দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: লোক নির্মাণ বিভাগ, যোৰহাট সংমণ্ডলৰ অন্তৰ্গত মধ্য যোৰহাটৰ বৰখেলীয়া বামুণ গাঁও তিনি কিলোমিটাৰ দৈৰ্ঘৰ গড়কাপ্টানী পথটো নিম্ন মান নির্মাণ কৰাত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে।
অসম চৰকাৰৰ ২০২৩-২০২৪ বৰ্ষৰ অসম মালা আঁচনি অধীনত লোক নির্মাণ বিভাগ, যোৰহাট সংমণ্ডলৰ অন্তৰ্গত মধ্য যোৰহাটৰ বৰখেলীয়া বামুণ গাঁও পথটো পকীকৰণৰ বাবে এক কোটি টকা পুঁজি আবণ্টন দিয়া হৈছিল।
জনৈক শর্মা উপাধি এজন ঠিকাদাৰে পথটো ২০২৪ত চাইড বাম বন চিকুণাই সামৰে। ২০২৫ৰ জানুৱাৰীত পথটো দুয়োকাষে অলপ অলপ মাটি দি প্রথম পৰ্যায়ৰ শিল বালি পেলায় কাম আধাতে এৰে।
ৰাইজে পথটো পকীকৰণ ক্ষেত্ৰত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ তোলাত চলিত বৰ্ষৰ অক্টোবৰ ১৬ আৰু ১৭ তাৰিখে এক কিলোমিটাৰ পথ শিল নিদিয়াকৈ প্ৰথম পৰ্যায়ৰ শিল বালি ওপৰতে তিনি ইঞ্চি কাৰপেটিং কৰে। শিল নিদিয়াকৈ নিম্ন মান পকীপথৰ কার্পেটিং কৰাত ৰাইজে তীব্র ক্ষোভ প্রকাশ কৰিছে।
যিহেতু এইটো পথেদি প্রতিদিনে ছয় সাতখন গাঁও মানুহৰ লগতে যান বাহন অহা-যোৱা কৰে। এনে নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ জিলা আয়ুক্ত আৰু লোক নির্মাণ বিভাগৰ মন্ত্ৰীক ৰাইজে দাবী জনাইছে।






























