ManuMeturwala : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মাতৃ গুৰুতৰভাৱে অসুস্থ হৈ আছিল। চিকিৎসা চলিলেও সম্পূৰ্ণ সুস্থ হ’ব পৰা নাছিল। জন্মদাত্রী মাতৃৰ শৰীৰৰ যন্ত্রণা সহ্য কৰিব পৰা নাছিল তেওঁৰ পুত্ৰ মনুৱে। মাতৃৰ সুস্থতা কামনা কৰি যুৱকজনে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰে।
অংগীকাৰ কৰে যে মাতৃ সুস্থ হ’লে তেওঁ দেশৰ বিভিন্ন স্থানত থকা দ্বাদশ জ্যোতির্লিংগলৈ গৈ পূজা দিব। ৰেল বা বাছত নহয়, বৰঞ্চ তেওঁ খোজকাঢ়ি বা দৌৰি গৈ পূজা দিব বুলিও অংগীকাৰ কৰে। ইয়াৰ পাছতে মাতৃ যেতিয়া সুস্থ হৈ পৰিল, তেতিয়া মনুৱে সিদ্ধান্ত ল’লে মহাদেৱৰ আগত কৰা অংগীকাৰ পূৰণ কৰিবলৈ। কথা মতে কাম।
এই পর্যন্ত যুৱকজনে খোজকাঢ়ি গৈ দ্বাদশ জ্যোতির্লিংগৰ পাঁচটাত পূজা দিছে। দৈনিক ৫০ কিলোমিটাৰকৈ দৌৰি বা খোজকাঢ়ি গৈছে বিহাৰৰ যুৱকজনে। বিহাৰৰ আৰাৰিয়া জিলাৰ বাসিন্দা মনু মেতুৰৱালা। বয়স ১৯ বছৰ। তেওঁৰ মাতৃ হঠাৎ অসুস্থ হৈ পৰিছিল। আনকি যমৰ স’তেও যুঁজ আৰম্ভ হৈছিল।
মাতৃক হেৰুওৱাৰ ভয়তে মহাদেৱক তুষ্ট কৰিবলৈ আৰাধনা কৰে মনুৱে। অংগীকাৰ কৰে যে মাতৃ সুস্থ হ’লে দ্বাদশ জ্যোতির্লিংগত লৈ পূজা দিব। লাহে লাহে মনুৰ মাতৃ সুস্থ হ’বলৈ ধৰে। তাৰ পাছতে মহাদেৱৰ আগত কৰা অংগীকাৰ পূৰণ কৰিবলৈ তেওঁ খোজকাঢ়ি দ্বাদশ জ্যোতির্লিংগলৈ যোৱাৰ বাবে ঘৰৰ পৰা বাহিৰ হয়।
যোৱা ১৫ মাৰ্চত মনুৱে যাত্ৰা আৰম্ভ কৰে। প্রতিদিনে ৫০ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি বা দৌৰি অতিক্ৰম কৰিছে তেওঁ। ইতিমধ্যে অতিক্রম কৰিছে প্রায় আঠ হেজাৰ কিলোমিটাৰ। ১২টাৰ ভিতৰত পাঁচটা জ্যোতির্লিংগত উপস্থিত হৈ পূজাও সম্পন্ন কৰিছে মনুৱে। প্রথমে তেওঁ উপস্থিত হয় ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধামত এই মুহূর্তত মনু আছে মহাৰাষ্ট্ৰত।
সেই ৰাজ্যত থকা তিনিটা জ্যোতির্লিংগলৈ যাব তেওঁ। মনুৰ এই যাত্ৰাৰ ফটো আক ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইবেল হৈছে। উল্লেখ্য যে দেশৰ বিভিন্ন স্থানত ১২টা জ্যোতির্লিংগ আছে। এই মন্দিৰসমূহত মহাদেৱক পূজা কৰা হয়।
এই দ্বাদশ জ্যোতির্লিংগ হৈছে সোমনাথ, মল্লিকার্জুন, মহাবালেশ্বৰ, ওংকাৰেশ্বৰ, কেদাবনাথ, ভীমশংকৰ, কাশী বিশ্বনাথ ভ্রাম্বকেশ্বৰ, বৈদ্যনাথ (বাবা বৈদ্যনাথ), নাগেশ্বৰ, ৰামেশ্ববম (ৰামনাথস্বামী ) আদি ।






























