DurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ধুবুৰীত চেফটি পিনক লৈয়ে এতিয়া সৰ্বত্ৰে আলোচনা হৈছে । চহৰখনত এতিয়া চেফটি পিনৰ নাটনি হৈছে । কিয়নো এটা বা দুটা নহয়, একেবাৰে ৫০ হেজাৰ চেফটি পিন ধুবুৰীৰ স্থানীয় বজাৰৰ পৰা নোহোৱা হৈ পৰিল ।
এগৰাকী ব্যক্তিয়েই ৫০ হেজাৰৰো অধিক চেফটি পিন ক্ৰয় কৰে । কিন্তু কিয় ? কাৰণ এইবাৰ ধুবুৰীৰ সেইগৰাকী ব্যক্তিয়ে মহিলাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই মা দুৰ্গাৰ প্ৰতিমা চেফটি পিনেৰে সাজি উলিয়াইছে ।
ধুবুৰীত চেফটি পিনেৰে ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা সাজি উলিওৱা সেই ব্যক্তিগৰাকী হৈছে শিল্পী সঞ্জীৱ বসাক । ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ নিৱাসী শিল্পী সঞ্জীৱ বসাকৰ আছে বহু প্ৰতিভা । শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী ।
ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে । এইক্ষেত্ৰত ধুবুৰী চহৰো পিছপৰি থকা নাই । প্ৰান্তে প্ৰান্তে দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে । দেৱীৰ প্ৰতিমা, আকৰ্ষণীয় পেণ্ডেল আদি তৈয়াৰ কৰাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে ।
দুৰ্গোৎসৱ আহিলেই প্ৰতিবছৰে প্ৰায় দুই তিনিমাহ পূৰ্বৰে পৰা শিল্পী সঞ্জীৱ বসাক ব্যস্ত হৈ পৰে । প্ৰতিবছৰে শিল্পীগৰাকীয়ে নিজৰ শিল্পীসত্তাৰে প্ৰতিবছৰে আকৰ্ষণীয়কৈ দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰে । এইবাৰো ব্যতিক্ৰম নহয় ।
বিগত বছৰবোৰৰ দৰে এইবাৰো ধুবুৰীৰ এইগৰাকী শিল্পীয়ে নিজৰ একক প্ৰচেষ্টাৰে এক ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা সাজি উলিওৱাত ধুবুৰীত বেছ চৰ্চা লাভ কৰা দেখা গৈছে । শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে এইবেলি শিল্পী সঞ্জীৱ বসাকে ৫০ হেজাৰতকৈও অধিক চেফটি পিনেৰে ব্যতিক্ৰমীভাৱে দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিছে ।
পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী তথা শিল্পী সঞ্জীৱ বসাকে এইবাৰ চেফটি পিনেৰে দুৰ্গা প্ৰতিমা সাজি উলিয়াইছে । চেফটি পিনেৰে নিৰ্মাণ কৰি উলিওৱা দুৰ্গা প্ৰতিমাটো সাজি উলিয়াওতে সঞ্জীৱ বসাকৰ সময় লাগিছে প্ৰায় চাৰি মাহ । অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শক হিচাপে কৰ্মৰত সঞ্জীৱ বসাকে চৰকাৰী কাম-কাজৰ ব্যস্ততাৰ মাজতো ঘৰলৈ আহি প্ৰতি নিশা ৮ বজাৰ পৰা তেওঁৰ এই সৃষ্টিশীল কাম-কাজসমূহ কৰি আছে ।
ইয়াৰ পূৰ্বেও সঞ্জীৱ বসাকে দিয়া চলাইৰ কাঠি, প্লাষ্টিকৰ পেলনীয়া বটল, প্লাষ্টিকৰ চামুচ, থাৰ্মক’ল, কেপচুল, ছিৰিঞ্জ আৰু টেবলেট আদি বিভিন্ন সামগ্ৰীৰে দুৰ্গা প্ৰতিমা বনাই বিভিন্ন দল-সংগঠনৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি ইণ্ডিয়ান বুক ৰেকৰ্ডছ, আছাম বুক অব ৰেকৰ্ডছে তেওঁৰ শিল্প-কৰ্মৰ ভূয়সী প্ৰশংসা কৰি তেওঁক সন্মানিত কৰিছিল ।
শিল্পী সঞ্জীৱ বসাকে মন্তব্য কৰে যে, “প্ৰতি বছৰে মই দুৰ্গা পূজাৰ সময়ত এক ব্যতিক্ৰমী ধৰণৰ দুৰ্গা প্ৰতিমা সাজি উলিয়াবলৈ মন স্থিৰ কৰি ৰাখোঁ । এইবাৰ মই মহিলা সমাজক শ্ৰদ্ধা জনাই মহিলাসকলে ব্যৱহাৰ কৰা চেফটি পিনেৰে মা দুৰ্গাৰ প্ৰতিমা বনাবলৈ চেষ্টা কৰিছোঁ । মই এইবছৰৰ জুন মাহৰ পৰা এই প্ৰতিমাটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে প্ৰায় ৫০ হেজাৰটা চেফটি পিন ব্যৱহাৰ কৰা হৈছে আৰু অলপ কাম বাকী আছে । হয়তো আৰু এহেজাৰটাৰ পৰা দুহেজাৰটা চেফটি পিনৰ প্ৰয়োজন হ’ব ।”
শিল্পী গৰাকীয়ে কয়,”দিনৰ ভাগত মই মোৰ ব্যক্তিগত কাম খিনি কৰিব নোৱাৰোঁ, যিহেতু মই চৰকাৰী কাম কৰোঁ । সেয়েহে নিশা ৮ বজা মানৰ পৰাই প্ৰতিমা নিৰ্মাণৰ কামত জড়িত হৈ কামখিনি কৰিছোঁ ।” বিগত বছৰবোৰৰ দৰে এইবাৰো দুৰ্গা পূজাত তেওঁৰ চেফটি পিনেৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা ধুবুৰীৰ পাঁচমোৰস্থিত ৰশ্মি সংঘ দুৰ্গা পূজা কমিটীত স্থান লাভ কৰিব বুলি শিল্পী সঞ্জীৱ বসাকে সদৰী কৰে ।






























