দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ এল নিনোৰ প্ৰভাৱত সংকটত পৰিছে দেশ তথা বিশ্ব। ইয়াৰ ফলত তেলেংগানাত তীব্ৰ জলসংকটৰ সৃষ্টি হৈছে। টেংকাৰৰ সহায়ত ধাননি পথাৰত পানী দিবলগীয়া হৈছে কৃষকসকলে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, অক্টোবৰ মাহত ৰাজ্যখনত বৰষুণৰ ঘাটি প্ৰায় ৯৫ শতাংশ। জলাধাৰসমূহৰ জলস্তৰো প্ৰায় শেষ অৱস্থাত উপনীত হৈছে। ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰি প্ৰায় দুহেজাৰ কোটি টকাৰ সাহায্য প্ৰদানৰ কথা চিন্তা কৰিছে চৰকাৰে।
এই কৃষি সংকটৰ মাজতে তেলেংগানাৰ ৰাজনীতিতো আৰম্ভ হৈছে বাকযুদ্ধ। কংগ্ৰেছ চৰকাৰৰ নীতিগত ব্যৰ্থতাক কাঠগড়াত থিয় কৰাইছে প্ৰধান বিৰোধী দলটোৱে।
হনুমাকোণ্ডা জিলাৰ হছনপৰ্থী মণ্ডলৰ অনন্তসাগৰ গাঁৱৰ কৃষক শ্যামসুন্দৰ ৰেড্ডীয়ে আঠ একৰ মাটিত ধান খেতি কৰিছিল। কিন্তু পৰ্যাপ্ত বৰষুণ আৰু জলসিঞ্চনৰ পানীৰ অভাৱত খেতিডৰা বচোৱাটো কঠিন হৈ পৰিছে। উপায়ন্তৰ হৈ তেওঁ চাৰিটা পানীৰ টেংকাৰ ভাড়াত লৈ পথাৰত পানী দিছে। একেই ছবি মঞ্চেৰিয়ল জিলাৰ নেন্নেল মণ্ডলৰ বোপ্পাৰাম গাঁৱতো।
কৃষক পল্লে নৰছায়াই পকি উঠা ধাননি বচোৱাৰ শেষ চেষ্টা হিচাপে পানীৰ টেংকাৰ ভাড়াত ল’বলৈ বাধ্য হৈছে। তেওঁৰ আক্ষেপ, ‘‘লাভ হওক বা নহওক, চকুৰ সন্মুখতে পকা খেতিডৰা নষ্ট হ’বলৈতো দিব নোৱাৰোঁ।’’ কৃষকসকলৰ অভিযোগ, সময়মতে বিদ্যুৎ যোগান আৰু জলসিঞ্চনৰ পানীৰ অভাৱত গ্ৰাম্য অৰ্থনীতি এতিয়া চৰম বিশৃংখলতাৰ সন্মুখীন হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) তথ্য অনুসৰি, যোৱা ১ৰ পৰা ২১ অক্টোবৰলৈ তেলেংগানাত মাত্ৰ ৩.৫ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে। স্বাভাৱিক ৭৬ মিলিমিটাৰ বৰষুণৰ তুলনাত এই পৰিমাণ প্ৰায় ৯৫ শতাংশ কম। আনকি ৰাজ্যখনৰ ১২খন জিলাত এই সময়ছোৱাত এটোপাল বৰষুণো হোৱা নাই। ইয়াৰ পূৰ্বে দক্ষিণ-পশ্চিম মৌচুমী বায়ু প্ৰত্যাৱৰ্তনৰ সময়তো ১৭ শতাংশ বৰষুণৰ ঘাটি আছিল। কেৱল সেয়াই নহয়, জলসিঞ্চন বিভাগৰ তথ্য অনুসৰি, কৃষ্ণা আৰু গোদাবৰী অৱবাহিকাৰ জলাধাৰসমূহত যোৱা বছৰৰ তুলনাত পানীৰ সঞ্চয় প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে। ৰাজ্য চৰকাৰে এতিয়ালৈকে ৩১৫টা মণ্ডলক খৰাংপ্ৰৱণ হিচাপে চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত ১০১টা মণ্ডল অতি গুৰুতৰভাৱে আৰু ২১৪টা মণ্ডল মধ্যমীয়া পৰ্যায়ত ক্ষতিগ্ৰস্ত হৈছে। বিপৰ্যস্ত কৃষকসকলক সহায় কৰিবলৈ চৰকাৰে ১,৯৮৬.৮৯ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ দিছে।
ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে বিদ্যুৎ সংকটো। জলসিঞ্চন আৰু অন্যান্য প্ৰয়োজনত ৰাজ্যখনত বিদ্যুতৰ ব্যাপক চাহিদাৰ সৃষ্টি হৈছে। যোৱা ৯ ছেপ্টেম্বৰত তেলেংগানাত সৰ্বাধিক ১৯,৫৪৩ মেগাৱাট বিদ্যুতৰ চাহিদা ৰেকৰ্ড কৰা হয়, যিটো যোৱা বছৰৰ তুলনাত প্ৰায় ২৩ শতাংশ অধিক। এনে পৰিস্থিতিত জলসিঞ্চন আৰু বিদ্যুৎ যোগানক লৈ কৃষকসকলৰ ক্ষোভ ক্ৰমাৎ বৃদ্ধি পাইছে।
কৃষকসকলৰ এই দুৰ্দশা আৰু খৰাং পৰিস্থিতিক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ বৃদ্ধি পাবলৈও বেছি সময় নালাগিল। ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) কাৰ্যকৰী সভাপতি কে টি ৰাম ৰাৱে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে। তেওঁৰ অভিযোগ, এল নিনো সম্পৰ্কীয় পূৰ্বাভাস থকাৰ পাছতো গোদাবৰী আৰু কৃষ্ণাৰ পানী সঠিকভাৱে ব্যৱহাৰ কৰা আৰু লিফ্ট ইৰিগেচন প্ৰকল্পসমূহ সচল ৰখাৰ ক্ষেত্ৰত ৰেৱন্ত ৰেড্ডী চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। চৰকাৰৰ ব্যৱস্থাপনাৰ এই অভাৱকেই কৃষকসকলৰ বৰ্তমানৰ দুৰৱস্থাৰ বাবে দায়ী কৰিছে তেওঁ।
এফালে পানীৰ অভাৱ, আনফালে খেতিৰ বতৰত আকাশলংঘী ব্যয়—সকলো মিলি তেলেংগানাৰ কৃষি আৰু গ্ৰাম্য জনজীৱন এতিয়া গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে।






























