Earthquake : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে নিশা আঠ বাজি তিনি মিনিটত (স্থানীয় সময় অনুসৰি নিশা ১০ বাজি ৩৩ মিনিটত) তিব্বত আৰু চীনৰ সংলগ্ন অঞ্চলত সাত প্ৰাবল্যৰ ভয়াৱহ ভূমিকম্প সংঘটিত হয়। এই ঘটনাত এতিয়ালৈকে ১৮জন লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। অধিকাংশ ক্ষেত্ৰতে ঘৰ খহি ধ্বংসস্তূপৰ তলত পোত গৈ লোকসকলৰ মৃত্যু হৈছে।
স্থানীয় প্ৰশাসনে জনোৱা মতে, ভয়াৱহ ভূমিকম্পত কেবাশ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।যোৱা দিনাই চীনৰ আৰ্থকুৱেক নেটৱৰ্ক চেণ্টাৰে জনাইছিল যে ভূমিকম্পৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ ১০ কিলোমিটাৰ গভীৰতাত আছিল।
আনহাতে, আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা (ইউএছজিএছ)ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নাগকুৰ পৰা প্ৰায় ১৯০ কিলোমিটাৰ (১২০ মাইল) উত্তৰ-পূবৰ পাৰ্বত্য অঞ্চলত। এই স্থান তিব্বতৰ ৰাজধানী লাছাৰ পৰা ৩৯০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত।
চীনৰ এটা টেলিভিছন চেনেল আৰু স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, পাৰ্বত্য অঞ্চলত ভূমিকম্পৰ উৎপত্তিস্থলৰ কাষৰীয়া এলেকাত মুঠ ৩৩৯টা ঘৰ সম্পূৰ্ণৰূপে খহি পৰিছে। বহু ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই প্ৰাকৃতিক দুৰ্যোগত ৪৬জন লোক আহত হৈছে।
তেওঁলোকৰ ভিতৰত ১১জনৰ অৱস্থা সংকটজনক। উদ্ধাৰ অভিযানত ৩০০জন আৰক্ষী কৰ্মী, উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাসকলে অংশ লৈছে।
সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কম্পন আৰম্ভ হোৱাৰ লগে লগে চহৰখনৰ এখন ছুপাৰ মাৰ্কেটৰ কাষৰীয়া ৰেষ্টুৰেণ্টৰ পৰা বহু লোক দৌৰি বাহিৰলৈ ওলাই আহে। ইয়াৰ পিছতে অট্টালিকাটোৰ এটা অংশ খহিবলৈ ধৰে।
২০২৫ চনৰ জানুৱাৰী মাহত তিব্বতৰ গ্ৰাম্য অঞ্চল টিংৰি প্ৰদেশত হোৱা ভূমিকম্পত কমেও ১২৬জন লোকৰ মৃত্যু হৈছিল। উল্লেখ্য যে নেপাল-চীন সীমান্তৱৰ্তী পাৰ্বত্য অঞ্চলত ভয়াৱহ বান আৰু ভূমিস্খলনৰ প্ৰায় এমাহ পিছতে এই ভূমিকম্প সংঘটিত হৈছে।
পূৰ্বৰ সেই ভয়াৱহ দুৰ্যোগত ১,৪০০জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল। হেজাৰ হেজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মন্তব্য কৰিছিল যে সন্ধানহীন লোকসকলক হয়তো আৰু কেতিয়াও বিচাৰি পোৱা নাযাব।
আগষ্ট মাহৰ শেষৰ ফালে নেপাল আৰু চীনৰ স্বায়ত্তশাসিত তিব্বত সীমান্তৱৰ্তী অঞ্চলৰ ওচৰত এটা হিমবাহ খহি পৰাৰ ঘটনা সংঘটিত হৈছিল। বিজ্ঞানীসকলৰ ধাৰণা, ইয়াৰ ফলতেই ভূমিস্খলন আৰু আকস্মিক ভয়াৱহ বানৰ সৃষ্টি হৈছিল। ফলত নেপালৰ কিছুমান নদীৰ পাৰৰ উপত্যকা বানত উটি গৈছিল। এই দুৰ্যোগতে ১,৪০০জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল। অসংখ্য স্থানীয় বাসিন্দা আৰু পৰ্যটক এতিয়াও সন্ধানহীন হৈ আছে।
নতুনকৈ সংঘটিত হোৱা বৃহৎ ভূমিকম্পক লৈ বিজ্ঞানীসকল উদ্বিগ্ন হৈ পৰিছে। পুনৰ হিমবাহ খহি পৰি আন এক ভয়াৱহ বিপৰ্যয়ৰ সৃষ্টি নহয়তো—এতিয়া সেই আশংকাই দেখা দিছে।






























