Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

'সংস্কাৰী পৰিয়াল'ৰ সন্তানৰ বৰ্বৰতা

publisher by publisher
September 8, 2026
in Assam, News
Reading Time: 1 min read
0
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

MurderCaseAssam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত। আঙুলিও টুকুৰা টুকুৰকৈ কটা। এনেদৰেই চৰম বৰ্বৰতাৰে পত্নীক হত্যাৰ তিনিদিন পাছত সোমবাৰে পুৱতি নিশা আত্মসমর্পণ কৰিলে অভিযুক্ত স্বামী ৰামানুজ গোস্বামীয়ে। মহানগৰীৰ বশিষ্ঠপুৰ অঞ্চলৰ ‘অঞ্জলি গৃহ’ নামৰ এপার্টমেণ্টৰ তৃতীয় মহলাৰ নিজৰ ফ্লেটতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। তদন্তকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, ২৫ বছৰীয়া পত্নী ৰিয়া তালুকদাৰক হত্যাৰ পাছত অভিযুক্ত ৰামানুজে পত্নীৰ মূৰ পৃথকে কাটি এটা পলিথিনৰ মোনাত ভৰাই ফ্রীজত থয়। তদুপৰি ৰিয়াৰ আঙুলিবোৰ কাটি পেলায়।

ADVERTISEMENT

তদন্তকাৰী বিষয়াই জনোৱা মতে, দেওবাৰে নিশা বশিষ্ঠপুৰ চাৰি নম্বৰ উপ-পথৰ ফ্লেটত তেজৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত বিয়াৰ মৃতদেহ উদ্ধাৰৰ পাছত কালি পুৱতি নিশা দিছপুৰ আৰক্ষী থানাত ৰামানুজে আত্মসমর্পণ কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত হাতীগাঁও আৰক্ষী থানালৈ অভিযুক্তক নিয়া হয়। আৰক্ষীয়ে জনোৱা মতে, আত্মসমর্পণৰ সময়ত ৰামানুজে পিন্ধি থকা কাপোৰত তেজৰ দাগ আছিল।

কিছুমাহ পূর্বে বিবাহ: সন্দেহতে হত্যা

এই লোমহর্ষক ঘটনাৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে। তীব্র উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনা সংঘটিত হয় বশিষ্ঠপুৰ উপ-পথ ৪ৰ এটা ফ্রেটত। বিয়াৰ পাছৰে পৰা ৰিয়া আৰু ৰামানুজ এই ফ্রেটতে আছিল। পৰিয়ালৰ সূত্ৰত প্রকাশ যে এপার্টমেণ্টৰ মাটিখিনি ৰামানুজৰ পিতৃৰ। বিল্ডাৰক মাটিখিনি গতাই দিয়াৰ পাছত চুক্তি অনুসৰি এই ঘৰটোৰ স্বত্বাধিকাৰী হয় ৰামানুজৰ পিতৃ। ২০২৫ৰ ২২ ছেপ্টেম্বৰত বিবাহপাশত দুয়ো আবদ্ধ হয়। মহানগৰীৰ নুনমাটি অঞ্চলৰ কন্যা ৰিয়াই ফাঁচী বজাৰৰ এচি মার্কেটৰ এখন বুটিকত কাম কৰিছিল।

ইপিনে, ৰামানুজ আছিল উবেৰ, ওলা, ৰেপিড’ৰ গাড়ীচালক। প্রেমবন্দী যুগল ৰিয়া-ৰামানুজে নাৰেংগীৰ এটা মন্দিৰত বিবাহপাশত আবদ্ধ হোৱা বুলি ৰামানুজৰ মাতৃয়ে প্রকাশ কৰিছে।

প্রথমতে নৃশংস হত্যা: তাৰ পাছত এটাৰ পাছত আনটো লোমহর্ষক কাণ্ড

দেওবাৰে নিশা মহানগৰীৰ হাতীগাঁও থানাৰ অন্তৰ্গত বেলতলা-বশিষ্ঠপুৰ চাৰি নম্বৰ উপ-পথৰ নিজ বাসগৃহত ৰিয়া তালুকদাৰৰ শিৰশ্ছেদ কৰা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, ওচৰ-চুবুৰীয়াই ফ্লেটৰ পৰা দুৰ্গন্ধ বিয়পাত আৰক্ষীক খবৰ দিয়ে। ফ্ৰেটৰ ভিতৰত ৰিয়াৰ মৃতদেহ দুটা ভাগত টুকুৰা কৰা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। মৃতদেহৰ তলৰ অংশ উলংগ অৱস্থাত উদ্ধাৰ কৰা হয়। অতি নৃশংস এই হত্যাকাণ্ডৰ ঘটনাত অভিযুক্তই পত্নীৰ মূৰ কাটি ক’লা পলিথিনত ভৰাই মৃতদেহ ফ্রীজত থৈছিল। এটা সূত্রই জনোৱা মতে, সম্পূর্ণ উলংগ অৱস্থাত মজিয়াত পৰি আছিল মৃতদেহ। মূৰ কটা শৰীৰৰ অংশ শোৱনি কোঠাৰ বিছনাৰ কাষত উদ্ধাৰ কৰে আৰক্ষীয়ে।

তদুপৰি ফ্ৰীজৰ কাষতে উদ্ধাৰ হৈছে কে’বাটাও ধূপৰ পেকেট। ঘটনাস্থলীৰ পৰা এখন দা আৰু বহুকেইটা সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে। ফৰেনচিক বিশেষজ্ঞৰ দলে দা আৰু সুৰাৰ বটলৰ পৰা আঙুলিৰ চাপ সংগ্ৰহ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ ভিতৰত পৰি আছিল তেজৰ চেকুৰা আৰু বয়-বস্তু বিশৃংখল অৱস্থাত পৰি আছিল।

প্রত্যক্ষদর্শীৰ ভাষ্য মতে ঘৰটোৰ মজিয়াত সিঁচৰতি হৈ আছিল বয়-বস্তু। লাইট, ফেন, এচি সকলোবোৰ চলি আছিল আৰু মজিয়াত নিথৰ অৱস্থাত পৰি আছিল ৰিয়াৰ মৃতদেহ। দুৱাৰত কোনো হুক লগোৱা নাছিল। এপাত মোজাৰে দুৱাৰখন চেপা মাৰি বন্ধ কৰি ৰখা হৈছিল। ঘটনাস্থলীত উপস্থিত ফৰেনচিক বিভাগৰ বিষয়াই কয়, ‘মৃতদেহটো পচিবলৈ আৰম্ভ কৰাৰ পূৰ্বৰ ২৪-৪৭ ঘণ্টাত এই হত্যাকাণ্ড সংঘটিত হৈছে। আমি দা এখন উদ্ধাৰ কৰিছো। চৌপাশে তেজৰ চেকুৰা আছে। ফ্রীজত মূৰটো থোৱা আছে। ঘৰৰ বস্তুবোৰ ইফালে-সিফালে পৰি আছে। এয়া হত্যাকাণ্ডৰ ঘটনা।’ এই নৃশংস হত্যাকাণ্ডত পত্নীৰ মূৰ, আঙুলি আদি কাটি ফ্রীজত ভৰাই থোৱাৰ কথা উপস্থিত আৰক্ষীয়ে কয়।

সোমবাৰে ইপিনে কে’বাটাও পলিথিনৰ টোপোলা মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰিয়াৰ মৃতদেহৰ অংশ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)লৈ লৈ যোৱা হয়। তদন্তকাৰী আৰক্ষীয়ে কয় যে মৃতদেহ উদ্ধাৰৰ প্ৰায় ৪৮ ঘণ্টা পূর্বে এই হত্যাকাণ্ড সংঘটিত হৈছে। মৃতদেহৰ আঙুলিবোৰ কটা অৱস্থাত আছে। তদন্তকাৰী বিষয়াই শুকুৰবাৰ অৰ্থাৎ পাঁচ ছেপ্টেম্বৰত লোমহর্ষক হত্যাকাণ্ড সংঘটিত হোৱা বুলি কয়।

গাৰ নোম শিয়ৰি উঠা ঘটনাৰ বৰ্ণনা

পত্নীৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন কৰোতে হেনো মৰম উপজিছিল ৰামানুজৰ। সেয়েহে ফ্রীজত ভৰাই থৈছিল। মৃতদেহৰ কিছু অংশ কুকুৰক খাবলৈ দিয়াৰ পৰিকল্পনা কৰিছিল ৰামানুজে। গ্ৰেপ্তাৰৰ পাছতে এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে। পত্নীক হত্যাৰ পাছত ৰামানুজে মৃতদেহৰ কাষত বহি সুৰাপান কৰাই নহয়, খাদ্যও গ্রহণ কৰিছিল। নিজৰ লগতে পত্নীৰ ম’বাইল ফোন ভাঙি নষ্ট কৰা বুলি ৰামানুজে স্বীকাৰোক্তি দিছে।

আনহাতে, আদালতৰ পৰা কালি থানালৈ নিয়াৰ সময়ত ঘাতক ৰামানুজে সংবাদ মাধ্যমক কয়, ‘মই যিখন ঘৰত থাকো সেই ঘৰখনৰ সন্মান আছে। মোৰ মাক বেয়াকৈ কৈছে। বেয়া শব্দ ব্যৱহাৰ কৰিছে। ভুলতে এইটো হৈ গ’ল। মোক পুলিচে ধৰা নাই। মই আত্মসমর্পণ কৰিছো।’ পৰকীয়া প্ৰেমৰ বাবে হত্যা!

পৰকীয়া প্ৰেমৰ সন্দেহৰ বাবে পত্নীক হত্যা কৰিলে ৰামানুজে। পত্নী ৰিয়াৰ আনৰ স’তে সম্পৰ্কৰ সন্দেহতে স্বামী-স্ত্রীৰ মাজত সঘন কাজিয়াৰ সূত্রপাত ঘটা বুলি ওচৰ চুবুৰীয়াই কয়। মহানগৰ আৰক্ষী ডিচিপি (পূব) টাবুৰাম পেগুৱে সংবাদ মাধ্যমক জনোৱা মতে তিনি ছেপ্টেম্বৰৰ পুৱা কাজিয়াই চূড়ান্ত ৰূপ লৈছিল। খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই এসময়ৰ প্ৰেমিকা বৰ্তমানৰ পত্নী ৰিয়াক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে ৰামানুজে। কালি বিয়লি এক সংবাদমেলত ডিচিপি পেগুৱে কয়, ‘দেওবাৰে নিশা ৯-৪৫ বজাত আমালৈ এটা খবৰ আহিছিল। বশিষ্ঠপুৰ চাৰি নম্বৰ বাইলেনৰ ১৪ নম্বৰ ঘৰৰ এক দম্পতীক দুদিনৰ পৰা পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাছিল। খবৰ পোৱাৰ লগে লগে হাতীগাঁও আৰক্ষীৰ দল উপস্থিত হৈছিল। ফ্লেটটোৰ দুৱাৰ ভিতৰৰ পৰা খোলা আছিল। ঘটনাস্থলীত মহিলাগৰাকীৰ মুৰ আৰু দেহৰ অংগ পৃথক অৱস্থাত উদ্ধাৰ কৰা হয়।’

তেওঁ লগতে কয়, ‘আমি মূৰটো ফ্রীজৰ ভিতৰত সুমুৱাই থোৱা অৱস্থাত পাইছিলো। ঘটনাস্থলীত ফৰেনচিক আৰু আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ দলে সকলো তন্ন তন্নকৈ পৰীক্ষা কৰে। এখন দাৰ লগতে মদৰ বটলো উদ্ধাৰ হৈছে।’ ৰামানুজৰ স্বীকাৰোক্তি প্রকাশ কৰি তেওঁ কয়, ‘ৰামানুজ গোস্বামীয়ে আত্মসমর্পণ কৰিছে। তেওঁৰ পত্নীৰ হত্যাৰ কথা স্বীকাৰ কৰিছে। জনতাৰ মাজত সঘনাই বিভিন্ন কাৰণত কাজিয়া হৈছে বুলি কৈছে। তিনি ছেপ্টেম্বৰৰ পুৱা হোৱা কাজিয়াত খণ্ডৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই পত্নীক ঘৰত থকা দাৰে কাটি হত্যাৰ কথা স্বীকাৰ কৰিছে ৰামানুজে।’

তেওঁ লগতে কয়, ‘ৰামানুজে কৈছে যে পত্নীৰ পৰকীয়া প্রেম আছিল। সেইবাবেই তেওঁলোকৰ মাজত কাজিয়া হৈছিল।’ ফ্লেটটোৰ মূল দুৱাৰখন এপাত মোজাৰে বন্ধ কৰি থোৱা আছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নীৰ ভতিজাক: তিনি মাহ পূর্বেও নিচামুক্তি কেন্দ্ৰৰ পৰা অনা হৈছিল যিকোনো সচেতন মানুহৰ চেতনাক জোঁকাৰি যোৱা এই লোমহর্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীয়ে অসমৰ এজন প্রাক্তন মুখ্যমন্ত্রীৰ নিকট সম্পকীয়।

মুখ্যমন্ত্রীজনৰ পত্নীৰ ককায়েকৰ পুত্র ৰামানুজক সৎ পথলৈ আনিবলৈ চেষ্টা কৰি ভাগৰি পৰা বুলি পাৰিবাৰিক সূত্ৰত প্ৰকাশ। অতি উদ্বেগজনক যে এই ভয়াৱহ হত্যাকাণ্ড সংঘটিত কৰা ৰামানুজৰ মুখত অনুশোচনাৰ সামান্যও চিন নাই। সাংবাদিকক অতি সাবলীলভাবে তেওঁ কথা কৈছিল যেন একো হোৱাই নাই। পৰিয়ালৰ সূত্রই জনোৱা মতে গৌৰীপুৰৰ স্থায়ী বাসিন্দা ৰামানুজৰ বিৰুদ্ধে গৌৰীপুৰ থানাতে বহুকেইটা গোচৰ আছে। ড্ৰাগছ আসক্ত পুত্ৰক ভাল কৰিবলৈ গুৱাহাটীলৈ প্রেৰণ কৰিছিল।

প্রায় নিয়মিত ড্রাগছ সেৱন কৰা ৰামানুজক মাত্র কিছুদিন পূর্বে নিচামুক্তি কেন্দ্ৰৰ পৰা ঘৰলৈ অনা বুলিও এটা সূত্রই কয়। ড্ৰাগছ সেৱন কৰাৰ লগতে এটিএম চুৰিৰ এটা ঘটনাত ৰামানুজৰ নাম সাঙোৰ খায়। তেওঁৰ পিতৃ আছিল সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল। প্রাপ্ত তথ্য অনুসৰি গৌৰীপুৰৰ পৰা আঁতৰাই মহানগৰীত ৰামানুজক ফ্লেটটো দিয়াৰ লগতে এখন গাড়ীও কিনি দিছিল যিখন তেওঁ ‘কেব’ হিচাপে চলাইছিল। পিতৃ-মাতৃ আৰু বায়েকসহ এখন সমৃদ্ধিশালী আৰু প্রতিপত্তি থকা ঘৰৰ সন্তান ৰামানুজৰ এই বৰ্বৰ কাণ্ডই সমাজখনকে কঁপাই তুলিছে।

পিতৃ-মাতৃ নাই ৰিয়াৰ হত্যাৰ পূৰ্বে কাজিয়া-কন্দা-কটা

প্রাথমিক তথ্য অনুসৰি ৰিয়াৰ পিতৃ-মাতৃ নাই। তেওঁৰ স্বামী ৰামানুজে প্রায় মাৰধৰ কৰাৰ কথা সহকর্মীসকলক জনাইছিল। প্রায় দুবছৰ ধৰি তেওঁ চিটি কৰ্ণাৰ নামৰ ফাঁচী বজাৰৰ কাপোৰৰ দোকানত কাম কৰিছিল যদিও ককায়েকৰ অসুস্থতাৰ বাবে প্রায় দুমাহ পূর্বে কাম এৰি দিয়ে। ইয়াৰ পাছত শেহতীয়াকৈ প্রায় ১০-১২ দিন পূর্বে তেওঁ ফাঁচী বজাৰৰ এচি মার্কেটত কাপোৰৰ বুটিকত পুনৰ কৰ্মৰত হয়। সংবাদ মাধ্যমত ৰিয়াৰ সহকৰ্মীসকলে কয়, ‘ৰিয়াৰ স্বামী ড্ৰাগছ আসক্ত বুলি শুনিছিলো। নিচামুক্তি কেন্দ্ৰত তিনিমাহৰ বাবে আছিল বুলি তাই কৈছিল।’ সহকর্মীসকলে ফোনতো স্বামীৰ স’তে ৰিয়াৰ কাজিয়া লগা দেখিছিল বুলি কয়। পিতৃ-মাতৃহীন ৰিয়াৰ এজন ভ্রাতৃ আছে।

হুলস্থূল শুনিছিল প্রতিবেশীয়ে

প্রতিবেশীয়ে জনোৱা মতে যোৱা শনিবাৰৰ পৰাই ঘৰটোত ভয়ংকৰ হুলস্থূল হয়। ঘৰৰ ভিতৰৰ পৰা কান্দোনৰ শব্দও শুনা গৈছিল। অৱশ্যে কেৱল ৰামানুজৰ মাতহে শুনিছিল চুবুৰীয়াই। শনিবাৰে নিশা প্রায় আঠ বজাত স্থানীয় লোকে শেষবাৰৰ বাবে ৰামানুজক দেখিছিল বুলি কয়। সেইদিনাই চুলিৰ কাট-ৰং সলনি কৰা বুলিও ওচৰ চুবুৰীয়াই কয়। ভয় আৰু শংকাত ৰামানুজে কন্দা বুলি সন্দেহ কৰা হৈছে। স্বামী-স্ত্রীৰ মাজত প্রায়ে কাজিয়া হৈছিল বুলি একাংশ প্রতিবেশীয়ে কয়। পত্নীক হত্যা কৰাৰ পাছত মৃতদেহৰ কাষত কান্দি কান্দি বহু সময় অতিবাহিত কৰি অভিযুক্ত বাহিৰলৈ যোৱা বুলি সূত্রত প্রকাশ।

কি কয় ৰামানুজৰ মাতৃয়ে

ইপিনে, মাতৃয়ে সংবাদ মাধ্যমক জনোৱা মতে ২০২৫ৰ ২২ ছেপ্টেম্বৰত দুয়ো বিবাহপাশত আবদ্ধ হয়। তেওঁ কয়, ‘বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰত ৰামানুজ আৰু ৰিয়া বিবাহপাশত আবদ্ধ হৈছিল। সিহঁতৰ ভালপোৱা আছিল। বিয়া পাতিব বিচৰাত আমি বাধা দিয়া নাছিলো। বোৱাৰীৰ মাক-দেউতাক নাই। এজন ককায়েক আছে। বোৱাৰীক মই খুব মৰম কৰিছিলো। বোৱাৰীৰ লগত দুই ছেপ্টেম্বৰত কথা পতা হৈছিল।’ যোৱা মাঘ বিহুত পুত্ৰ বোৱাৰী গৌৰীপুৰৰ ঘৰলৈ গৈ তেওঁলোকৰ স’তে থকা বুলি উল্লেখ কৰি মাতৃগৰাকীয়ে কয়, ‘বোৱাৰীও লগত আহিছিল। এসপ্তাহ থাকি গৈছিল। পূজাত সিহঁত ঘৰত অহাৰ কথা আছিল। ৰামানুজে ‘কেব’ চলাইছিল।’

শেহতীয়াকৈ মহানগৰীৰ কেব চালকসকলৰ ধৰ্মঘটৰ কথাও মাকক কৈছিল ৰামানুজে। ইয়াকে লৈ মন বেয়া হোৱা বুলিও কৈছিল। আনহাতে মাতৃয়ে কয় যে পুত্রই নৃশংস কাণ্ড কৰাৰ কথা মানি ল’ব নোৱাৰে। ৰামানুজে ৰাস্তাৰ মানুহকো সম্মান কৰা বুলি মাতৃয়ে দাবী কৰে। ৰামানুজ মৰমিয়াল আৰু সংস্কাৰী বুলি তেওঁ দাবী কৰে। মাতৃয়ে কয়, ‘ই বৰ মৰমিয়াল আৰু ডাঙৰক সম্মান-শ্রদ্ধা কৰিব জানিছিল। এটা সংস্কাৰী পৰিয়ালৰ সন্তান ৰামানুজ। কেতিয়াও মানুহক টানকৈ কথা কোৱা নাছিল। কোনোৱে ৫০ টকা বিচাৰিলে সি এশ টকা দিয়ে। আনহাতে পিতৃয়ে কয় যে ৰামানুজ ভাল ল’ৰা আৰু ৰিয়াও ভাল ছোৱালী আছিল। ৰামানুজ পঢ়া-শুনাতো ভাল আছিল বুলি পিতৃয়ে দাবী কৰে। তেওঁ কিছুদিন পূর্বে গুৱাহাটীত পুত্ৰ-বোৱাৰীৰ স’তে আহি থাকিছিল বুলিও কয়।

উল্লেখ্য যে কিছু বছৰ পূৰ্বে দিল্লীৰ মেহৰুলিত লিভ ইন পার্টনাৰ শ্রদ্ধা ৱৰ্কাৰক নৃশংসভাবে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ফ্রীজত আৰু পাকঘৰৰ কেবিনেটত সোমাই থৈছিল আফতাদ পুনাৱালা নামৰ ২৮ বছৰীয়া যুৱকজনে। এই ঘটনাই সমগ্র দেশকে কঁপাই তুলিছে। সম্প্রতি গুৱাহাটীৰ এই লোমহর্ষক ঘটনাই পুনৰ চৰ্চালৈ আনিছে দিল্লীৰ লোমহর্ষক কাণ্ড। অসমতো অভিযুক্ত স্বামীৰ নৃশংসতাই দেশকে কঁপাইছে। শীতল মস্তিষ্কৰে পত্নীক হত্যা কৰা ৰামানুজ কিমান নির্মম হ’ব পাৰে আৰু কিহৰ বাবে এই বৰ্বৰতা তাকে লৈ চৰ্চা চলিছে। ৰামানুজৰ মুখত নাই কোনো অনুশোচনা। হত্যাৰ পাছত পত্নীৰ শৰীৰৰ অংশ টুকুৰা কৰাই নহয়, মৃতদেহৰ ওচৰত বহি সুৰাপান-আহাৰ গ্ৰহণ কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰা যুৱকজন আজিৰ অসমীয়া সমাজৰ অৱক্ষয়ৰ এক প্রতিফলন নেকি বুলিও প্রশ্ন উঠিছে। এয়া মানসিক বিকাৰগ্ৰস্ততা নে ড্ৰাগছৰ কুপ্ৰভাৱ নে আন কিবা অস্থিৰতাৰ কুফল সেয়া তদন্তত নিশ্চয় উদ্ধাৰ হ’ব। এনে জঘন্য হত্যাকাৰীৰ কঠোৰতম শাস্তি হ’ব লাগে বুলি ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন মত প্রকাশিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
India

জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

October 6, 2026
গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d