GyaneshKumar: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আৰক্ষীয়ে অনুমতি দিয়া নাছিল। তাৰ পাছতো মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দিল্লীত আটক হ’ল অন্তত ৭০০জন। আটক হোৱা লোকসকলৰ ভিতৰত আছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অতিশীও। প্ৰাপ্ত তথ্য অনুসৰি,যন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীয়ে তেওঁক টানি-আজুৰি লৈ যায় ।
আটক হোৱা আনসকলৰ ভিতৰত আছে চিপিআই(এম)-ৰ পলিটব্যুৰো সদস্য বৃন্দা কাৰাট, আইছাৰ নেত্ৰী নেহা বৰা, আপ সাংসদ সঞ্জয় সিঙৰ লগতে আপৰ একাধিক শীৰ্ষ নেতা।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত গান্ধী জয়ন্তী উপলক্ষে আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছিল ছাত্ৰ-যুৱ আৰু নাগৰিক সমাজে। এই কাৰ্যসূচীৰ মূল উদ্যোক্তা আছিল আপ, আইছা, ৰাজ্যসভাৰ সাংসদ মনোজ ঝা আৰু অধিবক্তা প্ৰশান্ত ভূষণ। কিন্তু আৰক্ষীয়ে প্ৰতিবাদৰ অনুমতি দিয়া নাছিল।
সমাৱেশ ৰোধ কৰিবলৈ যন্তৰ মন্তৰ আৰু নতুন দিল্লীৰ অন্যান্য স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হয়। একে সময়তে মানুহৰ চলাচল নিয়ন্ত্ৰণ আৰু অনুমতিবিহীন সমাৱেশ ৰোধ কৰিবলৈ বেৰিকেড স্থাপন কৰা হয়। বহু পথ বন্ধ কৰি দিয়াৰ লগতে ১১টা মেট্ৰ’ ষ্টেচনো বন্ধ কৰি ৰখা হয়।
কিন্তু ইয়াৰ পাছতো বহু লোক যন্তৰ মন্তৰত সমবেত হয়। তথ্য অনুসৰি তেওঁলোকৰ অধিকাংশই আপ সমৰ্থক । আজি পুৱাই আপ সমৰ্থকসকলৰ স’তে আৰক্ষীৰ একপ্ৰস্থ হতাহতি হয়। দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সৌৰভ ভৰদ্বাজক আটক কৰা হয়।
পৰৱৰ্তী সময়ত দুপৰীয়া প্ৰতিবাদৰ নেতৃত্ব দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অতিশী আৰু আপ সাংসদ সঞ্জয় সিঙে। তেওঁলোককো দিল্লী আৰক্ষীয়ে আটক কৰে। আইছাৰ নেত্ৰী নেহা বৰা আৰু চিপিআই(এম)-ৰ পলিটব্যুৰো সদস্য বৃন্দা কাৰাটকো আটক কৰা হৈছে। সকলো মিলাই এতিয়ালৈকে অন্তত ৭০০জনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে, শুকুৰবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত মূল সমাৱেশৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। কিন্তু তাতো প্ৰতিবাদৰ অনুমতি দিয়া নাই আৰক্ষীয়ে। অৱশেষত অভিজিৎ দীপকসকলে ‘জেল ভৰো’ কাৰ্যসূচীৰ আহ্বান জনাইছে।
আগন্তুক দিনত কলকাতা, দিল্লী, বেংগালুৰু আৰু গোৱাতো একেদৰে ‘জেল ভৰো’ কাৰ্যসূচীৰ আহ্বান জনাইছে চিজেপিয়ে।






























