দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ডিমৌ পৌৰসভাৰ ছয় নম্বৰ ৱাৰ্ডত জনসাধাৰণৰ সুৰক্ষাক লৈ প্রশ্ন উত্থাপন হৈছে। পৌৰসভাৰ উদ্যোগত নিৰ্মাণ কৰা কে’বা লাখটকীয়া নলাব শ্লেব বিভিন্ন স্থানত ভাঙি যোৱাত এতিয়া বিপজ্জনক ৰূপ ধাৰণ কৰিছে ডিমৌৰ লাচিত নগৰ পথৰ দাঁতিৰ নলাটো।
নলাৰ ওপৰত থকা শ্লেব ভাঙি প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যিকোনো মুহূর্ততে ভয়াবহ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে। স্থানীয় ৰাইজৰ বাবে এই ভগা শ্লেবসমূহ এতিয়া বিপদৰ কাৰণ হৈ পৰিছে।
বিশেষকৈ পথচাৰী, শিশু আৰু নিশাৰ ভাগত যাতায়াত কৰা লোকসকলৰ বাবে বিপদৰ আশংকা অধিক। অসাবধানতাবশতঃ কোনো লোক বা বাহন ভগা শ্লেবৰ গাঁতত পৰিলে গুৰুতৰ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
অভিযোগ অনুসৰি, লাচিত নগৰ পথৰ কাষৰ এই নলাটোৰ প্রায় সাত-আঠটা স্থানত শ্লেব ভাঙি পৰিছে। কিন্তু সমস্যাটোৰ স্থায়ী সমাধানৰ পৰিৱৰ্তে ভগা অংশসমূহত কেৱল ঘেৰাও দি পৌৰসভাৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।
ফলত ভগা শ্লেবসমূহৰ মেৰামতি আৰু পথচাৰী তথা স্থানীয় ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত পৌৰসভাৰ ভূমিকালৈ প্রশ্ন উত্থাপন হৈছে। জনসাধাৰণৰ সুবিধা আৰু নিৰাপত্তাৰ বাবে নিৰ্মাণ কৰা আন্তঃগাঁথনিয়েই যদি বিপদৰ কাৰণ হৈ পৰে, তেন্তে এনে নিৰ্মাণকাৰ্যৰ গুণগত মান আৰু তদাৰকীৰ বিষয়টো গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰাটো প্রয়োজনীয়।
কে’বা লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা নলাৰ শ্লেবসমূহ কম সময়ৰ ভিতৰতে কিয় এনেদৰে ভাঙি পৰিল, তাৰো উপযুক্ত তদন্তৰ দাবী উত্থাপন হৈছে। এতিয়া প্রশ্ন হৈছে- কোনো ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই ডিমৌ পৌৰসভাই ভগা শ্লেবসমূহ মেৰামতি কৰি পথচাৰী আৰু স্থানীয় ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবনে? নে বিপদৰ আশংকাৰ মাজতে ৰাইজে যাতায়াত কৰিবলৈ বাধ্য হৈ থাকিব?






























