SupremeCourt :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নাগৰিকৰ ভোটাধিকাৰ হৰণকাৰী এছআইআৰক লৈ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ বিতৰ্কৰ কেন্দ্রবিন্দুত থকাৰ সময়তে পাইকাৰী হাৰত ভোটাধিকাৰ কৰ্তনক লৈ এক তাৎপর্যপূর্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই।
চৰকাৰক বিব্রত কৰিব পৰা প্ৰসংগৰ পৰা মনোযোগ বিচ্ছিন্ন কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমত প্রসংগ সলনিৰ বাবে শাসক পক্ষৰ কর্মী-সমর্থকে অসলগ্ন কথা-বতৰাৰ আশ্রয় লোৱা বুলি সততে চৰ্চিত হয়।
পাইকাৰী হাৰত ভোটাধিকাৰ হৰণ কার্যক এনে কোনো অসলগ্ন প্রসংগ উত্থাপনে যুক্তিসংগত নকৰে বুলি ন্যায়াধীশ ভূঞাই মন্তব্য কৰিছে। কালি হায়দৰাবাদস্থিত নালছাৰ বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত ভাষণ দি ন্যায়াধীশগৰাকীয়ে এছআইআৰৰ অধীনত পাইকাৰীহাৰত ভোটাধিকাৰ কৰ্তনৰ বিৰুদ্ধে সকীয়াই দিয়ে।
তেওঁ কয়, ‘ভাৰতীয় নাগৰিকৰ পাইকাৰী হাৰত ভোটাধিকাৰ হৰণৰ যিকোনো প্রক্রিয়াই সংবিধানৰ ৩২৬ আৰু ১৪ অনুচ্ছেদ উলংঘা কৰে। প্ৰসংগ-বিষয় সলনিৰ চেষ্টাৰে কোৱা কোনো অসলগ্ন কথা-বতৰাই এই কার্যক ন্যায়সংগত নকৰে। নাগৰিকৰ পৰা ভোটাধিকাৰ কাঢ়ি লোৱা কাৰ্য আত্মা আৰু শৰীৰক পৃথক কৰা কাৰ্যসদৃশ।’
ভোটাধিকাৰ কৰ্তনে সাংবিধানিক শৃংখলাক অস্বীকাৰ কৰাটোও সূচায় বুলি তেওঁ সতৰ্ক কৰি দিয়ে। দেশত প্রাপ্তবয়স্ক ভোটাধিকাৰৰ সূত্রপাত ১৮৯৫ৰ ভাৰতৰ সংবিধান বিধেয়কৰ পৰা আৰম্ভ হয় বুলিও তেওঁ মন্তব্য কৰে।
সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ সম্পৰ্কে সংবিধান সভাত বিতর্ক হৈছিল বুলি উল্লেখ কৰি ন্যায়াধীশ ভূঞাই পুনৰ কয়, ‘খচৰা সংবিধানত এই প্রসংগত দুটা অনুচ্ছেদ আছিল। পৰৱৰ্তী সময়ত অনুচ্ছেদ দুটা সংবিধানত অন্তর্ভুক্ত হয়। অনুচ্ছেদ দুটা হ’ল ২৯৮এ আৰু ২৯৮বি। অনুচ্ছেদ ৩২৬য়ে অনুচ্ছেদ ১৪ত সন্নিবিষ্ট ক্ষমতাৰ নীতিক অৰ্থ আৰু সমল প্ৰদান কৰিছে।’
উল্লেখ্য যে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে অকলেই সিদ্ধান্ত লৈ দেশৰ ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৩ কোটি ভোটাৰৰ ভোটাধিকাৰ কৰ্তন কৰাৰ তথ্য শেহতীয়াভাৱে ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ কাকতে পোহৰলৈ আনে। ইয়াকে লৈ দেশত তোলপাৰ লাগি আছে। এনে অৱস্থাতে ন্যায়াধীশ ভূঞাই এছআইআৰৰ দ্বাৰা এনেদৰে বৃহৎ হাৰত ভোটাধিকাৰ কৰ্তনৰ বিৰুদ্ধে সকীয়নি জাৰি কৰে।
তেওঁ কয়, ‘এজন কোটিপতি আৰু এজন ৰিক্সাৱালা দুয়োৰে ভোটৰ মূল্য সমান। একেদৰে এজন মন্দিৰৰ পুৰোহিত আৰু হাতেৰে শৌচাগাৰ-প্ৰসাৱগাৰ পৰিষ্কাৰ কৰা এজন লোকৰ ভোটৰ মূল্য সমান। এয়া হৈছে দেশৰ সংবিধানৰ ৰূপান্তৰণশীল দূৰদৃষ্টি।’































