দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আগতে ঘৰৰ চাৰি বেৰৰ বাহিৰত শুনা নগৈছিল ঢাকৰ শব্দ। তেতিয়া কেৱল মহাৰাষ্ট্ৰৰ ঘৰে ঘৰে পালন হৈছিল গণেশ চতুর্থী। ঘৰৰ ভিতৰত থকা থাপনাতেই মানুহে গণপতি বাপ্পাক পূজা কৰিছিল।
সেই ঘৰৰ ভিতৰৰ পূজাক বাহিৰলৈ আনি একেৰাহে ১০ দিন উৎসাৱ পালন কৰাৰ মূলতে আছিল প্রখ্যাত স্বাধীনতা সংগ্রামী লোকমান্য বাল গংগাধৰ তিলক। পৰাধীন ভাৰতত গণ আন্দোলনৰ অগ্নিশিখা জ্বলাবলৈ তেওঁ দেশৰ মানুহক এখন ছাদৰ তললৈ আনিব বিচাৰিছিল। যদিও সেয়া আন কোনো উপায়েৰে সম্ভৱ নাছিল।
জাত-ধর্ম নির্বিশেষে তেওঁ সাধাৰণ জনতাক এডাল সূতাৰে বান্ধিবলৈ ঘৰৰ ভিতৰৰ গণেশক ৰাজপথৰ উৎসৱলৈ উলিয়াই আনিছিল। ১৯ শতিকাৰ অন্তিম লগ্ন অবৰুদ্ধ ভাৰতত ধর্মীয় সামাজিক আয়োজনেই হৈ উঠিছিল ৰাজনৈতিক প্ৰতিৰোধ সংগঠিত কৰাৰ নীৰৱ অস্ত্র। বিঘ্নহর্তা গণপতিৰ আৰাধনাতে লুকাই আছিল পৰাধীনতাৰ মহাভীতি জয়ৰ সংকল্প।
১৮৯৩ত প্ৰথমবাৰলৈ ৰাজপথত গণেশ চতুর্থী পালন কৰা হয়। তাৰ আগলৈকে মহাৰাষ্ট্ৰৰ ঘৰে ঘৰে নিভৃত গোসাঁইঘৰত গণেশ চতুর্থী পালন কৰা হৈছিল। সেয়া আছিল এদিনীয়া। উৎসৱ নাছিল, বৰঞ্চ ভক্তসকলে পালন কৰিছিল পৰম্পৰা।
প্ৰধানকৈ ব্রাহ্মণ আৰু উচ্চবৰ্ণৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ আছিল এই আচাৰ। তিলকে লক্ষ্য কৰিছিল যে ব্ৰিটিছ শাসকে ৰাজনৈতিক সভা-সমাবেশ আৰু জনতাৰ ভিৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে; কিন্তু ধর্মীয় উৎসৱত হস্তক্ষেপ কৰাত তেওঁলোক দ্বিধাগ্ৰস্ত আছিল।
সেই সুযোগটোকেই তিলকে গণ আন্দোলনৰ সোপানৰূপে বাছি লৈছিল।তিলকে উপলব্ধি কৰিছিল যে আবেদন-নিবেদন বা ভিক্ষা কৰি স্বৰাজ পোৱা নাযাব। লালা লাজপত ৰায়, বিপিনচন্দ্র পাল আৰু বাল গংগাধৰ তিলকৰে তৈয়াৰী ‘লাল বাল পাল’ৰ দৰ্শন আছিল স্পষ্ট- স্বাধীনতা কাঢ়ি আনিব লাগিব।
সেই বাবেই ঘৰৰ পূজাক ৰাজপথলৈ উলিয়াই আনিলে তিলকে। এদিনৰ পূজা সলনি হৈ পৰিল ১০ দিনৰ বাৰোৱাৰী মহোৎসৱলৈ। মণ্ডপে মণ্ডপে গণপতিৰ ৰূপান্তৰৰ লগে লগে আৱাহন ঘটিল ‘জনগণেশ’ৰ।
পূজাৰ সেই মঞ্চৰ পৰাই ধ্বনিত হ’বলৈ ধৰিলে ব্ৰিটিছ বিৰোধী ৰাজনৈতিক সুৰ। জাতীয়তাবাদী বিষয়বস্তু, স্বদেশী গান আৰু স্বৰাজৰ বাৰ্তা উপস্থিত হ’লগৈ দেশৰ সৰ্বস্তৰৰ মানুহৰ কাষত। পূজাৰ দশম দিনত আৰব সাগৰৰ পানীত ধুমধামেৰে গণেশ বিসৰ্জনৰ শোভাযাত্রাই কার্যতঃ ৰূপ ল’লে প্ৰতিৰোধ পদযাত্ৰাৰ।
এই কৌশলী পদক্ষেপতে ভাঙি পৰে দীর্ঘকালৰ সামাজিক প্ৰাচীৰ। ব্রাহ্মণ, উচ্চবর্ণ, দলিত আৰু অব্রাহ্মণ- সকলো শ্রেণীকে তিলকে এখন ছাদৰ তললৈ আনিবলৈ সক্ষম হ’ল। ১৮৮১৩ জি জি আগৰকাৰৰ স’তে যৌথভাৱে প্রতিষ্ঠিত ‘কেশৰী’ (মাৰাঠী) আৰু ‘মহাৰাট্টা’ (ইংৰাজী) পত্ৰিকাৰ মাধ্যমেৰে যি জাতীয়তাবাদী চেতনাৰ বীজ তিলকে ৰোপণ কৰিছিল, গণেশ উৎসৱৰ মাধ্যমেৰে সি ৰূপ ল’লে বিশাল মহীৰুহলৈ। তুঁহগুৰিৰ জুই পৰিণত হৈছিল স্বৰাজৰ জ্বলন্ত শিখাত।































