰীৰ এজহাৰ লিখি দিয়াৰ নামৰ মোটা অংকৰ দাবী কৰা বহুজনক আটক কৰা হয় এই অভিযানত৷ এতিয়াও বহু জালত পৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ মাৰাথন অভিযন অব্যাহত থাকিব কোনো এজনকো ৰেহাই দিয়া নহ’ব৷
উল্লেখ্য যে ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে পুৱতি নিশাৰে পৰা চলোৱা অভিযানৰ অংশ হিচাপে বৰপেটাটো বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৮ টাকৈ প্ৰৱঞ্চকক। ধৃত প্ৰৱঞ্চক কেইটা হ’ল ভেড়ালদী গাঁৱৰ পাচান আলী, বনিয়াপাৰাৰ জমিৰ আলী, পালহাজীৰ আব্দুল মালেক, ৰহমপুৰৰ হাছমত আলী, বৰপেটা আজাদ নগৰৰ আফলুজ মজুমদাৰ, গৰেমাৰিৰ আব্দুছ চত্তৰ আহমেদ, মেটুৱাকুছি জনীয়াৰোডৰ নিতুল দাস, নলবাৰী জিলাৰ হাইদৰ আলী৷
আনহাতে যোৰহাট আৰক্ষীয়েও ঠগ প্ৰৱঞ্চনাৰে জড়িত থকাৰ অভিযোগত ৫ জনক আটক কৰে৷ একেদৰে
ভোগদৈ আৰক্ষীয়ে অভিজিৎ বৰা নামৰ মহাপ্ৰৱঞ্চক এজনকো অভিযান চলাই আটক কৰে৷
ইপিনে তেজপুৰ আৰক্ষীয়ে শনিবাৰে পুৱততি নিশাৰে পৰা চলোৱা অভিযানত আটক কৰে তিনি প্ৰৱঞ্চকক
ধৃত প্ৰৱঞ্চক কেইটা হ’ল নজৰুল হক, খলিলুৰ ৰহমান আৰু শ্বেইখ আব্দুল্লা৷






























