PassiveSmoking: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভাৰতত পৰোক্ষ বা নিষ্ক্রিয় ধূমপানৰ ফলত হোৱা মৃত্যুৰ ঘটনা দ্রুত বৃদ্ধি পাইছে। ধূম্রপায়ী লোকৰ আশে পাশে থকাৰ ফলত বহু লোক ধূমপানৰ কুপ্ৰভাৱৰ বলি হৈ আহিছে।
পৰিসংখ্যা অনুসৰি, ১৯৯০ৰ পাছত ভাৰতত পৰোক্ষ ধূমপানৰ ফলত হোৱা মৃত্যুৰ ঘটনা প্রায় ৫০ শতাংশ বৃদ্ধি পালে। উদ্বেগজনক তথ্য এয়ে যে কেৱল ২০২৩ তে ভাৰতত পৰোক্ষ ধূমপানৰ পৰিণতিত ৩,২৫,৬০০ জন লোকে প্রাণ হেৰুৱাইছিল।
সম্প্ৰতি ‘দ্য লেনছেট পাব্লিক হেল্থ’ত প্রকাশিত এক অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৩ বৰ্ষত চীনৰ পাছত বিশ্বত ভাৰতত সর্বাধিকসংখ্যক লোকে পৰোক্ষভাৱে কৰা ধূমপানৰ ফলত স্বাস্থ্যগত দিশত প্রভাৱিত হৈছিল।
২০২৩ত ভাৰতত পৰোক্ষ ধূমপানৰ প্ৰভাৱিত লোকৰ সংখ্যা আছিল ৪৪.৪ কোটি। বিগত তিনি দশকত ভাৰতত পৰোক্ষ ধূমপানত প্ৰভাৱিত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।
১৯৯০৩ দেশত পৰোক্ষ ধূমপানত প্ৰভাৱিত লোকৰ সংখ্যা আছিল ৩৭.৫ কোটি আৰু ২০২৩৩ ১৮.৪ শতাংশ বৃদ্ধিৰে ৪৪.৪ কোটি হ’ল।
একে সময়ছোৱাত দেশত পৰোক্ষ ধূমপানৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও ১৯৯০৩ ২,১৭,৭০০ৰ পৰা ২০২৩ত ৩,২৫,৬০০ জনলৈ বৃদ্ধি পালে। এই সময়ছোৱাত দেশত পৰোক্ষ ধূমপানত মহিলাৰ মৃত্যুৰ সংখ্যা ১,১৩,৪০০ৰ পৰা বৃদ্ধি পাই ১,৫৬,৯০০ হ’ল।
আনহাতে পৰোক্ষ ধূমপানত দেশত মৃত্যু হোৱা পুৰুষৰ সংখ্যা ১,৪০,৩০০ৰ পৰা ১,৬৮,৭০০ লৈ বৃদ্ধি পালে। স্বাস্থ্য বিশেষজ্ঞই সদৰী কৰা অনুসৰি, পৰোক্ষ ধূমপানৰ ফলত সর্বাধিক প্রভাবিত হৈছে মহিলা আৰু শিশু।
শিশু আৰু মহিলাৰ মাজত হাঁওফাঁও ৰোগ বৃদ্ধিৰো অন্যতম এক কাৰণ হৈছে পৰোক্ষ ধূমপান। বিশ্বজুৰি ২০২৩৩ ২.৭১ বিলিয়ন লোক পৰোক্ষ ধূমপানত প্রভাবিত হৈছিল আৰু এই কাৰণত বিশ্বত ১৬.৬ লাখ লোকৰ মৃত্যু হৈছিল।
বিশ্বৰ সর্বাধিক পৰোক্ষ ধূমপানত প্রভাবিত লোকে চীন, ভাৰত আৰু ইণ্ডোনেছিয়াত বসবাস কৰে। চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে।






























