দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেন্দ্ৰত প্ৰথমবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ গঠন হোৱাৰ পাছতে দেশজুৰি আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জনধন একাউণ্ট আঁচনিৰ অৱস্থা অসমসহ দেশৰ বহু ৰাজ্যত শোচনীয় হোৱাৰ তথ্য পোহৰলৈ আহিছে।
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এজন লোকে কৰা এক আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ বিত্তীয় সেৱা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত ৩৬.৩০ লাখ জনধন একাউণ্টত এপইচাও জমা নাই।
ফলত একাউণ্টত এপইচাও জমা নথকা জনধন একাউণ্টৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে চতুর্থ স্থান দখল কৰিছে। এই ক্ষেত্ৰত প্রথম স্থানত আছে উত্তৰ প্রদেশ (৯৫.৯২ লাখ)। উত্তৰ প্ৰদেশৰ পাছতে আছে দৰিদ্ৰ ৰাজ্য বিহাৰ (৬২.৩৫ লাখ) আৰু তৃতীয় স্থানত আছে পশ্চিমবংগ (৩৭.২০ লাখ)।
এই ক্ষেত্রত ৩৬.০৪ লাখ একাউন্টসহ পঞ্চম স্থানত আছে মহাৰাষ্ট্ৰ। গতিকে কেন্দ্রই ঢাক ঢোল বজাই মুকলি কৰা এই আঁচনি যে অসমসহ একাংশ ৰাজ্যত ব্যর্থ হৈছে সেয়া সহজে অনুমেয় হৈছে। অথচ কেন্দ্ৰ-ৰাজ্য চৰকাৰে বিনামূলীয়া আঁচনিৰ জোৱাৰৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে সম্প্রতি দেশত প্রায় ছয় কোটি অর্থাৎ ৫.৭২ কোটি জনধন একাউন্ট খালী হৈ আছে। অর্থাৎ এই বৃহৎ সংখ্যক একাউণ্টত এপইচাও জমা নাই। লক্ষ্যণীয়ভাবে এপইচাও জমা নিদিয়াকৈ দৰিদ্ৰ লোকক এনে একাউন্ট খোলাৰ সুবিধা দিয়া হয়।
একেদৰে কেৱাইচিৰ নিয়মো এনে একাউন্ট খোলাৰ ক্ষেত্ৰত শিথিল কৰা হয়। অর্থাৎ একাউন্ট খোলাৰ দিন ধৰি এক বৃহৎ সংখ্যক লোকে একাউণ্টত পইচা জমা নকৰাৰ সম্ভাৱনা প্ৰকট হৈছে।
তদুপৰি স্বয়ং বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশত ১৫ কোটি ৩৬ লাখ ৭৭ হেজাৰ নটা জনধন একাউন্ট নিষ্ক্রিয় হৈ আছে। অর্থাৎ এই একাউণ্টসমূহৰে ধনৰ কোনো লেনদেন হোৱা নাই। সেয়েহে এই বৃহৎ সংখ্যক একাউণ্টক চৰকাৰে অসক্রিয় একাউণ্টৰ তালিকাভুক্ত কৰিছে।
অথচ মোদী চৰকাৰে বিগত ১১ বছৰত দেশৰ ২৫ কোটি লোকক দাৰিদ্র্য সীমাৰেখাৰ ওপৰলৈ অনা বুলিও দাবী কৰি আহিছে।
উল্লেখ্য যে দেশৰ সকলো পৰিয়ালক বিত্তীয় সাক্ষৰতা আৰু সামাজিক সুৰক্ষা আৱৰণিৰ আওতালৈ অনাৰ উদ্দেশ্যে প্রধানমন্ত্রী জনধন যোজনা মুকলি কৰা হৈছিল। এই আঁচনিৰ অধীনত সমগ্র দেশত ৫৯ কোটিৰো অধিক একাউন্ট মুকলি কৰা হয়।
ইয়াৰে বুজন সংখ্যক অর্থাৎ প্রায় ছয় কোটি একাউন্ট এপইচাও জমা নথকাকৈ পৰি আছে। আনহাতে, যোৱা ১২ আগষ্টলৈকে জনধন একাউন্টসমূহত মুঠ তিনি লাখ ১৫ হেজাৰ কোটি টকা জমা থকা বুলি কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে প্রকাশ কৰিছে। ৰাজ্যৰ ভিত্তিত উত্তৰ প্ৰদেশতে দেশৰ ভিতৰত সৰ্বাধিক ১০.৫১ কোটি জনধন একাউন্ট আছে।
তাৰ পাছতে বিহাৰত ৭.০১ কোটি, পশ্চিমবংগত ৫.৭৩ কোটি আৰু মহাৰাষ্ট্ৰত ৩.৮৫ কোটি জনধন একাউন্ট আছে।
আনহাতে, সমগ্র দেশত মহিলাসকলৰে অধিক জনধন একাউন্ট আছে। বিত্ত মন্ত্রণালয়ৰ মতে যোৱা পহিলা ছেপ্টেম্বৰলৈকে ৩১.৮৯ কোটি জনধন একাউন্ট হ’ল মহিলাৰ। ইয়াৰ বিপৰীতে ২৬.১৪ কোটি হ’ল পুৰুষৰ। বাকীবোৰৰ মাজত লিংগ পৰিৱৰ্তনকাৰীৰ একাউন্ট আছে।































