BRICS2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সদস্য ৰাষ্ট্ৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত অনুপস্থিত থাকিলেও ‘ব্রিক্ছ’ সম্মিলনৰ কাৰ্যতঃ মধ্যমণি হৈ থাকিলে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। কালি ইয়াত অনুষ্ঠিত সম্মিলনৰ মূল বিষয় বাণিজ্য আৰু একপক্ষীয় যুদ্ধৰ মূল লক্ষ্য মার্কিন যুক্তৰাষ্ট্ৰ হৈ পৰে। নাম উল্লেখ নকৰাকৈ এই দুয়োটা বিষয়ত ট্রাম্পক বৈঠকে গৰিহণা দিয়ে। আনকি এই সম্মিলনৰ ঘোষণাবলীতো ট্রাম্পৰ নাম উল্লেখ নকৰাকৈ গৰিহণা সন্নিবিষ্ট হয়।
কাৰণ ট্রাম্পে দ্বিতীয়টো কাৰ্যকালৰ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণৰ পাছতে একপক্ষীয়ভাবে ভাৰত, চীনকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কবে। একেদৰে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে একপক্ষীয় যুদ্ধও ঘোষণা কৰিছিল। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ তাৎক্ষণিক সংস্কাৰ দাবীৰ পৰা মার্কিন ৰাষ্ট্ৰপতিজনৰ একপক্ষীয় শুল্কক গৰিহণালৈ-বিভিন্ন প্রস্তাব আৰু দাবী সম্বলিত ‘ব্রিক্ছ’ৰ নতুন দিল্লী ঘোষণাবলী কালি সর্বসম্মতি মর্মে গৃহীত হয়। ভাৰতকে ধৰি ১১ ৰাষ্ট্ৰৰে গঠিত এই আন্তর্জাতিক সংগঠনৰ শনিবাৰে ৰাজধানীত অনুষ্ঠিত বৈঠকত ‘ব্রিক্ছ’ৰ এই ঘোষণাৱলী গৃহীত হয়।
ঘোষণাৱলীত কোনো দেশৰ নাম উল্লেখ নকৰাকৈ ট্রাম্পৰ একপক্ষীয় শুল্কক নিন্দা কৰা হৈছে। একেদৰে একপক্ষীয় যুদ্ধকো ‘ব্রিক্ছ’ দেশসমূহে গৰিহণা দিছে। আনকি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ তাৎক্ষণিক গাঁথনিগত সংস্কাৰ সাধনৰো দাবী এই ঘোষণাৱলীত সন্নিবিষ্ট হৈছে। এই দাবীক সমৰ্থন কৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, ‘নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু পলম হ’ব নোৱাৰিব।’
উল্লেখ্য যে ভাৰতে বিগত বহু বছৰ ধৰি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ দাবী কৰি আহিছে। একে দাবী উত্থাপন কৰি আহিছে অন্যতম ‘ব্রিক্ছ’ ৰাষ্ট্ৰ ব্রাজিলেও। এই সন্মিলনত ব্রাজিল আৰু ভাৰতৰ এনে আকাংক্ষাক সমর্থন জনায় নিৰাপত্তা পৰিষদৰ দুই স্থায়ী সদস্য চীন আৰু ৰাছিয়াই। চীন আৰু ৰাছিয়া ‘ব্রিক্ছ’ৰো সদস্য ৰাষ্ট্ৰ।
বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আফ্রিকা, এছিয়া, লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ অধিক প্রতিনিধিত্বৰ সুযোগ প্রদানৰো দাবী উত্থাপন হয়। একেদৰে বৈঠকে ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ পূৰ্ণ সদস্য পদ দাবীৰ প্ৰতিও সমর্থন জনায়।
বাণিজ্যিক দিশৰ পৰাও এই ‘ব্রিক্ছ’ সম্মিলন গুৰুত্বপূৰ্ণৰূপে চর্চিত হৈছে। সেই অনুসৰি সংস্থাটোৰ নতুন দিল্লী ঘোষণাৱলীত বাণিজ্যিক বিষয়েও স্থান লাভকৰিছে। বৈঠকত সামৰণি ভাষণ দি প্রধানমন্ত্রী মোদীয়ে লগতে কয়, ‘ভৱিষ্যতৰ প্রযুক্তি বিকাশ আৰু সেই সমূহক শাসনৰ ক্ষেত্ৰত উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ সম অংশগ্রহণ থকাত আমি গুৰুত্ব আৰোপ কৰিলো।
কালিৰ আলোচনাই এই কথা স্পষ্ট কৰে যে ম্যাদ উকলা প্রতিষ্ঠানসমূহৰ দ্বাৰা পৰিৱৰ্তিত বিশ্বক আগুৱাই নিব নোৱাৰি। প্ৰতিনিধিত্ব, সঁহাৰি আৰু নিয়ম-নীতি প্রস্তুতত সংস্কাৰ প্ৰয়োজন হৈছে।’ নতুন দিল্লী ঘোষণাৱলীক ‘ব্রিক্ছ’ সদস্য ৰাষ্ট্ৰসমূহৰ অংশীদাৰিত্বপূৰ্ণ সংকল্পৰ এক স্পষ্ট নির্দেশনা বুলি উল্লেখ কৰি মোদীয়ে কয়, ‘এই সংকল্পসমূহ স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাটো আমাৰ দায়িত্ব।’
আনহাতে, বিশ্ব বাণিজ্যক নিয়ন্ত্ৰণ কৰি অহা বিশ্ব বাণিজ্য সংগঠন (ডব্লিউটিঅ’)ৰ সংস্কাৰৰ সবল দাবী উত্থাপন হয় ‘ব্রিক্ছ’ৰ এই সন্মিলনত। সংস্থাটোৰ শনিবাৰে গৃহীত নতুন দিল্লী ঘোষণাৱলীত কোৱা হয়, ‘বহুপাক্ষিক বাণিজ্য ব্যৱস্থা (ডব্লিউটিঅ’) দীর্ঘদিন ধৰি সন্ধিক্ষণত উপনীত হৈ আহিছে।
প্রতিবন্ধকতা-নিষেধাজ্ঞা আৰোপ আদি হৈছে ডব্লিউটিঅ’ৰ নীতি-নিয়মৰ স’তে তাল-মিল নথকা কাৰ্যকলাপ নিৰ্বিচাৰ শুল্ক আৰোপ আৰু অনাশুল্ক নিষেধাজ্ঞামূলক পদক্ষেপ গ্রহণ বা পৰিৱেশৰ অজুহাতত প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্রহণ আদিয়ে বিশ্ব বাণিজ্য হ্রাস কৰিছে। একেদৰে এনে অবাঞ্ছিত কার্যকলাপে বিশ্বৰ যোগান শৃংখলত বিঘিনি জন্মাইছে আৰু আন্তর্জাতিক আর্থিক আৰু বাণিজ্যিক কার্যকলাপত অনিশ্চয়তাৰ সংযোজন ঘটাইছে।’
২০২৫ৰ পহলগাম কাণ্ডক গৰিহণা
‘ব্রিক্ছ’ৰ নতুন দিল্লী ঘোষণাৱলীত যোৱা বছৰৰ ২২ এপ্ৰিলৰ পহলগামৰ সন্ত্রাসবাদী আক্রমণকো গৰিহণা দিয়া হৈছে। এই সম্পৰ্কত ঘোষণাৱলীত কোৱা হয়, ‘২৬ জন লোকৰ প্ৰাণহানি কৰা আৰু বহুতক আহত কৰা ২০২৫ৰ ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ সন্ত্রাসবাদী আক্ৰমণক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো। এই কাণ্ড কোনে কি উদ্দেশ্যত সংঘটিত নকৰক কিয়, আমি যিকোনো সন্ত্রাসবাদী কাৰ্যক অপৰাধ আৰু অযুক্তিসংগত আখ্যা দি কঠোৰ গৰিহণা দিছো। সীমাৰ সিপাৰৰ পৰা চলোৱা সন্ত্রাসবাদকে ধৰি সকলো ৰূপ আৰু গঠনৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি প্রতিজ্ঞা কৰিলো।’ উল্লেখ্য যে পাকিস্তানৰ দ্বাৰা পহলগাম কাণ্ড সংঘটিত হোৱা বুলি ভাৰতে দাবী কৰি আহিছে। গতিকে পাকিস্তানৰ বন্ধুৰূপে চৰ্চিত চীনেও ‘ব্রিক্ছ’ৰ এই ঘোষণাৱলীক সমর্থন জনোৱা কাৰ্য তাৎপর্যপূর্ণ হৈছে।
পেলেষ্টাইনলৈ সমৰ্থন ভাৰতৰো
সর্বসম্মতিক্রমে কালি গৃহীত ব্ৰিছৰ নতুন দিল্লীৰ ঘোষণাৱলীত পেলেষ্টাইনৰ ৰাষ্ট্ৰসংঘৰ পূৰ্ণ সদস্যপদ প্ৰাপ্তিৰ দাবীকো সমর্থন কৰা হৈছে। স্বাভাৱিকতে ইয়াক লৈ চৰ্চা বৃদ্ধি পাইছে। ইয়াৰ অন্যতম কাৰণ হৈছে ইজৰাইলৰ স’তে মধুৰ সম্পৰ্ক ভাৰতে বৰ্তাই ৰখাৰ সময়তে পেলেষ্টাইনৰ দাবীটোৰ প্ৰতিও সমর্থন ঘোষণা কৰিছে।































