Zubeen Garg : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অভিশপ্ত ১৯ ছেপ্টেম্বৰ। এই দিনটোতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। শনিবাৰে তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকী। প্ৰিয় শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত যেন শোকত ভাগি পৰিছে সমগ্ৰ অসম।
জুবিনক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীয়ে জ্বলাইছে চাকি-বন্তি। গাঁৱৰ প্ৰতিটো চুক-কোণতো প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে। জুবিনৰ স্মৃতি সুঁৱৰি তেওঁৰ ফটোত মাল্যাৰ্পণ কৰাৰ লগতে চাকি-বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে অগণন গুণমুগ্ধই।
ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত দেখা গৈছে, জুবিন গাৰ্গৰ ফটোৰ কাষত বহি আছে দুটা বগা পাৰ। প্ৰাণৰ শিল্পীগৰাকীৰ ফটোৰ কাষতে জ্বলি আছে চাকি-বন্তি। তাৰ কাষতে শান্তভাৱে বহি থকা দেখা গৈছে পাৰ দুটাক।
জুবিনৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাই পোহৰলৈ অহা এই বিশেষ ফটোখন ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ বহি থকা দৃশ্যটোৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
এফালে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ এবছৰৰ বেদনা, আনফালে তেওঁৰ স্মৃতিত জ্বলি থকা চাকি-বন্তি। তাৰ মাজতে জুবিনৰ ফটোৰ কাষত বহি থকা দুটা বগা পাৰৰ এই দৃশ্যই সামাজিক মাধ্যমত এক বিশেষ আবেগৰ সৃষ্টি কৰিছে।
































