দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ফিলিপাইন্স, টাইৱান আৰ চীনৰ উপকূলৰ দিশে কালৰূপ ধৰি আগুৱাই আহি আছে চলিত বছৰৰ সবাতোকৈ শক্তিশাসী ধুমুহা ছুপাৰ টাইফুন ‘চাম্পি’। বৃহস্পতিবাৰে ইয়াৰ শক্তি কিছু হাস পালেও এতিয়াও ই মাৰাত্মক ৰূপ বজাই ৰাখিছে।
আমেৰিকাৰ নেচনেল বেদাৰ ছাৰ্ভিচৰ তৰফৰ পৰাই জনাইছে যে এই ধুমুহা সম্প্রতি কেটেগ’ৰী-৫ হেৰিকেনৰ সমান ক্ষমতাত আছে, যাৰ কেন্দ্ৰত বতাহৰ ধাৰাবাহিক গতিবেগ ঘণ্টাত প্রায় ২৯৭কিলোমিটাৰত উপনীত হৈছে।
যোৱা সপ্তাহত এক সাধাৰণ ক্রান্তীয় ধুমুহীৰূপে সৃষ্টি হোৱাৰ পাছত মাত্র ৪৮ ঘণ্টাৰ ভিতৰতে প্ৰৱল শক্তি সঞ্চয় কৰি এই ৰূপ ধাৰণ কৰে চাম্পিয়ে। প্রশান্ত মহাসাগৰ পাৰ হৈ অহাৰ সময়ত ই শনিবাৰে গুয়াম দ্বীপৰ একেবাৰে কাষৰ ফালে গুচি যায়। ইয়াৰ পাছৰ পৰা এই ধুমুহাৰ তীব্রতা সঘনাই পৰিৱৰ্তিত হৈ আছে।
কেতিয়াবা কিছু দুর্বল হয়, আকৌ শক্তি সঞ্চয় কৰি ইয়াকে লৈ তৃতীয়বাৰলৈ কেটেগ’ৰী-৫ মাত্ৰাৰ সৰ্বোচ্চ শক্তিত উপনীত হৈছে এই ধুমুহা।
সবাতোকৈ বেছি প্ৰভাৱ পৰাৰ আশংকাই দেখা দিছে টাইৱানত। অহা শুকুৰবাৰ আৰু শনিবাৰে ইয়াত চৰম বিপৰ্যয়ৰ পূর্বাভাস দি ইতিমধ্যে স্থল আৰু সমুদ্রত সতৰ্কতা জাৰি কৰিছে দেশখনৰ বতৰ বিভাগে।
পূব উপকূলৰ ইয়ান কাউণ্টিৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত অৱস্থান কৰিছে চাম্পিয়ে। তাৰ পৰা উত্তৰ-পূব টাইৱান স্পৰ্শ কৰি ই চীনৰ উপকূলৰ দিশে পাক ল’ব আৰু জাপানৰ দক্ষিণত গৈ পৰাৰ কথা আছে।
পৰিস্থিতিৰ মোকাবিলাৰ বাবে টাইৱানত শতাধিক বিমান বাতিল কৰা হৈছে। ফেৰী চলাচল বন্ধ কৰি দিয়া হৈছে আৰু পৰ্যটন কেন্দ্ৰসমূহ খালী কৰা হৈছে। চাপৰ অঞ্চলসমূহত জমা হৈ থকা পানী আঁতৰাবলৈ পাম্পৰ ব্যৱস্থা ৰখা হৈছে। টাইৱানৰ ৰাষ্ট্ৰপতি লাই চিং-টেই সাধাৰণ মানুহক সতর্ক কৰি উপকূল বা পাহাৰীয়া অঞ্চললৈ নাযাবলৈ নির্দেশ দিছে।
চীনেও ইতিমধ্যে তেওঁলোকৰ উপকূলীয় অঞ্চলসমূহত প্ৰৱল প্ৰস্তুতি আৰম্ভ কৰিছে। যদিও টাইৱানে পোনপটীয়াকৈ ধুমুহাৰ কেন্দ্ৰস্থল বা লেণ্ডফলৰ কথা মানি ল’ব বিচৰা নাই, তথাপি চীনৰ ৰাষ্ট্ৰীয় বতৰ বিভাগে দাবী কৰিছে যে শনিবাৰে এই টাইফুন টাইৱানৰ পূব উপকূলত আছাৰ খাই পৰিব পাৰে আৰু পৰৱৰ্তী সময়ত তীব্র ক্রান্তীয় ধুমুহাৰূপে চীনৰ ফুজিয়ান প্রদেশত দ্বিতীয়বাৰ আছাৰ খাই পৰিব।
পূৱ চীনৰ ঝেজিয়াং প্রদেশত বিপদসংকুল অঞ্চলসমূহৰ পৰা বাসিন্দাসকলক আঁতৰাই নিয়াৰ পৰিকল্পনা সাজু কৰি ৰাখিছে। ইপিনে, ফিলিপাইন্সত এই ধুমুহাক ‘ছুপাৰ টাইফুন ৰোজাল’ নামেৰে চিহ্নিত কৰা হৈছে, যি এই বছৰত সেইখন দেশত ১৮সংখ্যক ঘূর্ণী বতাহ।
ফিলিপাইন্সৰ বতৰ বিভাগে জনাইছে যে ধুমুহাৰ কেন্দ্ৰটো উত্তৰ ফিলিপাইন্সৰ বাটানেছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ পূবত আছে। উত্তাল সমুদ্ৰৰ কাৰণে সেই অঞ্চলত ১২ মিটাৰ পর্যন্ত উচ্চ ঢৌৰ সতর্কতা জাৰি কৰা হৈছে।






























