দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: চাৰিওফালে হত্যা, হিংসা আৰু যুৱ উচ্ছৃংখলতাৰ দৰে সমাজ কলুষিত কৰা খবৰসমূহে সচেতন ৰাইজক ব্যথিত কৰি তোলা সময়ত স্নাতক পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত এজন ছাত্ৰৰ কৰ্মসংস্কৃতিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
আনে সৰু কাম বুলি কৰিব নিবিচৰা কাম কৰিবলৈ আগবাঢ়ি আহিছে মৰাণ মহাবিদ্যালয়ৰ এজন উদ্যমী ছাত্রই। পুৱা শ্ৰেণীকোঠাত ৰাজনীতি বিজ্ঞানৰ শিক্ষা লৈ বিয়লি পদপথত ব্যৱসায়ী ৰূপত দেখা যায় ৰিপন চুতীয়াক।
অধ্যয়নৰ সমান্তৰালভাৱে জীৱন সংগ্রামত নিজক সাজু কৰিছে সাহসী ছাত্ৰজনে। মৰাণ বেজৰচুক বঙালী গাঁৱৰ জ্যোতি চুতীয়া আৰু নিপেন চুতীয়াৰ পুত্ৰ ৰিপন চুতীয়া নামৰ ছাত্ৰজনে মৰাণ নগৰৰ মাজমজিয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কুঁহিয়াৰ আৰু নেমু ৰস বিক্ৰী কৰি চলাই নিছে জীৱন সংগ্রাম।
আন ১০জনতকৈ ব্যতিক্ৰম ৰিপন মৰাণ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ ছাত্র। ছাত্রজনে মহাবিদ্যালয়খনত নিয়মীয়াকৈ অধ্যয়নৰ সমান্তৰালকৈ ব্যবসায়ো চলাই নিছে। তেওঁ পঢ়াৰ খৰচৰ লগতে ঘৰখনো সুন্দৰভাৱে চলাই নিছে কুঁহিয়াৰ আৰু নেমু ৰস বিক্ৰী কৰি।
মাজে-সময়ে ছাত্ৰজনক দেউতাকে সহায় কৰে যদিও ব্যৱসায়টো তেওঁৰ চেষ্টাতেই চলি আছে। কলেজৰ পৰা ঘৰলৈ নগৈ পোনে পোনে এই ব্যৱসায়তেই সোমাই পৰে ছাত্ৰজন। পদপথত ব্যৱসায় কৰাটোত কিছু সমস্যা সৃষ্টি হয় যদিও কাষৰ আন ব্যৱসায়ীসকলেও ছাত্ৰজনৰ এই কর্মক সম্মান জনাই উৎসাহিত কৰি সহযোগিতা কৰে।
চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা বহুতৰ বাবে ছাত্ৰজনৰ এই কর্মসংস্কৃতি আদর্শস্বৰূপ হৈ পৰিছে। আন ১০জন ছাত্ৰৰ বাবে ৰিপন আদর্শ হওক তাকেই কামনা কৰিছে সকলোৱে। সৰু-বৰ নাই সেই কথা প্ৰমাণ কৰি দেখুৱাইছে উদ্যমী ছাত্র ৰিপনে।
কুঁহিয়াৰ, নেমু ৰসৰ ব্যৱসায় কৰি লাভৱান হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, ‘গ্ৰাহকৰ পৰা খুব ভাল সমাদৰ লাভ কৰিছো। যিহেতু এই ব্যৱসায়টো ঋতুকালীন ব্যৱসায়, ৰ’দ দিলে ভাল বিক্রী হয়। কোনোবা এটা দিনত তিনি হেজাৰৰ পৰা চাৰি হেজাৰ টকা বিক্রী হয়। এই ব্যৱসায় কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলাব পৰা হৈছো।’
এজন সফল ব্যৱসায়ী হোৱাৰ সপোন পুহি ৰখা ৰিপনে পঢ়াৰ সমান্তৰালভাৱে ছবি আঁকাৰ লগতে ছবি শিক্ষকৰ দায়িত্ব পালন কৰিছে। এজন ভাল ঢুলীয়াৰূপেও সুনাম আছে ৰিপনৰ। তেওঁ নতুন প্রজন্মলৈ আহ্বান জনাই কয়, ‘কেৱল পঢ়াৰ মাজত সীমাবদ্ধ নাথাকি নিজৰ ভাল লগা কামত জড়িত হৈ থাকিব লাগে। তেতিয়া নিজৰ মনটো ভাল লাগি থাকিব। পদপথৰ ব্যৱসায়ত যথেষ্ট লাভআছে। মই ভবিষ্যতে ভাল এজন ব্যবসায়ী হোৱাৰ বাবে চেষ্টা কৰিছো।’






























