SIR: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হেঁচাৰ মাজতে বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বৃহৎ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ। এইবাৰ আয়োগৰ তৰফৰ পৰাই ঘৰে ঘৰে গৈ নতুন আৰু যোগ্য ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ উদ্যোগ লোৱা হ’ব।
ইতিমধ্যে SIR সম্পূৰ্ণ হোৱা ২০খন ৰাজ্যত মূলত বাদ পৰি যোৱা যুৱ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এই অভিযান আৰম্ভ কৰা হ’ব।
আয়োগৰ সূত্ৰৰ খবৰ অনুসৰি, পশ্চিমবংগ, বিহাৰকে ধৰি ২০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত SIR প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এই ৰাজ্যসমূহত নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰা হ’ব। যিসকল ভোটাৰে SIRৰ সময়ত কোনো কাৰণত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাছিল অথবা যোগ্য হোৱাৰ পাছতো তালিকাৰ পৰা বাদ পৰিছিল, তেওঁলোকে ফৰ্ম ছিক্স পূৰণ কৰি পুনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। প্ৰতিখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া(CEO), নিৰ্বাচনী পঞ্জীয়ন বিষয়া(ERO) আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া(AERO)সকলক এই নিৰ্দেশ দিয়া হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে, এই বিশেষ অভিযানত SIR প্ৰক্ৰিয়াৰ আৰম্ভণিতে যিদৰে ফৰ্ম বিতৰণ কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈছিল, একেদৰেই পুনৰ ঘৰে ঘৰে যাব। কোনো পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে নেকি, সেই বিষয়ে তেওঁলোকে অনুসন্ধান কৰিব। লগতে প্ৰতিজন ভোটাৰৰ বৰ্তমানৰ স্থিতিও পৰীক্ষা কৰিব।
কোনো যোগ্য কিন্তু বাদ পৰা ভোটাৰ পোৱা গ’লে বুথ পৰ্যায়ৰ বিষয়াসকলেই তেওঁলোকক বিচাৰি উলিয়াই ফৰ্ম ছিক্স পূৰণ কৰাত সহায় কৰিব। অহা এমাহ ধৰি এই অভিযান চলিব। মূলত নতুন ভোটাৰসকলৰ কথা মনত ৰাখিয়েই এই অভিযান চলোৱা হ’ব।
ইফালে, এই মুহূৰ্তত SIR প্ৰক্ৰিয়াক লৈ একাধিক প্ৰশ্নৰ সন্মুখীন হৈছে নিৰ্বাচন আয়োগ। দেশজুৰি ২০খন ৰাজ্যত চলোৱা SIR প্ৰক্ৰিয়াত প্ৰায় ১৩ কোটি ভোটাৰৰ নাম তালিকাৰ পৰা বাদ পৰিছে। এই প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগো উত্থাপন হৈছে। আনকি ফৰ্ম ছিক্সৰ নিয়ম সলনি কৰাৰ অভিযোগো উঠিছে।
এই অভিযোগসমূহক কেন্দ্ৰ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এনে পৰিস্থিতিৰ মাজতে বাদ পৰা ভোটাৰৰ নাম পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে উদ্যোগ লৈছে নিৰ্বাচন আয়োগে।































